উত্তৰ-পূবৰ ৮ পৰ্যটন ক্ষেত্ৰক নতুন ৰূপ দিয়াৰ প্ৰয়াস

Story by  atv | Posted by  [email protected] • 4 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী

উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন পর্যটনস্থলীক নতুন ৰূপ দিয়াৰ প্রয়াসেৰে ৰাজহুৱা আৰু ব্যক্তিগত সহযোগিতাত গুৰুত্ব প্রদান কৰিছে ড'নাৰ মন্ত্র্যালয়ে। শেহতীয়াকৈ ড'নাৰ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে কাজিৰঙা, জিব', ছ'ইৰা, থেনজল, মাতাবাৰী, কিছামা, নামচি, ময়ৰাঙক বিশ্বমানৰ পৰ্যটনস্থলী কৰি তোলাৰ বাবে ৰাজহুৱা, ব্যক্তিগত সহযোগিতাৰ ভিত্তিত বিভিন্ন নতুন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তুলিবলৈ হ'লে অঞ্চলটোত পর্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰিবৰ্তন সাধন কৰিব লাগিব।

প্রতিখন ৰাজ্যতে কেতবোৰ বিশেষ সামগ্রিক প্ৰচাৰ কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে অভিলাষী আঁচনি। ইয়াৰ অধীনত অসমৰ মুগা, মেঘালয়ৰ লেকাডং হালধি, মণিপুৰৰ প'ল', ছিকিমৰ জৈৱিক কৃষি আৰু ত্ৰিপুৰাৰ কুইন প্ৰজাতিৰ আনাৰসক আগুৱাই নিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে। 
 
তেওঁ কয় যে ২০২৯ চনৰ ভিতৰত উত্তৰ-পূবৰ সকলো ৰাজ্য সম্পূর্ণৰূপে ৰে'ল সংযোগেৰে কার্যক্ষম হৈ উঠিব। তদুপৰি, ভাৰত-ম্যানমাৰ-থাইলেণ্ড ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্পই উত্তৰ-পূৰ্বাঞ্চলক নতুন রূপ দিব। যিয়ে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ এখন নতুন দুৱাৰ মুকলি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ড'নাৰ মন্ধ্যালয়ে সর্বাধিক ৩,৪৪৭.৭১ কোটি টকা উত্তৰ-পূর্বাঞ্চলত ব্যয় কৰিছিল।
 
পূৰ্বৰ বিত্তীয় বর্ষৰ তুলনাত এই হাৰ ৭৪ শতাংশ অধিক। চলিত বৰ্ষত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা বাইজিং নর্থ-ইষ্ট বিনিয়োগ সম্মিলনত লাভকৰা সফলতা সন্দর্ভত তেওঁ কয় যে এই সম্মিলনখনত ১০০তকৈও অধিক ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানে অংশগ্রহণ কৰে। উত্তৰ-পূবৰ সম্ভাবনাময় পর্যটন খণ্ডটোক আগুৱাই নিয়াৰ প্রয়াসেৰে অঞ্চলটোৰ ৮ খন ৰাজ্যত বিমান বন্দৰৰ সংখ্যা ১৭টালৈ বৃদ্ধি কৰা হৈছে।
 
তদুপৰি ইক'টুৰিজম ধাৰণাটোক কার্যক্ষম কৰি তুলিবলৈ বহনক্ষম কাৰ্যসূচীৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে বুলি তেওঁ কয়। শেহতীয়াকৈ অঞ্চলটোত হোমস্টে আৰু ইক টুৰিজমৰ পৰিসৰ প্ৰায় ৪৫ শতাংশপর্যন্ত বৃদ্ধি হৈছে। পর্যটন, বিনিয়োগ, হস্তশিল্প, কৃষি, আন্তঃগাঁথনি, ক্রীড়া আৰু উত্তৰ-পূবক অর্থনৈতিক কৰিডৰ হিচাপে গঠন কৰিবলৈ টাস্ক ফ'র্চ গঠনত গুৰুত্ব প্রদান কবে মন্ত্রীগৰাকীয়ে।
 
উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৰপ্তানি বৃদ্ধি কৰাৰ লক্ষ্যৰে নতুন প'র্টেল কার্যকৰী কৰা হৈছে বুলিও তেওঁ কয়। পূৰ্বৰ তুলনাত উত্তৰ-পূবত অগৰৰ ৰপ্তানি প্রায় ছগুণ বৃদ্ধি হৈছে। ইফালে নেডফিয়ে প্রায় ৫,৩০০ এম এছ এম ইলৈ বিত্তীয় সহযোগিতা আগবঢ়াইছে। ইয়াৰ জৰিয়তে ক্ষুদ্র আৰু লঘু উদ্যোগীসকলে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।