মহাৰাষ্ট্ৰৰ FDAৰ কঠোৰ পদক্ষেপ: অভিনেতাৰ লগতে ধঁপাত কোম্পানীক কাৰণ দৰ্শোৱাৰ জাননী

Story by  atv | Posted by  [email protected] • 42 m ago
 অভিনেতাৰ লগতে ধঁপাত কোম্পানীক কাৰণ দৰ্শোৱাৰ জাননী
অভিনেতাৰ লগতে ধঁপাত কোম্পানীক কাৰণ দৰ্শোৱাৰ জাননী
 
নতুন দিল্লী
 
ধঁপাতজাত সামগ্ৰীৰ বিজ্ঞাপনক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বলিউডৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা আৰু ধঁপাত কোম্পানী। মহাৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসন (FDA)-এ ধঁপাতজাত সামগ্ৰীৰ সৈতে জড়িত এক বিজ্ঞাপনক লৈ অভিনেতা শ্বাহৰুখ খান, অজয় দেৱগন, টাইগাৰ শ্ৰফৰ লগতে সংশ্লিষ্ট ধঁপাত কোম্পানীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।
 
জানিব পৰা মতে, সংশ্লিষ্ট বিজ্ঞাপনটোত ধঁপাতজাত সামগ্ৰীৰ প্ৰচাৰ পৰোক্ষভাৱে কৰা হৈছে বুলি উত্থাপন হৈছে অভিযোগ। যদিও বিজ্ঞাপনটোত ‘পান মছলা’ বা ‘এলাচি’ৰ নাম ব্যৱহাৰ কৰা হৈছিল, অভিযোগ অনুসৰি ইয়াৰ জৰিয়তে ধঁপাতজাত সামগ্ৰীৰ ব্ৰেণ্ড প্ৰচাৰ কৰা হৈছিল। এই বিষয়টোকে গুৰুত্বসহকাৰে লৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে FDA-এ।
 
FDA-ৰ মতে, ধঁপাত নিয়ন্ত্ৰণ সম্পৰ্কীয় আইন আৰু বিজ্ঞাপন সম্পৰ্কীয় নিৰ্দেশনা ভংগ হৈছে নেকি, সেয়া অতি শীঘ্ৰেই আৰম্ভ হ'ব পৰীক্ষা। সেই উদ্দেশ্যে সংশ্লিষ্ট অভিনেতাসকল আৰু কোম্পানীটোক স্পষ্টীকৰণ দিবলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে।
 
জনস্বাস্থ্য বিশেষজ্ঞসকলে বহুদিন ধৰি অভিযোগ কৰি আহিছে যে জনপ্ৰিয় তাৰকাসকলৰ উপস্থিতিত প্ৰচাৰিত এনে বিজ্ঞাপনে বিশেষকৈ যুৱ প্ৰজন্মৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। আইন অনুসৰি ধঁপাতজাত সামগ্ৰীৰ প্ৰত্যক্ষ বিজ্ঞাপন নিষিদ্ধ হ’লেও ‘ছাৰোগেট এডভাৰ্টাইজিং’ বা পৰোক্ষ বিজ্ঞাপনৰ জৰিয়তে বহু কোম্পানীয়ে ব্ৰেণ্ড প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে বহু দিন ধৰি।
 
এই ঘটনাই পুনৰ এবাৰ চেলিব্ৰিটিৰ সামাজিক দায়বদ্ধতা আৰু ধঁপাতজাত সামগ্ৰীৰ পৰোক্ষ বিজ্ঞাপনক লৈ দেশজুৰি বিতৰ্ক তীব্ৰ কৰি তুলিছে। FDA-এ জাননীৰ উত্তৰ লাভ কৰাৰ পিছত পৰৱৰ্তী সময়ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে বিশেষ সূত্ৰই।