বাংলাদেশৰ নিৰ্বাচিত সামগ্ৰীৰ বাবে নিষিদ্ধ হ’ল ভাৰতীয় বন্দৰ

Story by  atv | Posted by  [email protected] • 19 h ago
বাংলাদেশৰ নিৰ্বাচিত সামগ্ৰীৰ বাবে নিষিদ্ধ হ’ল ভাৰতীয় বন্দৰ
বাংলাদেশৰ নিৰ্বাচিত সামগ্ৰীৰ বাবে নিষিদ্ধ হ’ল ভাৰতীয় বন্দৰ
 
নতুন দিল্লী
 
বাংলাদেশক উচিত শিক্ষা দিয়াৰ বাবে ভাৰতে লৈছে এক মাষ্টাৰষ্ট্ৰোক। শনিবাৰে ভাৰত চৰকাৰে বাংলাদেশৰ পৰা ৰেডিমেড গাৰমেণ্টছ আৰু প্ৰচেছড খাদ্য সামগ্ৰীৰ দৰে কিছুমান সামগ্ৰী আমদানি কৰাত ‘বন্দৰ নিষেধাজ্ঞা’ আৰোপ কৰে। ভাৰত চৰকাৰৰ বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এক অধিসূচনাযোগে এই তথ্য সদৰী কৰে।
 
অৱশ্যে, ভাৰতৰ মাজেৰে পৰিবহণ কৰি নেপাল আৰু ভূটানলৈ যোৱা বাংলাদেশী সামগ্ৰীৰ ক্ষেত্ৰত এই বন্দৰ নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব বুলিও অধিসূচনাত লগতে কোৱা হৈছে।
 
ভাৰত চৰকাৰৰ এই জাননীযোগে উল্লেখ কৰা হৈছে যে বাংলাদেশৰ পৰা ৰেডিমেড গাৰ্মেণ্টছ কোনো স্থল বন্দৰৰ পৰা আমদানি কৰিব নোৱাৰিব। কলকাতা সাগৰীয় বন্দৰৰ জৰিয়তেহে অনুমতি দিয়া হৈছে।
 
ফলৰ সোৱাদযুক্ত আৰু কাৰ্বনেটেড পানীয়, প্ৰছেচড ফুড প্ৰডাক্টছ (বেকড গুডছ, স্নেকছ, চিপছ আৰু কনফেকচনাৰী), কপাহজাত সামগ্ৰী, প্লাষ্টিক আৰু পিভিচিৰ সামগ্ৰী, ৰং, প্লাষ্টিচাইজাৰ আৰু গ্ৰেনুলছ আৰু কাঠৰ আচবাবৰ ক্ষেত্ৰত অধিসূচনাত কোৱা হৈছে যে প্ৰতিবেশী দেশখনৰ পৰা আগতীয়া চালানসমূহ অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ কোনো এলচিএছ (লেণ্ড কাষ্টমছ ষ্টেচন) আৰু আইচিপি (ইন্টিগ্ৰেটেড চেক পোষ্ট)ৰ জৰিয়তে প্ৰৱেশৰ অনুমতি দিয়া নহ’ব আৰু পশ্চিমবংগৰ এলচিএছ চাংৰাবান্ধা আৰু ফুলবাৰীতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।
 
অধিসূচনাযোগে এইটোও কোৱা হৈছে যে এই বন্দৰ নিষেধাজ্ঞা বাংলাদেশৰ পৰা মাছ, এলপিজি, ভোজ্য তেল, আৰু চূৰ্ণ কৰা শিলৰ আমদানিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।
 
৯ এপ্ৰিলত, ভাৰতে বাংলাদেশক মধ্যপ্ৰাচ্য, ইউৰোপ আৰু অন্যান্য বিভিন্ন দেশলৈ (নেপাল আৰু ভূটানৰ বাহিৰে) বিভিন্ন সামগ্ৰী ৰপ্তানিৰ বাবে প্ৰদান কৰা ট্ৰেন্সশ্বিপমেণ্ট সুবিধা প্ৰত্যাহাৰ কৰিছিল।
 
এই ঘোষণা বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মুহম্মদ ইউনুছৰ চীনত কৰা এক বিতৰ্কিত মন্তব্যৰ পটভূমিত কৰা হৈছিল, য’ত তেওঁ কৈছিল যে ভাৰতৰ সাতখন উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্য, যিসমূহৰ বাংলাদেশৰ সৈতে প্ৰায় ১,৬০০ কিলোমিটাৰ সীমান্ত আছে, স্থলবেষ্টিত আৰু বাংলাদেশৰ মাজেৰে নহ’লে সমুদ্ৰত উপনীত হোৱাৰ কোনো পথ নাই। এই মন্তব্য ভাৰতত ভালদৰে গ্ৰহণ কৰা হোৱা নাছিল।