বিমানত চিগাৰেট : তদন্তৰ নিৰ্দেশ মন্ত্ৰীৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
বিমানত চিগাৰেট : তদন্তৰ নিৰ্দেশ মন্ত্ৰীৰ
বিমানত চিগাৰেট : তদন্তৰ নিৰ্দেশ মন্ত্ৰীৰ
নতুন দিল্লী
 
নিয়ম উলংঘা কৰি বিমানৰ ভিতৰত চিগাৰেট সেৱন কৰা এজন ব্যক্তিৰ ওপৰত তদন্তৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।
 
 
ভিডিঅ’ শ্বেয়াৰ কৰা এটা পোষ্টৰ উত্তৰত বৃহস্পতিবাৰে চিণ্ডিয়াই টুইট কৰি কয় যে ইয়াৰ তদন্ত কৰা হৈছে। এনে বিপজ্জনক আচৰণৰ প্ৰতি কোনো সহনশীলতা নাথাকিব। সূত্ৰই জনোৱা মতে, যাত্ৰীগৰাকী ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী।
 
ইফালে, সূত্ৰই দাবী কৰা মতে, এই ভিডিঅ’টো চলিত বৰ্ষৰ জানুৱাৰী মাহত ডুবাইৰ পৰা নতুন দিল্লীলৈ স্পাইচজেটৰ বিমান যাত্ৰাৰ আৰু বিমান নিৰাপত্তাৰক্ষীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে।
 
ইয়াৰ পূৰ্বে বিমানৰ ভিতৰত এজন ব্যক্তিয়ে ধূমপান কৰা ভিডিঅ’ শ্বেয়াৰ কৰিছিল উত্তৰাখণ্ডৰ এজন বিধায়ক উমেশ কুমাৰে।
 
বিমানত মেচ বা লাইটাৰ কঢ়িয়াই নিয়াটো নিষিদ্ধ। বিমানত উঠাৰ পূৰ্বে যাত্ৰীসকলে প্ৰি-বৰ্ডিং ছিকিউৰিটি চেক কৰিব লাগিব।
 
বিমানখনৰ ভিতৰত ব্যক্তিয়ে ধূমপান কৰা ভিডিঅ’টোৰ সৈতে জড়িত হৈ টুইটাৰত বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিমান নিয়ন্ত্ৰক ডি জি চি একে ধৰি কৰ্তৃপক্ষৰ পৰা ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজে। "ছাৰ এইটো এনেকুৱা নিৰ্ভীকতা আৰু সমগ্ৰ বিমান সুৰক্ষা আৰু নিয়মৰ ওপৰত উপহাস কৰা। মই নিশ্চিতভাৱে আশা কৰিছো এই যাত্ৰীজন নিষিদ্ধ হ'ব," এজন ব্যক্তিয়ে কয়।