দূৰদৰ্শনৰ ঐতিহাসিক ল’গ’ৰ ৰং গেৰুৱা ৰঙলৈ সলনি

Story by  atv | Posted by  Munni Begum • 13 d ago
দূৰদৰ্শনৰ ঐতিহাসিক ল’গ’ৰ ৰং সলনি
দূৰদৰ্শনৰ ঐতিহাসিক ল’গ’ৰ ৰং সলনি
 
নতুন দিল্লী 
 
ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনে নিজৰ ঐতিহাসিক ল’গ’ৰ ৰং ৰঙাৰ পৰা গেৰুৱা ৰঙলৈ সলনি কৰিছে। ডিডি নিউজৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে এই ঘোষণা কৰা হৈছে।  
 
ডিডি নিউজৰ অফিচিয়েল এক্স হেণ্ডেলৰ এক পোষ্টত উল্লেখ কৰিছে যে, “আমাৰ মূল্যবোধ একেই আছে যদিও এতিয়া আমি নতুন অৱতাৰত উপলব্ধ হৈছো।” 
 
পোষ্টত লগতে উল্লেখ কৰিছে, "আগতে কেতিয়াও নোপোৱা বাতৰি যাত্ৰাৰ বাবে সাজু হওক সম্পূৰ্ণ নতুন ডি ডি নিউজৰ অভিজ্ঞতা লাভ কৰক।"  
 
এই পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে ৰাজ্যসভাৰ সদস্য তথা প্ৰসাৰ ভাৰতীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জৱাহৰ ছিৰকাৰে। তেওঁ কয় যে তেওঁ ৰাষ্ট্ৰীয় সম্প্ৰচাৰকটোৰ  গেৰুৱাকৰণ লক্ষ্য কৰি আহিছে।  
 
তেওঁ এক্সত কৰা এক পোষ্টত লিখিছে যে, "ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনে ঐতিহাসিক ল'গ'ক গেৰুৱা ৰঙলৈ পৰিৱৰ্তন কৰিছে! ইয়াৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে মই ইয়াৰ গেৰুৱাকৰণ প্ৰত্যক্ষ কৰিছো। এতিয়া আৰু প্ৰসাৰ ভাৰতী নহয়। ই প্ৰচাৰ ভাৰতী!"
 
২০১২ চনৰ পৰা ২০১৪ চনলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে থকা কংগ্ৰেছৰ মনীষ তেৱাৰীয়ে অভিযোগ উত্থাপন কৰে যে ল’গ’ৰ ৰং সলনি কৰাটো চৰকাৰী প্ৰতিষ্ঠানসমূহ দখল কৰাৰ বাবে চৰকাৰে কৰা এক প্ৰচেষ্টা। 
 
সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত তেৱাৰীয়ে কয় যে, "এয়া চৰকাৰৰ ফালৰ পৰা গেৰুৱাবাদ আৰু চৰকাৰী প্ৰতিষ্ঠানক ধৰি ৰখাৰ প্ৰচেষ্টা। উক্ত পদক্ষেপে ভাৰতৰ ৰাজহুৱা সম্প্ৰচাৰকৰ নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতাক স্পষ্টভাৱে ক্ষতিগ্ৰস্ত কৰিছে।" 
 
ইয়াৰ উত্তৰত বিজেপিৰ অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক উপ-সভাপতিগৰাকীয়ে কয় যে, "১৯৫৯ চনত যেতিয়া দূৰদৰ্শন মুকলি কৰা হৈছিল, তেতিয়া ইয়াৰ এটা গেৰুৱা ৰঙৰ ল'গ' আছিল। এতিয়া চৰকাৰে মূল ল'গ'টো পুনৰ প্ৰৱৰ্তন কৰাৰ লগে লগে ইয়াক লৈ কংগ্ৰেছে ক্ষোভিত হৈ পৰিছে।"
 
এক্সত তেওঁ লিখিছে যে, ‘এইটো স্পষ্টভাৱে স্পষ্ট যে তেওঁলোকে ‘ভাগৱ’ আৰু হিন্দুৰ বিৰুদ্ধে ঘৃণাক আশ্ৰয় দিয়ে।"
 
ৰাষ্ট্ৰীয় সম্প্ৰচাৰকটোৰ এই পদক্ষেপক ৰক্ষা কৰি প্ৰসাৰ ভাৰতীৰ চিইঅ’ গৌৰৱ দ্বিবেদীয়ে কয় যে নতুন ল’গ’টো এটা আকৰ্ষণীয় কমলা ৰঙৰ। এয়া হৈছে দৃশ্যগত নান্দনিকতাৰ পৰিৱৰ্তন। তেওঁ দৃঢ়তাৰে কয়, "ৰংটো কমলা, গেৰুৱা নহয়।" 
 
তেওঁ কয়, "আমি কেৱল ল'গ'টোৱেই সলনি কৰা নাই, সমগ্ৰ লুক এণ্ড ফিলটো উন্নীত কৰা হৈছে। মানুহে এই বিষয়ে অধিক পঢ়ি থকাটো ভুল আৰু দুৰ্ভাগ্যজনক। আমি যোৱা ছয়ৰ পৰা আঠ মাহ ধৰি ডিডিৰ লুক এণ্ড ফিল সলনি কৰাৰ কাম কৰি আছিলো।" 
 
ইফালে, প্ৰসাৰ ভাৰতীৰ সৈতে জড়িত সূত্ৰই জনোৱা মতে, নতুন ল’গ’টোক বিজেপিৰ সৈতে জড়িত ৰং হিচাপে সমান কৰাটো “ভুল” হব।
 
বছৰ বছৰ ধৰি দূৰদৰ্শনে নিজৰ ল’গ’ৰ ৰং নীলা, হালধীয়া আৰু ৰঙালৈ সলনি কৰি আহিছে। ল’গ’টোৰ মাজত থকা পাহি আৰু গ্ল’ব দুটা অৱশ্যে একেই আছে। 
 
দূৰদৰ্শন প্ৰথমবাৰৰ বাবে ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত ৰাজহুৱা সেৱাৰ টেলিকাষ্টিং সেৱা হিচাপে প্ৰচাৰিত হৈছিল। ১৯৬৫ চনত দিল্লীত পুৱা আৰু গধূলিৰ অনুষ্ঠানৰ দৈনিক সম্প্ৰচাৰিত ই এটা সম্প্ৰচাৰক হৈ পৰে। 
 
১৯৭৫ চনৰ ভিতৰত মুম্বাই, অমৃতসৰ আদি চহৰলৈ এই সেৱা সম্প্ৰসাৰণ কৰা হয়। ১৯৭৬ চনৰ ১ এপ্ৰিলত ই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ আহে আৰু ১৯৮২ চনত দূৰদৰ্শন ৰাষ্ট্ৰীয় সম্প্ৰচাৰক হিচাপে পৰিগণিত হয়।
 
পিছলৈ ১৯৮৪ চনত ডিডি নেটৱৰ্কে ইয়াৰ অধীনত আৰু অধিক চেনেল সংযোজন কৰে। বৰ্তমান দূৰদৰ্শনে ছটা ৰাষ্ট্ৰীয় আৰু ১৭টা আঞ্চলিক চেনেল পৰিচালনা কৰি আহিছে।