মুখ্যমন্ত্রীয়ে উদ্ধোধন কৰিলে মহিলাৰ বাবে ক্ষুদ্ৰ ঋণ ৰেহাই আঁচনি

Story by  atv | Posted by  Munni Begum • 2 Years ago
ঋণ ৰেহাইৰ চেক প্ৰদান কৰাৰ মুহুৰ্ত
ঋণ ৰেহাইৰ চেক প্ৰদান কৰাৰ মুহুৰ্ত
গুৱাহাটী
 
মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেজপুৰৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত 'অসম মাইক্ৰ'ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি-২০২১' (ক্ষিপ্ত আদায়কাৰী শিতান) শীর্ষক  আঁচনিখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। 
 
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিভিন্ন ক্ষুদ্র বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰা ৫ গৰাকী মহিলাক প্রতীকী হিচাপে ঋণ ৰেহাইৰ চেক প্ৰদান কৰি এই আঁচনিখনৰ শুভাৰম্ভ কৰে। ৰাজ্যখনৰ মুঠ ২৪ লাখ ঋণগ্রস্ত মহিলা উপকৃত হ'বলগীয়া এই আঁচনিৰ অধীনত শোণিতপুৰ জিলাৰ ৫৯,৪৬৮ গৰাকী মহিলাৰ প্ৰতিগৰাকীয়ে ১৬ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকা পর্যন্ত ঋণ ৰেহাইৰ চেক লাভ কৰিব।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী ডঃ শৰ্মাই কয়, "ৰাজ্যৰ দুখীয়া ঋণগ্রস্ত মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি নিৰ্বাচনৰ সময়ত প্ৰদান কৰা প্ৰতিশ্ৰুতি চৰকাৰ গঠনৰ ৬ মাহৰ পিছতে আখৰে আখৰে পালন কৰিবলৈ সুযোগ পোৱাটো চৰকাৰ এখনৰ বাবে অতিশয় গৌৰৱৰ কথা।" 
মুখ্যমন্ত্ৰীয়ে আজি শুভাৰম্ভ কৰা আঁচনিখনৰ প্ৰথম পৰ্যায়ত নিয়মীয়াভাৱে ঋণ পৰিশোধ কৰি থকা প্রায় ১১ লাখ মহিলালৈ ২৫ হাজাৰ টকা পর্যন্ত উদগণি আগবঢ়োৱা হ'ব বুলি মন্তব্য কৰি তেওঁ মহিলা সকলক তেওঁলোকৰ বাকী থকা ঋণৰ কিস্তিসমূহো নিয়মীয়াভাৱে পৰিশোধ কৰি যাবলৈ আহ্বান জনায়  আৰু এই আঁচনিৰ অধীনত লাভ কৰা উদ্‌গণিৰ ধনৰাশি ঋণ পৰিশোধৰ বাবে অন্যান্য কোনো ধৰণৰ কামত ব্যয় নকৰিবলৈও তেওঁ হিতাধিকাৰীসকলৰ প্রতি আহ্বান জনায়। 
 
উল্লেখযোগ্য যে, এই আঁচনিৰ পৰৱৰ্তী পর্যায়ত ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানৰ ঋণ পৰিশোধ কৰিবলৈ অসমৰ্থ হোৱা মহিলাসকলৰ ঋণ ৰেহাইৰ বাবে তেওঁলোকৰ বকেয়া ধনৰাশি পোনপটীয়াভাৱে ঋণ লোৱা প্ৰতিষ্ঠানটোক প্ৰদান কৰা হ'ব। আঁচনিখনৰ অধীনত সামগ্ৰিকভাৱে ৰাজ্যৰ ২৪ লাখ মহিলা উপকৃত হ'ব। 
 
ঐতিহ্যমণ্ডিত তেজপুৰ চহৰক ৰাজখনৰ ভিতৰতে এখন জাকত জিলিকা চহৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে বিভিন্ন পৰিকল্পনা গ্রহণ কৰিছে। তেজপুৰত এটা অত্যাধুনিক কনভেন চেণ্টাৰ নিৰ্মাণৰ কাম চলি আছে আৰু এই কেন্দ্ৰতে ৰাজ্যৰ উপায়ুক্ত সকলৰ পৰৱৰ্তী সন্মিলন আয়োজন কৰা হ'ব। আনহাতে তেজপুৰ চহৰৰ পৰা মিছন চাৰিআলিলৈকে থকা বৰ্তমানে অব্যহৃত ৰেল লাইনটো আতঁৰাই চহৰখনৰ পথ আহল-বহল কৰাৰ বাবেও প্রচেষ্টা  হাতত লোৱা হ'ব। ৰাজ্যৰ সাংস্কৃতিক জগতৰ তিনি উজ্জ্বল জ্যোতিষ্ক ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু নটসূর্য ফণী শৰ্মাৰ সমাধিস্থলীক আটকধুনীয়াকৈ সজাই তোলা হ'ব  লগতে মিছা চাৰিআলিত প্রস্তাৱিত উৰণ সেতুৰ কামো অতি সোনকালে আৰম্ভ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।