গুৱাহাটী
শাৰদীয় দুৰ্গোৎসৱৰ আজি ষষ্ঠী। দেৱী দুৰ্গাৰ আগমনৰ অপেক্ষাৰ অন্ত পেলাই আজি ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব দেৱীক। দেৱী বন্দনা, পূজা-অৰ্চনা আৰু মংগলধ্বনিৰে মুখৰিত হৈ পৰিব পূজাৰ মণ্ডপসমূহ।
ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গোৎসৱক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে। বৰ্ণিল আলোকসজ্জা, আকৰ্ষণীয় মণ্ডপ আৰু দেৱীৰ প্ৰতিমাৰে সজাই তোলা হৈছে পূজাস্থলীসমূহ। ষষ্ঠীৰ পৰাই আনুষ্ঠানিকভাৱে শাৰদীয় দুৰ্গোৎসৱৰ উছাহ আৰম্ভ হ’ব। দেৱীৰ আশিষ বিচাৰি পূজাৰ মণ্ডপে মণ্ডপে ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিব।
দুৰ্গা পূজাৰ এই সময়ছোৱাত গুৱাহাটী মহানগৰীত সাধাৰণ ৰাইজ বিশেষকৈ শিশু, ছাত্র-ছাত্রী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তিৰ দৰে পথ ব্যৱহাৰকাৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে এম্বুলেঞ্চ, অগ্নিনির্বাপক বাহন আদি জৰুৰীকালীন সেৱাৰ বাহনসমূহৰ অবাধ চলাচলৰ সুবিধার্থে শুকুৰবাৰৰ পৰা ২০ অক্টোবৰলৈ মহানগৰীত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত তলত উল্লেখ কৰা বাধা-নিষেধসমূহ বলৱৎ কৰা হ'ব।
গুৱাহাটী মহানগৰীৰ যান-বাহন শাখাৰ আৰক্ষী উপায়ুক্ত জয়ন্ত সাৰথি বৰাই এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে৷ দুর্গা পূজাৰ সময়ছোৱাত আজিৰে পৰা ২০ অক্টোবৰলৈ প্ৰতিদিনে পুৱা ৪ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সামগ্রী কঢ়িওৱা বাহনসমূহক মহানগৰীত প্ৰৱেশৰ অনুমতি দিয়া হ'ব।
যান-বাহনৰ প্ৰৱেশ নিষিদ্ধকৰণ (দুপৰীয়া ২ বজাৰ পৰা নিশা ২ বজালৈ)। দিছপুৰ আৰক্ষী থানা এলেকাসমূহ ক্ৰমে
১। ডাঃ আৰ পি ৰোডত গণেশ মন্দিৰৰ ফালৰ পৰা গণেশগুৰি উৰণসেতুৰ দিশলৈ কেবল এটা দিশত (ওৱান ৱে) যাতায়াত ব্যৱস্থা কৰা হ'ব।
২। গণেশগুৰি উৰণসেতুৰ তলেৰে জু-ৰোডৰ ফালৰ পৰা দিছপুৰৰ গণেশ মন্দিৰৰ দিশে কোনো বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব।
৩। গণেশগুৰি পাইকাৰী বজাৰৰ ওচৰৰ ছাৰ্ভিচ ৰোডৰ পৰা আৰ পি ৰোড/জু-ৰোডলৈ কোনো বাহন প্রৱেশ কৰিবলৈ দিয়া নহ'ব।
বশিষ্ঠ আৰক্ষী থানা এলেকা
১/ পীৰ আজান ফকীৰ পথ (বেলতলা বজাৰ বোৰ্ড)ত বেলতলা তিনিআলিৰ ফালৰ পৰা জয়ানগৰ চাৰিআলিৰ দিশে এটা দিশত (ওৱান ৱে) যান-বাহন চলাচলৰ ব্যৱস্থা কৰা হ'ব।
২। জয়ানগৰ চাৰিআলিৰ ফালৰ পৰা বেলতলা তিনিআলিৰ দিশে কোনো বাহন প্রৱেশ কৰিবলৈ দিয়া নহ'ব।
৩। বিষ্ণু ৰাভা পথত বেলতলা তিনিআলিৰ ফালৰ পৰা ভেটাপাৰা চাৰিআলিৰ দিশে এটা দিশত (ৱান ৱে) যান-বাহন চলাচলৰ ব্যৱস্থা কৰা হ'ব। বিষ্ণু ৰাভা পথ হৈ ভেটাপাৰা তিনিআলিৰ ফালৰ পৰা বেলতলা তিনিআলিৰ দিশে কোনো বাহন প্রৱেশ কৰিবলৈ দিয়া নহ'ব।
৪। বেলতলা তিনিআলিৰ ফালৰ পৰা বশিষ্ঠ চাৰিআলিৰ দিশে কোনো বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ।
৫। এ জি কাৰ্যালয়ৰ উপ-পথত এ জি কাৰ্যালয়ৰ ফালৰ পৰা সৌৰভ নগৰ আৰু ত্ৰিপুৰা গলিৰ দিশে এটা দিশত (ৱান ৱে) যান-বাহন চলাচলৰ ব্যৱস্থা কৰা হ'ব। ত্ৰিপুৰা গলি আৰু সৌৰভ নগৰৰ ফালৰ পৰা কোনো বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব।
৬। ত্ৰিপুৰা গলিৰ এফালে (ৱান ছাইড)বাহন ৰখাৰ অনুমতি দিয়া হ'ব ।
৭। বশিষ্ঠ চাৰিআলিৰ ফালৰ পৰা বেলতলা তিনিআলিৰ দিশে কোনো বাহন প্রৱেশ কৰিবলৈ দিয়া নহ'ব ।
ভৰলুমুখ আৰক্ষী থানা এলেকা
১। ফটাশিল চাৰিআলি, ৰে'লৱে গেট নং ৬, ৭ আৰু ৮ আৰু সতী জয়মতী পথৰ ফালৰ পৰা কুমাৰপাৰা পাঁচআলিলৈ কোনো বাহন প্রৱেশ কৰিবলৈ দিয়া নহ'ব।
২। চাবিপুলৰ ফালৰ পৰা বিষ্ণুপুৰ আৰু ফটাশিল চাৰিআলিৰ দিশে কোনো বাহন প্রৱেশ কৰিবলৈ দিয়া নহ'ব। অৱশ্যে, ফটাশিল চাৰিআলিৰ ফালৰ পৰা চাবিপুলৰ দিশে এটা দিশত (ৱান ৱে) যান-বাহন চলাচলৰ অনুমতি দিয়া হ'ব।
৩। আৰ কে চৌধুৰী পথৰ পৰা কে আৰ চি পথলৈ কোনো বাহন প্রৱেশ কৰিবলৈ দিয়া নহ'ব।
৪। এ টি ৰোডত (আঠগাঁও উৰণ সেতুৰ পৰা ভৰলুমুখলৈ), ডি জি ৰোডত (ভৰলুমুখৰ পৰা কালিপুৰলৈ) আৰু আৰ কে চি ৰোডত (গে'ট নং ৯ৰ পৰা ফটাশিল চাৰিআলিলৈ) বাহন ৰখাৰ অনুমতি দিয়া নহ'ব।
৫। বিষ্ণুপুৰ দলঙৰ ফালৰ পৰা চাইকেল ফেক্টৰীৰ দিশে কোনো বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব।
৬। হাৰিয়ানা ভৱনৰ ফালৰ পৰা ফটাশিল চাৰিআলি/ কুমাৰপাৰা পাঁচআলিৰ দিশে কোনো বাহন প্রৱেশ কৰিবলৈ দিয়া নহ'ব।
৭। ফটাশিল চাৰিআলিৰ ফালৰ পৰা কুমাৰপাৰা পাঁচআলিলৈ কোনো বাহন প্রৱেশ কৰিবলৈ দিয়া নহ'ব।
জালুকবাৰী আৰক্ষী চকী এলেকা
ডি জি ৰোডত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা
জালুকবাৰী ৰ'টাৰীৰ পৰা পল্টনবজাৰ, পাণবজাৰ, ফটাশিল আৰু ভৰলুমুখৰ দিশে কোনো সামগ্রী কটিওৱা বাহন চলাচল কৰিবলৈ দিয়া নহ'ব।
জালুকবাৰী আৰক্ষী থানা এলেকা
১) পাণ্ডু অঞ্চলত যান-বাহনৰ চলাচলৰ ক্ষেত্রত নিষেধাজ্ঞা আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু ঘাটলৈ যোৱা পাণ্ডু বন্দৰ পথত লঘু মটৰ বাহন (এল এম ভি), তিনিচকীয়া আৰু দুচকীয়া বাহনৰ বাবে এটা দিশত (ৱান ৱে) যান-বাহন চলাচলৰ ব্যৱস্থা কৰা হ'ব। পাণ্ডু ঘাটৰ পৰা আদাবাৰীলৈ অহা বাহনসমূহ মালিগাঁও চাৰিআলিৰে চলাচল কৰিব লাগিব।
২। মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু বৰবজাৰ পথেৰে পাণ্ডু ঘাটৰ দিশে কোনো বাহন চলাচল কৰিবলৈ দিয়া নহ'ব।
পাণবজাৰ আৰক্ষী থানা এলেকা
১। এম এছ ৰোডৰ পৰা গে'ট নং ৪ৰ দিশে কোনো বাহন চলাচল কৰিবলৈ দিয়া নহ'ব।
চান্দমাৰী আৰক্ষী থানা/গীতানগৰ আৰক্ষী থানা এলেকা
১। অনুৰাধা পইণ্টৰ পৰা হাতীগড় চাৰিআলিৰ দিশে কোনো বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব।
২। কেবল হাতীগড় চাৰিআলিৰ ফালৰ পৰাহে বাহন প্রৱেশ কৰিব পাৰিব।
নুনমাটি আৰক্ষী থানা এলেকা
এছ বি আই গলিৰে বন্দনা পইণ্টৰ পৰা ৰিফাইনেৰী গে'টৰ দিশে কোনো বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব।
লতাশিল আৰক্ষী থানা এলেকা
হাই ক'ৰ্টৰ পূব প্ৰান্তৰ (যুদ্ধ স্মাৰক) পৰা লতাশিল চাৰিআলিলৈ এফ চি ৰোডত কোনো বাহন চলাচল কৰিবলৈ দিয়া নহ'ব।
মহানগৰীত চলাচল কৰা চিটী বাছৰ ক্ষেত্রত নির্দেশনা
১। বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰলৈ চলাচল কৰা চিটী বাছ (বশিষ্ঠ চাৰিআলি-বেলতলা তিনিআলি-ছাৰ্ভে ছুপাৰমার্কেট-গণেশগুৰি উৰণসেতু-পল্টনবজাৰ-এ টি ৰোড-ভৰলুমুখ-মালিগাঁও পথেৰে চলাচল কৰা বাছ) সমূহ বশিষ্ঠ চাৰিআলি-কইনাধৰা পইণ্ট-খানাপাৰা ৰ'টাৰী-জি এছ ৰোড-পল্টনবজাৰ-নেপালী মন্দিৰ-এ টি ৰোড-ভৰলুমুখ হৈ ধাৰাপুৰলৈ চলাচল কৰিব লাগিব।
২। আদাবাৰী বাছ আস্থানৰ পৰা লালগণেশলৈ চলাচল কৰা চিটী বাছ (মালিগাঁও-কাছাৰী-ৰবীন্দ্র ভৱন-গুৱাহাটী ক্লাব-চান্দমাৰী উৰণ সেতু জু-ৰোড-গণেশগুৰি-গণেশ মন্দিৰ-কাহিলীপাৰা-লালগণেশ পথেৰে চলাচল কৰা বাছ)সমূহ মালিগাঁও-কাছাৰী-ৰবীন্দ্র ভৱন-গুৱাহাটী ক্লাব-চান্দমাৰী উৰণ সেতু-জু-ৰোড উৰণ সেতু-গণেশগুৰি উৰণ সেতু-ছুপাৰমার্কেট-লাষ্ট গেট-ৰাজধানী মছজিদ-গণেশ মন্দিৰ হৈ লালগণেশলৈ চলাচল কৰিব লাগিব।
৩। পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰলৈ চলাচল কৰা চিটি বাছ (ছয়মাইল-ছুপাৰমার্কেট-লাষ্ট গেট-গণেশ মন্দিৰ-জু-ৰোড-চান্দমাৰী-এম জি ৰোড পথেৰে চলাচল কৰা বাছসমূহ পাঞ্জাবাৰী পথ-ভি আই পি ৰোড-নুনমাটি-চান্দমাৰী-এম জি ৰোড হৈ নির্দিষ্ট গন্ত। ধাৰাপুৰৰ পৰা উভতি অহা চিটীবাছসমূহ মালিগাঁও-চান্দমাৰী-জু-ৰোড-গণেশগুৰি উৰণসেতুৰ ওপৰেদি-ছয়মাইল উৰণসেতু-পাঞ্জাবাৰী পথেৰে চলাচল কৰিব লাগিব।
৪। হাতীগাঁৱৰ পৰা ধাৰাপুৰলৈ চলাচল কৰা চিটী বাছ (হাতীগাঁও চাৰিআলি-ৰাজধানী মছজিদ-আৰপি ৰোড-গণেশগুৰি উৰণসেতুৰ তলেৰে-জু-ৰোড-চান্দমাৰী-এম জি ৰোড-ধাৰাপুৰ পথেৰে চলাচল কৰা বাছসমূহে উভতি অহাৰ সময়ত ধাৰাপুৰ-এম জি ৰোড-চান্দমাৰী-জু-ৰোড-গণেশগুৰি উৰণসেতু-ছুপাৰমার্কেট-লাষ্টগেট-ৰাজধানী মছজিদ-হাতীগাঁও চাৰিআলি হৈ হাতীগাঁৱলৈ উভতিব লাগিব।
ঘ) আন্তঃজিলা বাছৰ ক্ষেত্ৰত নির্দেশনা
নামনি অসমৰ ফালৰ পৰা পল্টনবজাৰ অভিমুখে অহা অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এ এছ টি চি) বাছসমূহক জালুকবাৰীৰ ফালৰ পৰা মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। এই বাছসমূহক আন্তঃৰাজ্যিক বাছ আস্থান (আই এছ বি টি)লৈ যাবলৈ নির্দেশ দিয়া হৈছে।