নতুন দিল্লী
আজি শাওণ মাহৰ অন্তিমটো সোমবাৰ। পশ্চিমবংগৰ বীৰভূমৰ তাৰাপীঠত তীৰ্থযাত্ৰীসকলৰ ভিৰ হৈছিল। মন্দিৰৰ পৰা নাতি দূৰত থকা এখন হোটেলত আশ্ৰয় লৈছিল কেইবাজনো তীৰ্থযাত্ৰীয়ে। সেই হোটেলতে ভয়ংকৰ অগ্নিকাণ্ডত ৭ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয়।
অগ্নিকাণ্ডত আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি ৰামপুৰহাট চৰকাৰী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হয়। এই ভয়ংকৰ ঘটনাই সোমবাৰে পুৱাই সমগ্ৰ তৰাপীঠত আতংক বিয়পাই দিয়ে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে সোমবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত তাৰাপীঠ আৰক্ষী থানাৰ সমীপৰ এখন হোটেলৰ তলৰ মহলাত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। সেই সময়ত হোটেলখনৰ অধিকাংশ বাসিন্দা গভীৰ টোপনিত আছিল। ফলত জুই আৰু ধোঁৱা দ্ৰুতগতিত বিয়পি পৰাত হোটেলখনৰ ভিতৰত আতংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।
স্থানীয় ৰাইজে হোটেলখনৰ পৰা ওলাই অহা জুই আৰু ধোঁৱা দেখি প্ৰথমে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। খবৰ পাই অগ্নিনিৰ্বাপক বাহিনীয়ে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। হোটেলখনৰ ভিতৰত আবদ্ধ হৈ থকা বহু লোকক যুদ্ধসদৃশ গতিৰে উলিয়াই অনাৰ কাম আৰম্ভ কৰে উদ্ধাৰকাৰীয়ে।
হোটেলখনৰ বিভিন্ন স্থানত তালাচী চলোৱাৰ অন্তত উদ্ধাৰকাৰী দলৰ সদস্যসকলে জ্বলি যোৱা অৱস্থাত ৭জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰামপুৰহাট চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে। অগ্নিকাণ্ডত গুৰুতৰভাৱে জ্বলি যোৱা আন কেইবাজনো লোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কিছুমানৰ শাৰীৰিক অৱস্থা সংকটজনক। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰাৰম্ভিক ধাৰণা হ’ল হয়তো শ্বৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাত হৈছে। অৱশ্যে এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ আৰু ইমান সোনকালে হোটেলখনৰ আন অংশলৈ কেনেকৈ বিয়পি পৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।