নতুন দিল্লী
বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিলিটাৰ জুলীয়া গাখীৰৰ মূল্য ২ টকা পৰ্যন্ত বৃদ্ধি কৰিছে মাদাৰ ডেইৰীয়ে। দিল্লী-এনচিআৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰাখণ্ডৰ বজাৰত কাৰ্যকৰী হ’ব এই নতুন মূল্য।
মাদাৰ ডেইৰীৰ এগৰাকী মুখপাত্ৰই কয়, "২০২৫ চনৰ ৩০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰত ২ টকা পৰ্যন্ত তৰল গাখীৰৰ মূল্য সংশোধন কৰিবলৈ বাধ্য হৈছে মাদাৰ ডেইৰীয়ে। যোৱা কেইমাহমানৰ পৰা প্ৰতি লিটাৰত ৪ - ৫ টকা বৃদ্ধি পোৱা ক্ৰয় ব্যয়ৰ যথেষ্ট বৃদ্ধিৰ সমাধানৰ বাবে এই মূল্য পুনৰীক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে। ক্ৰয়ৰ মূল্যবৃদ্ধিৰ মূল কাৰণ হৈছে।"
বাল্ক ভেণ্ডেড গাখীৰ (টনড)ৰ মূল্য প্ৰতি লিটাৰ ৫৪ টকাৰ পৰা ৫৬ টকালৈ বৃদ্ধি কৰা হৈছে। সম্পূৰ্ণ ক্ৰীম গাখীৰৰ দাম প্ৰতিলিটাৰত ৬৯ টকা হ’ব, পূৰ্বে প্ৰতি লিটাৰত ৬৮ টকা আছিল। গৰুৰ গাখীৰৰ মূল্য পূৰ্বৰ ৫৬ টকাৰ পৰা ৫৭ টকালৈ সংশোধন কৰা হৈছে আৰু পূৰ্বৰ ৪৯ টকাৰ তুলনাত এতিয়া প্ৰতি লিটাৰ ডাবল টন গাখীৰৰ দাম ৫১ টকা হ’ব।