চাইপ্ৰাছ পালেগৈ প্ৰধানমন্ত্ৰী; ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে তেওঁক ২ দিনীয়া ভ্ৰমণৰ বাবে আদৰণি জনায়

Story by  atv | Posted by   Imtiaz Ahmed • 10 h ago
চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ বিমানবন্দৰত আদৰণি জনায়
চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ বিমানবন্দৰত আদৰণি জনায়
নতুন দিল্লী

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছত উপস্থিত হৈ পাঁচ দিনীয়া বিদেশ ভ্ৰমণৰ আৰম্ভণি কৰে। এই ভ্ৰমণত তেওঁ কানাডা আৰু ক্ৰ’ৱেচিয়াও যাব। পাকিস্তান আৰু পাকিস্তান অধ্যুষিত কাশ্মীৰ (PoK)ৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি ভাৰতে অপাৰেচন সেন্দুৰৰ পিছত প্ৰধানমন্ত্ৰীৰ এইটোৱেই প্ৰথম বহিঃৰাষ্ট্ৰ ভ্ৰমণ।

প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত আদৰণি জনায় ৰিপাব্লিক অৱ চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে। ১৫ জুনৰ পৰা ১৬ জুনলৈ দুদিনৰ বাবে চাইপ্ৰাছত থাকিব প্ৰধানমন্ত্ৰী। দুটা দশকৰো অধিক সময়ৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো চাইপ্ৰাছ ভ্ৰমণ।

চাইপ্ৰাছত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছৰ সৈতে বাণিজ্য, বিনিয়োগ, নিৰাপত্তা আৰু প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সম্পৰ্ক সম্প্ৰসাৰণৰ সন্দৰ্ভত আলোচনাত মিলিত হ’ব।
প্ৰধানমন্ত্ৰীয়ে কয় যে, "১৫-১৬ জুনত মই ৰাষ্ট্ৰপতি এইচ ই নিকোছ ক্রিষ্টোডুলিডেছৰ আমন্ত্ৰণত চাইপ্ৰাছ ৰিপাব্লিক ভ্ৰমণ কৰিম। চাইপ্ৰাছ ভূমধ্যসাগৰীয় অঞ্চল আৰু ইউৰোপীয় ইউনিয়নৰ এক ঘনিষ্ঠ বন্ধু আৰু গুৰুত্বপূৰ্ণ অংশীদাৰ।"

তাৰ পিছত তেওঁ ১৬ আৰু ১৭ জুনত জি-৭ শীৰ্ষ সন্মিলনৰ বাবে কানাডাৰ কানানাস্কিছলৈ ৰাওনা হ’ব।

চাইপ্ৰাছলৈ যাত্ৰা কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এক আনুষ্ঠানিক বিবৃতিত কয় যে, "এই তিনিখন দেশৰ এই ভ্ৰমণ সীমাপাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত ভাৰতক দিয়া অটল সমৰ্থনৰ বাবে অংশীদাৰ দেশসমূহক ধন্যবাদ জনোৱাৰ সুযোগো, আৰু সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত বিশ্বব্যাপী বুজাবুজিক প্ৰেৰণা যোগোৱাৰ এক সুযোগ।"
চলিত ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণত জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কানাডালৈ যাব প্ৰধানমন্ত্ৰী মোদী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, শক্তি সুৰক্ষা, প্ৰযুক্তি সহযোগিতা, উদ্ভাৱনকে ধৰি মূল বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ স্থিতি স্পষ্ট কৰিব বুলি আশা কৰা হৈছে।

খালিস্তানী বিষয়ক লৈ নতুন দিল্লী আৰু অট’ৱাৰ কূটনৈতিক সম্পৰ্ক বেয়া হোৱাৰ পিছত এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ। প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণে পূৰ্বতে চলি থকা জল্পনা-কল্পনাও প্ৰতিহত কৰে যে তেওঁ হয়তো এই শীৰ্ষ সন্মিলন নাযাব, যিটো ছয় বছৰৰ পিছত প্ৰথম হ’লহেঁতেন।

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত তেতিয়াৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কানাডাত খালিস্তানৰ বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডত সৈতে ভাৰতীয় এজেণ্ট জড়িত থাকিব পাৰে বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক  শীতল হৈ পৰিছিল। নতুন দিল্লীয়ে অৱশ্যে এই দাবীক ‘অৰ্থহীন’ বুলি খাৰিজ কৰে।

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰ’ৱেচিয়া ৰিপাব্লিকলৈ ৰাওনা হ’ব আৰু ৰাষ্ট্ৰপতি জোৰাণ মিলানোভিচ আৰু প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকভিচক সাক্ষাৎ কৰিব। এইবাৰই প্ৰথম বাৰ এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ বিবৃতিত কয়, "আমাৰ দুয়োখন দেশৰ মাজত শতিকা পুৰণি ঘনিষ্ঠ সাংস্কৃতিক সংযোগ আছে। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ৰ'ৱেচিয়াৰ প্ৰথমটো ভ্ৰমণ হিচাপে ই পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ নতুন পথ মুকলি কৰিব।"