আজিৰে পৰা ভাৰতবৰ্ষত ১৯ বিধ এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক নিষিদ্ধ

Story by  atv | Posted by  [email protected] • 1 Years ago
আজিৰে পৰা ভাৰতবৰ্ষত ১৯ বিধ এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক নিষিদ্ধ
আজিৰে পৰা ভাৰতবৰ্ষত ১৯ বিধ এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক নিষিদ্ধ
গুৱাহাটী
 
আজিৰে পৰা ভাৰতবৰ্ষত নিষিদ্ধ কৰা হ'ল এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক। ১৯ প্ৰকাৰৰ সামগ্ৰী ব্যৱহাৰ হোৱা প্লাষ্টিকৰ ওপৰত দিছে নিষেধাজ্ঞা। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে জাৰি কৰিছে এই নিষেধাজ্ঞা। 
 
আজিৰে পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ'ব এই পদক্ষেপ। কেন্দ্ৰীয় চৰকাৰে ১৯ বিধ প্লাষ্টিকৰ ওপৰত আৰোপ কৰিছে এই নিষেধাজ্ঞা। ভৱিষ্যতে এই তালিকাত অন্তৰ্ভুক্ত হ'ব অন্য বহু সামগ্ৰী। প্লাষ্টিকৰ সলনি ব্যৱহাৰ কৰিব লাগিব কাপোৰ বা কাগজৰ বেগ, বাঁহৰ চামুচ আদি। 
 
বেলুনৰ বাবে প্লাষ্টিকৰ লাঠী, প্লাষ্টিকৰ পতকা, কেণ্ডি ষ্টিক, আইছস্ক্ৰীম ষ্টিক, থাৰ্মকল প্লাষ্টিক প্লেট, পেকিংত ব্যৱহাৰ হোৱা প্লাষ্টিক আৰু অন্যান্য বহু প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব।