হাজৰত আজান পীৰ (ৰঃ) দৰগাহ পৰিচালনা সমিতিৰ অসম চৰকাৰক কৃতজ্ঞতা প্ৰকাশ

Story by  atv | Posted by  Munni Begum • 2 Years ago
আজান পীৰ দৰগাহ
আজান পীৰ দৰগাহ
গুৱাহাটী 
 
বিগত ২০১৪ বৰ্ষৰ পৰা বিভিন্ন কাৰণত স্থগিত হৈ থকা আজান পীৰ (ৰঃ) বঁটাটি পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে হাজৰত আজান পীৰ (ৰঃ) দৰগাহ পৰিচালনা সমিতিৰ তৰফৰ পৰা কৃতজ্ঞ জ্ঞাপন কৰিছে। 
 
সমিতিৰ সভাপতি আলহাজ মঃ হবিব উল্লাহ আৰু সাধাৰন সম্পাদক ইনামূল হাজৰিকাই কয়, "অসমীয়া সমাজ জীৱনত সম্প্ৰীতিৰ বৰভেঁটি নির্মাণ কৰা হজৰত আজান পীৰ (ৰঃ) চাহাবৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল হৈ চৰকাৰী পৃষ্ঠপোষকতাত এইবাৰৰ পৰা পুনৰ আজান পীৰ (ৰঃ) বঁটাটি আগবঢ়োৱাৰ বাবে প্ৰতিজন অসমীয়াই বৰ্তমানৰ চৰকাৰখনৰ বদান্যতাৰ প্ৰতি সদায় কৃতজ্ঞ হৈ ৰ'ব।"
তেওঁলোকে লগতে কয়, "হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আমাৰ থলুৱা মুছলমানৰ উন্নয়নৰ হকে কৰিবলগীয়া কৰণীয়সমূহ জানিবৰ বাবে আৰু জনগোষ্ঠীটোৰ মূল সমস্যাসমূহৰ লগতে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা সামাজিক সাংস্কৃতিক পৰিচয় আদিৰ বাবে ৮ খনকৈ উপ-সমিতি গঠন কৰি দিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী শৰ্মাই উপ-সমিতিসমূহৰ পৰা প্রতিবেদন ৰাজহুৱাকৈ গ্ৰহণ কৰিছে। চৰকাৰখনে গ্ৰহণ কৰা এই কাৰ্যই থলুৱা মুছলমানসকলৰ বাবে এক দিক নির্ণায়ক ভূমিকা পালন কৰিব বুলি আমি আশাবাদী।"
উল্লেখ্য যে, ৰাজ্য চৰকাৰে প্ৰখ্যাত মুছলমান ব্যক্তিৰ স্মৃতিত আজান পীৰ বঁটা, চৈয়দ আব্দুল মালিক সাহিত্য বঁটা আৰু আহমদ আলী বাস্কান্দি বঁটা শীৰ্ষক তিনিটা সন্মানীয় বঁটা পুনৰাৰম্ভ কৰিছে। ২০ জুনত বিশিষ্ট লোক সাহিত্যবিদ আৰু শিক্ষক  অমলেন্দু ভট্টাচাৰ্যক আজান পীৰ বঁটা, সাহিত্য ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে ড০ চাবিলাল উপাধ্যায়ক চৈয়দ আব্দুল মালিক সাহিত্য বঁটা আৰু অসমৰ প্ৰতিটো সম্প্ৰদায়ৰ মাজত শান্তি আৰু সম্প্ৰীতি বৃদ্ধিত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ ডিব্ৰুগড় জিলাৰ চৈয়দ চাদুল্লাক আহমেদ আলী বাস্কান্দি বঁটা প্ৰদান কৰা হয়। 
 
বিশিষ্ট সাংবাদিক, লেখক ৱাছবীৰ হুছেইনৰ নেতৃত্বত অসম চৰকাৰে গঠন কৰি দিয়া সাংস্কৃতিক পৰিচয় সম্পৰ্কীয় উপ-সমিতিখনে অসমীয়া মুছলমানসকলৰ অনন্য সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে কেইবাটাও পৰামৰ্শ আগবঢ়াইছিল। সাংস্কৃতিক পৰিচয় সম্পৰ্কীয় উপ-সমিতিখনৰ এটা পৰামৰ্শ আছিল যে আজান পীৰ বঁটা আৰু চৈয়দ আব্দুল মালিক সাহিত্য বঁটা পুনৰাৰম্ভ কৰা।