অনলাইনযোগে ১.৫ কোটি সেৱা আগবঢ়াইছে অসমৰ 'সেৱা সেতু'ৱে

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
অসম চৰকাৰে নিজৰ মুখ্য ডিজিটেল শাসন ব্যৱস্থা 'সেৱা সেতু'ৰ সফলতা দাঙি ধৰি জনাইছে যে, এই মঞ্চৰ জৰিয়তে এতিয়ালৈকে ৰাজ্যবাসীক ১.৫ কোটিতকৈও অধিক চৰকাৰী সেৱা অনলাইন মাধ্যমত প্ৰদান কৰা হৈছে। ইয়াৰ ফলত সাধাৰণ নাগৰিকৰ দুৱাৰমুখলৈ চৰকাৰী সেৱা সহজে উপলব্ধ হোৱাৰ লগতে জীৱন-যাপন অধিক সুবিধাজনক হৈ উঠিছে।
 
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আধুনিক প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ জৰিয়তে ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ হাতৰ মুঠিত শাসন ব্যৱস্থা কঢ়িয়াই নিয়াটোৱে চৰকাৰৰ অন্যতম অংগীকাৰ।
 
চৰকাৰৰ তথ্য অনুসৰি, বৰ্তমান 'সেৱা সেতু'ৰ জৰিয়তে ৪৭টা বিভাগ আৰু ষষ্ঠ অনুসূচীভুক্ত তিনিখন স্বায়ত্তশাসিত পৰিষদৰ ৮০০ৰো অধিক চৰকাৰী সেৱা অনলাইনভাৱে লাভ কৰিব পাৰি।  
 
এই মঞ্চত আবেদন নিষ্পত্তিৰ হাৰ ৯০ শতাংশতকৈ অধিক। একে সময়তে ৯৪ হাজাৰতকৈও অধিক জন অভিযোগ নিষ্পত্তি কৰা হৈছে, য'ত অভিযোগ নিষ্পত্তিৰ হাৰ ৮৬ শতাংশ বুলি চৰকাৰে প্ৰকাশ কৰিছে। 
 
ইয়াৰ উপৰি, 'সেৱা সেতু' সম্পূৰ্ণৰূপে ডিজিল'কাৰ 'DigiLocker'ৰ সৈতে সংযুক্ত। লগতে, উমাং মোবাইল এপ্লিকেশ্যনৰ জৰিয়তেও এই সেৱাসমূহ লাভ কৰিব পৰা যায়। ফলত ৰাজ্যৰ যিকোনো প্ৰান্তৰ পৰা নাগৰিকে সহজেই ডিজিটেল মাধ্যমত চৰকাৰী সেৱা লাভ কৰাৰ সুবিধা পাইছে।
 
চৰকাৰে জনোৱা মতে, ডিজিটেল অব ইণ্ডিয়া অভিযানৰ অংশ হিচাপে ‘সেৱা সেতু’ক অসমৰ ডিজিটেল ৰূপান্তৰ আৰু নাগৰিক-কেন্দ্ৰিক শাসন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ ভিত্তি হিচাপে উপস্থাপন কৰা হৈছে।