২০৩৫ চনলৈ ভাৰতৰ নগৰাঞ্চলৰ জনসংখ্যা হ'ব ৬৭.৫ কোটি

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
ভাৰতৰ নগৰাঞ্চলৰ জনসংখ্যা ২০৩৫ চনলৈ হ'ব ৬৭.৫ কোটি। শীৰ্ষত থাকিব প্রতিবেশী ৰাষ্ট্ৰ চীন। তেতিয়ালৈ চীনৰ নগৰাঞ্চলৰ জনসংখ্যা হ'বগৈ ১০০ কোটি। ভাৰত থাকিব দ্বিতীয় স্থানত। ৰাষ্ট্ৰসংঘৰ এখন প্ৰতিবেদনত শুকুৰবাৰে এই কথা সদৰী কৰা হৈছে। 
 
ক’ভিড মহামাৰীৰ পিচত বিশ্বজুৰি নগৰাঞ্চলত বাস কৰা লোকৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে বুলি প্রতিবেদনখনে দাবী কৰি কয় যে ২০৫০ চনলৈ বিশ্বৰ নগৰাঞ্চলসমূহত জনসংখ্যা ২২০ কোটিলে বৃদ্ধি পাব পাৰে। 
 
তদুপৰি নগৰীকৰণৰ প্ৰক্ৰিয়া দ্ৰুতগতিত বৃদ্ধি পোৱা বাবেও নগৰমুখী হৈছে বিশ্ব নাগৰিক।