নতুন দিল্লী
ইৰাণত অব্যাহত থকা উত্তেজনা আৰু আক্ৰমণৰ মাজতে তাত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰীক নিৰাপদে উদ্ধাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। দেওবাৰে পুৱা ডুবাই হৈ ভাৰতত উপস্থিত হয় ৭০ জনতকৈ অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰী। ইয়াৰে অধিকাংশ ছাত্ৰ-ছাত্ৰী জম্মু-কাশ্মীৰৰ৷ তেওঁলোক ইৰাণৰ বিভিন্ন চিকিৎসা বিশ্ববিদ্যালয়ত অধ্যয়নৰত। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পাছত ভাৰতীয় উচ্চায়ুক্ত আৰু ভাৰত চৰকাৰে যৌথভাৱে ছাত্ৰ-ছাত্ৰীসকলক নিৰাপদে উদ্ধাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।
অল ইণ্ডিয়া মেডিকেল ষ্টুডেণ্টছ এছ’চিয়েশ্যনৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ডাঃ মহম্মদ মোমিন খানে উল্লেখ কৰে যে বৰ্তমান ইৰাণত প্ৰায় ১০০০ৰ পৰা ১২০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আছে, ইয়াৰে বহুতেই তেহৰাণ ইউনিভাৰ্চিটি অৱ মেডিকেল ছায়েন্সত অধ্যয়ন কৰি আছে।
ডাঃ মোমিন খানে কয় যে, ইৰাণৰ ৰাজধানী তেহৰাণত সঘনাই আক্ৰমণ আৰু মিছাইল নিক্ষেপ হৈ আহিছে। এই পৰিস্থিতিয়ে তাত বসবাস কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। যুদ্ধসদৃশ পৰিস্থিতিয়ে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত উদ্বিগ্নতা বৃদ্ধি কৰিছে।
ডাঃ মোমিন খানে উল্লেখ কৰে যে, তেহৰাণত থকা ভাৰতীয় উচ্চায়ুক্তালয়ে এই পৰিস্থিতিৰ প্ৰতি তৎকালীন সঁহাৰি জনায়। এই অঞ্চলসমূহৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয়।
তেওঁ লগতে কয় যে, চৰকাৰে তেওঁলোকক নিৰাপদ হোটেল আৰু নিৰাপদ ঘৰত ৰখাৰ ব্যৱস্থাও কৰিছিল। ডাঃ খানে উল্লেখ কৰে যে, ভাৰতীয় দূতাবাসে ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তেওঁলোকৰ সৈতে অহৰহ যোগাযোগ ৰাখিছে।
নিৰাপদ স্থানলৈ লৈ যোৱাৰ পিছত চুবুৰীয়া দেশ আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজেৰে ইৰাণৰ পৰা ওভতাই পঠিওৱা হয় ছাত্ৰ-ছাত্ৰীসকলক। ডাঃ মোমিন খানে উল্লেখ কৰে যে, ভাৰত চৰকাৰে নিৰাপদে ছাত্ৰ-ছাত্ৰীসকলক ইৰাণৰ সীমান্তলৈ লৈ যায়, তাৰ পিছত তেওঁলোকক নিজ নিজ দেশৰ কৰ্তৃপক্ষক গতাই দিয়া হয়।
১৪ মাৰ্চ শনিবাৰে আৰ্মেনিয়াৰ ইয়েৰেভানৰ জ্ভাৰ্টনটছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ছাত্ৰ-ছাত্ৰীক লৈ যোৱা ফ্লাই ডুবাইৰ বিমান FZ8124 ৰাওনা হয়। ইয়েৰেভানৰ পৰা ডুবাইলৈ স্থানীয় সময় অনুসৰি ১:২৫ বজাত ৰাওনা হয় বিমানখন। ৭০ জনতকৈ অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ লগতে আন কেইবাজনো তীৰ্থযাত্ৰীও বিমানখনত আছিল।
বিমানখন ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় বিয়লি প্ৰায় ৫ বজাত ৷ ইয়াৰ পিছতে ডুবাইৰ পৰা আন এখন সংযোগী বিমানযোগে যাত্ৰীসকলক ভাৰতলৈ স্থানান্তৰ কৰা হয়। ইয়াৰ বাবে ফ্লাই ডুবাইৰ বিমান FZ441ৰ ব্যৱহাৰ কৰা হয় আৰু দেওবাৰে পুৱা ১০ বজাত ছাত্ৰ-ছাত্ৰীসকল দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়।
ডাঃ মোমিন খানে উল্লেখ কৰে যে, ভাৰত চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক নিৰাপদে সীমান্তলৈ লৈ যোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায় আগবঢ়াইছিল। তেওঁ বুজাই দিয়ে যে, আৰ্মেনিয়াৰ পৰা ভাৰতলৈ যাবলৈ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ খৰচত টিকট বুকিং কৰিছিল। বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় ৫০,০০০ টকাত টিকট ক্ৰয় কৰাৰ বিপৰীতে আন কিছুমানে ৭০,০০০ৰ পৰা ৮০,০০০ টকা খৰচ কৰিবলগীয়া হৈছিল।
তেওঁ কয় যে, ইৰাণ আৰু চুবুৰীয়া দেশত এতিয়াও বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে। একাংশ ছাত্ৰ-ছাত্ৰী চিকিৎসালয়ত পঢ়া-শুনা আৰু প্ৰশিক্ষণৰ বাবে ততাতৈয়াকৈ উভতিব পৰা নাই, আনহাতে কিছু ছাত্ৰ-ছাত্ৰী চলি থকা পৰীক্ষাৰ বাবে তাতেই আবদ্ধ হৈ পৰিছে। তেওঁ লগতে কয় যে, আজাৰবাইজানত থকা কিছুমান ছাত্ৰ-ছাত্ৰীয়েও ভিছা আৰু ভ্ৰমণৰ সমস্যাৰ সন্মুখীন হৈছে।
আজাৰবাইজানত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ সমস্যা সমাধানৰ বাবে অল ইণ্ডিয়া মেডিকেল ষ্টুডেণ্টছ এছ’চিয়েশ্যনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক আবেদন জনাইছে। ডাঃ মোমিন খানে কয় যে সংস্থাটোৱে এই বিষয়টো বৈদেশিক মন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ আগত উত্থাপন কৰিছে। লগতে প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপদ প্ৰত্যাৱৰ্তন সম্ভৱপৰ কৰি তোলাত সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
তেওঁ উল্লেখ কৰে যে অনাগত দিনত আৰু অধিক ছাত্ৰ-ছাত্ৰীক বিভিন্ন বিমানযোগে ভাৰতলৈ অনা হ’ব। সোমবাৰে পুৱাৰ বিমানত একাংশ ছাত্ৰ-ছাত্ৰী আহিব, আনহাতে আন কিছুমানৰ বাবে মুম্বাইলৈ বিমান যাত্ৰাৰ দিন ধাৰ্য কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ভাৰত চৰকাৰ আৰু ভাৰতীয় দূতাবাসৰ প্ৰচেষ্টাত সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে অতি সোনকালে নিজৰ দেশলৈ নিৰাপদে উভতি আহিব বুলি আশা কৰা হৈছে।
ইৰাণত চলি থকা উত্তেজনাৰ মাজতে ভাৰতলৈ উভতি অহা ছাত্ৰ-ছাত্ৰীৰ বাবে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশেষ ব্যৱস্থা কৰিলে জম্মু-কাশ্মীৰ প্ৰশাসনে। বিমানবন্দৰ চৌহদত প্ৰশাসনে বিনামূলীয়া বাছৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীসকলক নিৰাপদে ঘৰলৈ লৈ যায়।
বিষয়াসকলৰ মতে, ইৰাণৰ পৰা দীৰ্ঘদিনীয়া আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ অন্তত দিল্লীত উপস্থিত হোৱা আৰু নিজ নিজ জিলাত উপস্থিত হোৱাত অসুবিধাৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিবলৈ এই ব্যৱস্থা কৰা হৈছে। অল ইণ্ডিয়া মেডিকেল ষ্টুডেণ্টছ এছ’চিয়েশ্যনৰ উপাধ্যক্ষ ডাঃ মোমিন খানে কয় যে, এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হৈছে।
তেওঁ কয় যে, দীৰ্ঘদিনীয়া আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে ঘৰলৈ যোৱাৰ বাবে চিন্তিত হৈ পৰিছিল যদিও বাছৰ ব্যৱস্থাই এই সমস্যাৰ বহুলাংশে সমাধান কৰিছে।