২৬ মার্চত অসমত উপস্থিত হব দেশৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
ৰাজীৱ কুমাৰ
ৰাজীৱ কুমাৰ
 
গুৱাহাটী
 
অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোৰ পর্যালোচনাৰ বাবে অহা ২৬ মার্চত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যখনলৈ আহিব দেশৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ।
 
দুই সতীর্থ নির্বাচনী আয়ুক্ত অৰুণ গোৱেল আৰু অনুপ পাণ্ডেসহ অসমত উপস্থিত হৈ নির্বাচন আয়ুক্তগৰাকীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ পৰ্বৰ কাম-কাজ আৰম্ভ কৰাৰ পূৰ্বে ৰাজ্যখনৰ বাস্তৱ পৰিস্থিতি আৰু জনগণৰ আশা- আকাংক্ষাৰ বুজ ল'ব। সেইমৰ্মে নির্বাচন আয়োগৰ দলটোৱে ৰাজনৈতিক দলসমূহৰ লগতে জাতীয় সংগঠনসমূহৰ সৈতেও মতামত বিনিময় কৰিব।
 
উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম হাতত লোৱাৰ পূৰ্বে ৰাজ্য চৰকাৰে যোৱা ডিচেম্বৰ মাহত এক কেবিনেট বৈঠকযোগে নবগঠিত কেইবাখনো জিলা ভংগ কৰা আৰু একাংশ গাঁও নির্দিষ্ট জিলাৰ পৰা কৰ্তন কৰি বেলেগ জিলাত সংলগ্ন কৰাক লৈ ৰাইজৰ মাজত ক্ষোভ- অসন্তুষ্টি আছে। নির্বাচন আয়োগৰ দলটোৱে চৰকাৰৰ সেই সিদ্ধান্ত তথা ইয়াৰ প্ৰতিক্ৰিয়াৰো বুজ ল'ব বুলিও জনা গৈছে।