চাৰমিনাৰৰ সমীপৰ গুলজাৰ হাউচত বৃহৎ অগ্নিকাণ্ড; শিশুসহ ১৬ জন লোকৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 19 h ago
চাৰমিনাৰৰ সমীপৰ গুলজাৰ হাউচত বৃহৎ অগ্নিকাণ্ড
চাৰমিনাৰৰ সমীপৰ গুলজাৰ হাউচত বৃহৎ অগ্নিকাণ্ড
 
নতুন দিল্লী
 
হায়দৰাবাদৰ চাৰমিনাৰ অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। চাৰমিনাৰৰ সমীপৰ গুলজাৰ হাউচত সংঘটিত হোৱা এই অগ্নিকাণ্ডটোত বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে ১৬ গৰাকীকৈ লোকে। নিহতসকলৰ ভিতৰত দুটা শিশু আৰু চাৰিগৰাকী মহিলা আছে।
 
জানিব পৰা মতে, গুলজাৰ হাউচৰ প্ৰথম মহলাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডটো। এই অগ্নিকাণ্ডটোৰ ফলত আহত হোৱা লোকসকলক ততাতৈয়াকৈ ওছমানিয়া, যশোদা (মলকপেট) আৰু ডি আৰ ডি অ’ এপ’ল’ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত একাংশৰ মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাতো কোনো কোনো লোকৰ মৃত্যু ঘটে।
 
শ্বৰ্ট চাৰ্কিটৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীৰ তদন্তকাৰী বিষয়াসকলে। অগ্নিনিৰ্বাপক বাহিনী, ডি আৰ এফ, জি এইচ এম চি আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰাৰ লগতে নিয়ন্ত্ৰণ কৰে জুই।
 
অগ্নিকাণ্ডটোৰ সময়ত অট্টালিকাটোত মজুত থকা একাংশ লোকক সুকলমে বাহিৰলৈ উলিয়াই অনা হয়। গুলজাৰ হাউছৰ আশে-পাশে ওলোৱা ঘন ধোঁৱাৰ বাবে একাংশ লোকে উশাহ-নিশাহত কষ্টৰ সন্মুখীন হয়৷