মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী উচ্চ ন্যায়ালয়ৰ

Story by  atv | Posted by  Munni Begum • 9 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
মুছলমান লোকৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে ৰাজ্যত থকা ১৯৩৫ চনৰ অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইনখন বাতিল কৰা বিষয়ক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰপৰা উত্তৰ বিচাৰিছে। এই সন্দৰ্ভত অহা ২২ জুনৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ আদালতে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। 
 
অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন ১৯৩৫ বাতিলৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে গ্রহণ কৰা সিদ্ধান্ত আৰু তাৰ পৰৱৰ্তী সময়ত জাৰি কৰা অধ্যাদেশক প্রত্যাহ্বান জনাই সদৌ অসম কাজী সন্থাই দাখিল কৰা এখন লেখ আবেদনৰ আজি শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই আদেশ দিয়ে। 
 
ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলৱৎ কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে যোৱা ২৪ ফেব্ৰুৱাৰীৰ কেবিনেটত উল্লিখিত আইনখন বাতিলৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। তাৰ পাছত যোৱা ১৫ মাৰ্চত ৰাজ্যপালে অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন প্রত্যাহাৰৰ বাবে অধ্যাদেশ জাৰি কৰে। 
 
চৰকাৰৰ সিদ্ধান্ত আৰু অধ্যাদেশক প্রত্যাহ্বান জনোৱা কাজী সন্থাই পুৰণি আইনখন প্ৰত্যাহাৰৰ পাছত আৰু নতুন আইন নকৰালৈকে এই সময়ছোৱাত মুছলমান লোকসকলৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে এক বিকল্প ব্যৱস্থাৰ বাবে আদালতৰপৰা অন্তৱৰ্তী আদেশ বিচাৰিছিল যদিও বিচাৰপীঠে বৰ্তমান লোকসভা নিৰ্বাচনৰ আৰ্হি আচৰণ বিধি বলৱৎ হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি এনে কোনো অন্তৰ্ৱর্তী আদেশ দিবলৈ অমান্তি হয়। 
 
গুচৰীয়া পক্ষৰ হৈ যুক্তি দর্শোৱা অধিবক্তা জুনেইড খালিদে আদালতক এই কথা অৱগত কৰায় যে আইনবিহীন এই সময়ছোৱাত হোৱা বিবাহ পঞ্জীয়নৰ এটা বিকল্প ব্যৱস্থা কৰা উচিত; কিয়নো মুছলমানৰ বিবাহ আৰু বিচ্ছেদ প্রচলিত বিশেষ বিবাহ আইনৰ অধীনত পঞ্জীয়ন কৰিব পৰা নাযায়।