নতুন দিল্লী
কেদাৰনাথ ধামৰ পৰা গুপ্তকাশী অভিমুখে যোৱা আৰ্য এভিয়েশনৰ এখন হেলিকপ্টাৰ গৌৰীকুণ্ডৰ জংঘলত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত পাইলটসহ ৭জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাৰ পিছতে চাৰি ধাম অঞ্চলত চলি থকা হেলিকপ্টাৰ সেৱা পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ কৰি দিয়া হৈছে।
ইউচিএডিএ (উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ উন্নয়ন কৰ্তৃপক্ষ) আৰু ডিজিচিএ (অসামৰিক বিমান পৰিবহণৰ সঞ্চালকালয়) যৌথভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। হেলিকপ্টাৰখনত থকা যাত্ৰীসকলৰ ভিতৰত আছিল: ৰাজবীৰ – পাইলট, বিক্ৰম ৰাৱট, বিনোদ, তৃষ্টি সিং, ৰাজকুমা, শ্ৰদ্ধা আৰু ৰাশি – এগৰাকী ১০ বছৰীয়া কিশোৰী।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই কাণ্ডক লৈ শোক প্ৰকাশ কৰি এক্সত কয় যে, "ৰুদ্ৰপ্ৰয়াগ জিলাত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাৰ বিষয়ে অত্যন্ত দুখজনক খবৰ পোৱা গৈছে। এছডিআৰএফ, স্থানীয় প্ৰশাসন আৰু অন্যান্য উদ্ধাৰকাৰী দলে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈছে।"
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও এই ঘটনাক লৈ শোক প্ৰকাশ কৰি কয়, "আটাইতকৈ দুখজনক কথাটো হ'ল আজি পুৱা উত্তৰাখণ্ডৰ পৰা আন এক অসামৰিক বিমান পৰিবহণৰ অত্যন্ত দুখজনক খবৰ পোৱা গৈছে, এইবাৰ উত্তৰাখণ্ডৰ পৰা, কেদাৰনাথ - গৌৰীকুণ্ড - গুপ্তাকাশী অঞ্চলত। এটা শিশু আৰু পাইলটকে ধৰি ৭ জন লোক হেলিকপ্টাখনত আছিল। হেলিকপ্টাত থকা প্ৰতিজনৰ বাবে মোৰ প্ৰাৰ্থনা।"
পুৱা ৫:১৭ বজাত গুপ্তকাশীলৈ উৰা মাৰে আৰু কেদাৰনাথৰ পৰা যাত্ৰী উঠাই উভতি আহি থকা অৱস্থাত কেদাৰনাথ উপত্যকাৰ বেয়া বতৰৰ বাবে নিজৰ পথৰ পৰা আঁতৰি যায় হেলিকপ্টাৰখন। বিষয়াসকলে নিশ্চিত কৰিছে যে, অঞ্চলটোৰ বতৰ অতি বেয়া, যাৰ বাবে হেলিকপ্টাৰখনে বাট হেৰুৱাই পেলোৱা বুলি জানিব পৰা গৈছে।
হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত দেওবাৰে মুখ্য সচিবক কাৰিকৰী বিশেষজ্ঞৰ এখন কমিটী গঠন কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। এই কমিটীয়ে হেলি কাৰ্য্যকলাপৰ সকলো সুৰক্ষা আৰু কাৰিকৰী দিশ বিস্তৃতভাৱে পৰ্যালোচনা কৰিব আৰু নতুন এছ অ’ পিৰ খচৰা প্ৰস্তুত কৰিব। ইয়াৰ দ্বাৰা হেলিকপ্টাৰ সেৱাসমূহে সম্পূৰ্ণ সুৰক্ষা, স্বচ্ছতাৰে আৰু সকলো নিৰ্ধাৰিত নিয়ম মানি চলি কাম কৰাটো নিশ্চিত কৰিব।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ধামীয়ে কয় যে, ৰাজ্যখনত পূৰ্বৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে গঠন কৰা এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে এতিয়া আজিৰ দুৰ্ঘটনাৰ তদন্তও কৰিব। কমিটীয়ে এই কাণ্ডসমূহৰ সকলো দিশ গভীৰভাৱে পৰীক্ষা কৰিব, যিকোনো গাফিলতি চিনাক্ত কৰিব, আৰু দায়িত্বশীল ব্যক্তি বা সংস্থাসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিব।
তীৰ্থযাত্ৰা, দুৰ্যোগ ব্যৱস্থাপনা আৰু জৰুৰীকালীন সঁহাৰিৰ বাবে উত্তৰাখণ্ডত হেলি সেৱাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই অভিযানসমূহত সুৰক্ষা নিশ্চিত কৰাটো সৰ্বোচ্চ অগ্ৰাধিকাৰ হ’ব।