গুৱাহাটী
স্বদেশী-বিদেশী চিনাক্তকৰণৰ নামত বিদেশী ন্যায়াধিকৰণসমূহত সংঘটিত অনিয়ম, বিসংগতিৰ ছবিখন পুনৰ এবাৰ উচ্চ ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হৈছে। অতি আশ্চর্যজনকভাৱে বিদেশী ন্যায়াধিকৰণত ৰুজু হোৱা গোচৰত ৮৫ শতাংশ লোক ঘোষিত হৈছে ভাৰতীয় হিচাপে। কিন্তু লক্ষণীয় বিষয়টো হৈছে গোচৰত থকা সমলসমূহৰ যথোপযুক্তভাৱে বিশ্লেষণ নকৰাকৈ, কোনো কাৰণ উল্লেখ বা সিদ্ধান্তত উপনীত নোহোৱাকৈ ৮৫ শতাংশ গোচৰত স্বদেশী হিচাপে ঘোষিত হৈছে সন্দেহজনক নাগৰিকৰ মোহৰ লাগি থকা লোক।
এনে ঘটনা পোহৰলৈ অহাৰ পাচতে গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্র বিষয়টোৰ তদন্ত কৰিবলৈ অসম চৰকাৰক নির্দেশ দিছে। বিদেশী ন্যায়াধিকৰণৰ এনে নির্দেশনাক লৈ ক্ষুণ্ণ উচ্চ ন্যায়ালয়ে কোনো কাৰণ উল্লেখ নকৰাকৈ, তথ্য-সমলৰ বিশ্লেষণ নকৰাকৈ স্বদেশী হিচাপে ঘোষিত নির্দেশসমূহ (মতামত) বিভাগীয়ভাৱে পুনৰীক্ষণ কৰিবলৈ অসম চৰকাৰৰ গৃহ বিভাগৰ সচিবক নির্দেশ দিয়ে।
উল্লেখযোগ্য যে বঙাইগাঁৱৰ দুই নং বিদেশী ন্যায়াধিকৰণে অভয়াপুৰীৰ ফৰিদ আলী নামৰ এজন সন্দেহজনক লোকক 'বিদেশী' হিচাপে ঘোষণা কৰি এক নির্দেশ প্রদান কৰিছিল। কিন্তু ফৰিদ আলীয়ে বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে। এই লেখ আবেদনখনৰ শুনানিকালতে ন্যায়ালয়ে লক্ষ্য কৰে যে বহুসংখ্যক গোচৰত একাংশ লোকক বিদেশী হিচাপে ঘোষিত কৰা হৈছে। কিন্তু সংশ্লিষ্ট লোকসকলক কিয় 'বিদেশী' হিচাপে ঘোষণাৰ সিদ্ধান্ত ল'বলগা হ'ল সেয়া উল্লেখ নকৰাকৈ তেওঁলোকৰ বিৰুদ্ধে মতামত দিয়া হৈছে।
কিন্তু এনে ব্যৱস্থা মানি ল'ব নোৱাৰি বুলি উল্লেখ কৰে উচ্চ ন্যায়ালয়ে। শুনানিকালত অসম চৰকাৰৰ হৈ প্রতিনিধিত্ব কৰা অধিবক্তাই আদালতক অৱগত কৰে যে ৮৫ শতাংশ গোচৰতে সংশ্লিষ্ট লোকসকলক ভাৰতীয় হিচাপে ঘোষণা কৰা হৈছে। এনে তথ্যৰ পাচতে ন্যায়ালয়ে পুনৰ কয় যে কোনো কাৰণ উল্লেখ নকৰাকৈ যদি একাংশক বিদেশী হিচাপে ঘোষণা কৰিব পাৰে, তেন্তে অনুৰূপধৰণে বিদেশী নাগৰিককো ভুলকৈ স্বদেশী হিচাপে ঘোষণা কৰাৰ সম্ভাৱনা থাকিব পাৰে।
এইক্ষেত্ৰত বিদেশী ন্যায়াধিকৰণৰ কেইবাটাও নির্দেশনা প্রত্যক্ষ কৰি উচ্চ ন্যায়ালয়ে পর্যবেক্ষণ আগবঢ়ায় যে কোনো কাৰণ বৰ্ণনা নকৰাকৈ বা সিদ্ধান্তত উপনীত নোহোৱাকৈ বিদেশী ন্যায়াধিকৰণে ভাৰতীয় হিচাপে ঘোষণা কৰা দেখা গৈছে। আনকি কি সমলৰ আধাৰত ভাৰতীয় হিচাপে ঘোষণা কৰা হ'ল সেয়াও লিপিবদ্ধ (ৰেকর্ডিং) কৰা হোৱা নাই।
এনেদৰে ৮৫ শতাংশ গোচৰৰ ফলাফলত সংশ্লিষ্ট লোকসকল ভাৰতীয় হিচাপে ঘোষণা হৈছে। এনে প্রেক্ষাপটত উচ্চ ন্যায়ালয়ে শুনানিকালত ভাৰতীয় হিচাপে ঘোষিত নিৰ্দেশনাসমূহৰ লগতে কোনো কাৰণ উল্লেখ নকৰাকৈ প্রদান কৰা সিদ্ধান্তসমূহ অসম চৰকাৰৰ গৃহ বিভাগৰ জৰিয়তে পুনৰীক্ষণৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰে। এইক্ষেত্ৰত আইন অনুসৰি ব্যৱস্থা ল'বলৈ গৃহ বিভাগক নির্দেশ দি ন্যায়ালয়ে কয়- 'আদালতৰ নির্দেশনা অনুসৰি পৰৱৰ্তী পর্যায়ত যদি কোনো কার্যব্যৱস্থা গ্রহণ কৰা হয়, তেন্তে সেয়া ৰাজহুৱাভাৱে বা ৰাজ্যবাসীৰ জ্ঞাতাৰ্থে দাঙি ধৰা উচিত। কিয়নো অবৈধ অনুপ্রৱেশৰ বিষয়টো অসমৰ বাবে ইচ্চ্যু হৈ আছে।'