বিহাৰৰ অশোক ধাম মন্দিৰত পদপিষ্ট হৈ ৭ গৰাকী ভক্তৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 Months ago
বিহাৰৰ অশোক ধাম মন্দিৰত পদপিষ্ট হৈ ৭ গৰাকী ভক্তৰ মৃত্যু
বিহাৰৰ অশোক ধাম মন্দিৰত পদপিষ্ট হৈ ৭ গৰাকী ভক্তৰ মৃত্যু
 
নতুন দিল্লী
 
আজি ৰাতিপুৱাই বিহাৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বিহাৰৰ লখীসৰাইত অৱস্থিত অশোক ধাম মন্দিৰত পৱিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰে পুৱা এক শোকাৱহ ঘটনা সংঘটিত হৈছে। এই অনাকাংক্ষিত ঘটনাত অতি কমেও ৭ গৰাকী ভক্তৰ পদপিষ্ট হৈ মৃত্যু হোৱাৰ লগতে ১২ গৰাকীতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছে।
 
বিহাৰৰ লখীসৰাই জিলাৰ অশোক ধাম মন্দিৰ প্ৰাংগনত সোমবাৰে পুৱা প্ৰায় ৬:৩০ ৰ পৰা ৬:৪৫ বজাৰ ভিতৰত এই দুৰ্ঘটনাটো ঘটে। পৱিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ উপলক্ষে হৰ-গৌৰী পূজা আৰু জলৰ্পণৰ বাবে মন্দিৰত প্ৰায় ৫০,০০০ শ্ৰদ্ধালুৰ সমাগম ঘটিছিল। পুৱাৰ ভাগত ওচৰৰ ৰেলৱে ষ্টেচনত দুখন ট্ৰেইন উপস্থিত হোৱাৰ পিছত হঠাৎ সমাগম অভাৱনীয়ভাৱে বৃদ্ধি পায়।
 
প্ৰাথমিক খবৰ অনুসৰি, ৰাস্তাত এডাল বিদ্যুৎ খুঁটা ভাঙি পৰাৰ পিছত কাৰেণ্ট প্ৰৱাহিত হোৱাৰ উৰাবাতৰি বিয়পি পৰে, যাৰ ফলত ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হয়। আনহাতে, ভিৰৰ হেঁচাত এফালে থকা বেৰিকেড ভাঙি পৰে আৰু মানুহ ইজনে সিজনৰ ওপৰত বাগৰি পৰে।
 
উল্লেখযোগ্য যে, নিহত আৰু আহতসকলৰ সৰহসংখ্যকেই মহিলা। আহতসকলক লগে লগে লখীসৰাই সদৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসন, আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু চিকিৎসা সেৱাত ব্ৰতী হয়।


শেহতীয়া খবৰ