ন্যায়াধীশ বি আৰ গাভাইক মহাৰাষ্ট্ৰ আৰু গোৱাৰ বাৰ কাউন্সিলে সম্বৰ্ধনা জনাইছে, দেওবাৰে ।
মুম্বাই
ভাৰতৰ নৱনিযুক্ত মুখ্য ন্যায়াধীশ বি আৰ গভাইয়ে দেওবাৰে মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্ৰট’ক'ল ত্ৰুটিৰ সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে, ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান বা চহৰখনৰ আৰক্ষী আয়ুক্তৰ দৰে মুখ্য ৰাজ্যিক বিষয়া সকল মুম্বাইত তেওঁৰ আগমনত তেওঁক স্বাগতম জনাবলৈ উপস্থিত নাছিল।
মহাৰাষ্ট্ৰ আৰু গোৱাৰ বাৰ কাউন্সিলৰ দ্বাৰা তেওঁৰ সন্মানত আয়োজিত এক সংবর্ধনা অনুষ্ঠানত ভাষণ দি গভাইয়ে গণতন্ত্ৰৰ তিনি স্তম্ভ -- ন্যায়পালিকাৰ, বিধায়িনী আৰু কাৰ্যবাহী --ৰ মাজত পাৰস্পৰিক সন্মানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
"যেতিয়া মহাৰাষ্ট্ৰৰ এজন ব্যক্তি ভাৰতৰ মুখ্য ন্যায়াধীশ হয় আৰু প্ৰথমবাৰৰ বাবে মহাৰাষ্ট্ৰলৈ আহে, তেতিয়া যদি মহাৰাষ্ট্ৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান বা মুম্বাই আৰক্ষী আয়ুক্তই উপস্থিত থকাটো উপযুক্ত বুলি অনুভৱ নকৰে, তেন্তে তেওঁলোকে সেই বিষয়ে চিন্তা কৰাটো প্ৰয়োজন," মুখ্য ন্যায়াধীশগৰাকীয়ে কয়।
তদুপৰি গাভাইয়ে এইটোও আঙুলিয়াই দিয়ে যে প্ৰট’ক'ল কেৱল আনুষ্ঠানিকতা নহয়, বৰঞ্চ সাংবিধানিক কৰ্তৃপক্ষই ইজনে সিজনক যি সন্মান প্ৰদান কৰাৰ প্ৰতীক। "প্ৰট’ক'ল নতুন কথা নহয় -- ই হৈছে এটা সংবিধানিক সংস্থাই আন এটা সংস্থাক দিয়া সন্মানৰ প্ৰশ্ন," গভাইয়ে মন্তব্য কৰে।
গাভাইয়ে কয় যে তেওঁ এনে সৰু সৰু কথাবোৰত সোমাব নিবিচাৰে, কিন্তু তেওঁ এইটো উল্লেখ কৰা প্ৰয়োজনীয় বুলি অনুভৱ কৰিলে যাতে মানুহে এই কথা জানে। "যদি মোৰ ঠাইত আন কোনোবা থাকিলহেঁতেন, তেনেহলে সংবিধানৰ অনুচ্ছেদ ১৪২ৰ ব্যৱস্থা বিবেচনা কৰা হ'লহেঁতেন," গভাইয়ে ধেমালিতে কয়।
ভাৰতীয় সংবিধানৰ ১৪২ অনুচ্ছেদত উচ্চতম ন্যায়ালয়ৰ সন্মুখত থকা গোচৰসমূহত সম্পূৰ্ণ ন্যায় প্ৰদানৰ বাবে প্ৰয়োজনীয় যিকোনো আদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও ব্যক্তিৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিবলৈ আদালতক কৰ্তৃত্ব প্ৰদান কৰে।
যোৱা মাহত দেশৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব লোৱা বি আৰ গাভাই মাত্ৰ দ্বিতীয়জন দলিত যিয়ে এই শীৰ্ষ ন্যায়িক পদত অধিষ্ঠিত হৈছে।