ৰাষ্ট্ৰীয় উদ্যানত এনকাউন্টাৰ, নিহত এগৰাকী চোৰাং চিকাৰী

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰাষ্ট্ৰীয় উদ্যানত এনকাউন্টাৰ
ৰাষ্ট্ৰীয় উদ্যানত এনকাউন্টাৰ
গুৱাহাটী
 
অসমৰ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। থিতাতে নিহত হয় এজন চোৰাং চিকাৰী। এই এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যানত।
 
 
উদ্যানৰ কাছমাৰী আৰু চন্দনপুৰ বন শিবিৰ মাজত বন সুৰক্ষা কৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলিয়াগুলি। নিশা প্ৰায় ২.৩০ মান বজাত হৈছিল এই গুলিয়াগুলিৰ ঘটনা। যাৰ ফলত থিতাতে নিহত হয় এজন চোৰাং চিকাৰী।
 
নিহত চিকাৰীটোৰ পৰা এখন দা আৰু কিছু খাদ্য সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনাৰ বিষয়ে খবৰ লাভৰ পাছতে ঘটনাস্থলিত উপস্থিত হৈছে বন আৰু আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়া। নিহত চিকাৰী ৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।