লোকসভা নিৰ্বাচন; নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰথমজন প্ৰাৰ্থীৰ জয়

Story by  atv | Posted by  [email protected] • 11 d ago
নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰথমজন প্ৰাৰ্থীৰ জয়
নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰথমজন প্ৰাৰ্থীৰ জয়
 
নতুন দিল্লী
 
চলিত লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয় আৰম্ভ হৈছে। গুজৰাটৰ চুৰাট সমষ্টিৰ পৰা দলটোৰ প্ৰাৰ্থী মুকেশ দলাল এতিয়া নিৰ্বাচনত জয়ী হৈছে। কাৰণ তেওঁৰ আটাইকেইজন বিৰোধী নিৰ্বাচনী খেলপথাৰৰ  পৰা আঁতৰি গৈছে।
 
দলালক অভিনন্দন জনাই গুজৰাট বিজেপিৰ মুৰব্বী চি আৰ পাটিলে কয় যে, “চুৰাট লোকসভাৰ আসনৰ প্ৰাৰ্থী মুকেশ দলালক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জনাইছো।”
 
আনহাতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ প্ৰ-পত্ৰ ৰিটাৰ্নিং অফিচাৰে নাকচ কৰাৰ বিপৰীতে আসনখনৰ আন আঠজন প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে।
 
চুৰাট লোকসভাৰ আসনৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী নীলেশ কুম্ভানীয়ে নিজৰ তিনিজন প্ৰস্তাৱকৰ ভিতৰত এজনকো নিৰ্বাচনী বিষয়াৰ আগত দাখিল কৰিব নোৱাৰিলে, তাৰ পিছত তেওঁৰ মনোনয়ন প্ৰ-পত্ৰ বাতিল কৰা হয়।
 
তাৰোপৰি কুম্ভনীৰ মনোনয়ন প্ৰ-পত্ৰত তিনিজন প্ৰস্তাৱকৰ স্বাক্ষৰৰ অমিল সন্দৰ্ভত বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰিছিল।
 
চুৰাটৰ পৰা কংগ্ৰেছৰ বিকল্প প্ৰাৰ্থী সুৰেশ পদছালাৰ মনোনয়ন প্ৰ-পত্ৰও বাতিল হোৱাৰ ফলত দলটোক নিৰ্বাচনী খেলপথাৰৰ পৰা বাহিৰ কৰি দিয়া হয়।
 
ৰিটাৰ্নিং অফিচাৰ সৌৰভ পাৰ্ধিয়ে কয় যে কুম্ভনী আৰু পদশালাই দাখিল কৰা চাৰিখন মনোনয়ন প্ৰ-পত্ৰ নাকচ কৰা হৈছে কাৰণ প্ৰথম দৃষ্টিত প্ৰস্তাৱকসকলৰ স্বাক্ষৰত অমিল পোৱা গৈছিল আৰু সেইবোৰ প্ৰকৃত যেন লগা নাই।
 
লগতে, প্ৰস্তাৱকসকলে তেওঁলোকৰ শপতনামাত উল্লেখ কৰিছে যে তেওঁলোকে নিজেই প্ৰ-পত্ৰসমূহত স্বাক্ষৰ কৰিছিল বুলি পাৰ্ধিৰ আদেশত উল্লেখ কৰা হৈছে। প্ৰসংগক্ৰমে কুম্ভনীৰ তিনিজন প্ৰস্তাৱক আছিল তেওঁৰ আত্মীয়।
 
প্ৰস্তাৱকসকলৰ এই দাবীৰ পিছত ৰিটাৰ্নিং অফিচাৰে নীলেশ কুম্ভনীক এদিনৰ সময় দিছিল সঁহাৰি দাখিল কৰিবলৈ। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে নিজৰ অধিবক্তাৰ সৈতে নিৰ্বাচনী বিষয়াৰ ওচৰলৈ আহিছিল যদিও তেওঁৰ তিনিজন প্ৰস্তাৱকৰ কোনো এজনো উপস্থিত নহ’ল।
 
আনকি কংগ্ৰেছ প্ৰাৰ্থীৰ অধিবক্তাৰ অনুৰোধত পৰীক্ষা কৰা ভিডিঅ’ ফুটেজত স্বাক্ষৰকাৰীসকলৰ উপস্থিতিও পোৱা নগ’ল বুলি আদেশত উল্লেখ কৰা হৈছে।