নতুন দিল্লী
ভাৰত-ৰাছিয়াৰ কূটনৈতিক সম্পৰ্কৰ আন এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল ৰাজধানী। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ৰাছিয়ান ভাষাত অনূদিত গীতা উপহাৰ দি দুই দেশৰ বন্ধুত্বৰ বাৰ্তা আৰু অধিক সুদৃঢ় কৰি তোলে।
দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত দিল্লীৰ পালাম বিমানবন্দৰত পদাৰ্পণ কৰা পুটিনক আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মোদী আৰু পুটিন একেখন বাহনতে বহি প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ অভিমুখে ৰাওনা হয়। তাতেই তেওঁৰ নিশাৰ আহাৰ গ্ৰহণ কৰে আৰু নিশাটো প্ৰধানমন্ত্ৰী বাসগৃহতে যাপন কৰে।
পুটিনক গীতা প্ৰদানৰ সেই বিৰল মুহূৰ্তৰ দৃশ্য X-ত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “ৰাষ্ট্ৰপতি পুটিনক ৰাছিয়ান ভাষাত শ্ৰীমদভাগৱত গীতাৰ প্ৰতিলিপি উপহাৰ প্ৰদান কৰো। গীতাৰ শিক্ষাই বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰে।”
বৃহস্পতিবাৰে সন্ধিয়া পালাম বিমান বন্দৰত পুটিনক আদৰণি জনোৱাৰ সময়ত মোদীৰ কণ্ঠত উচ্ছাস স্পষ্ট হৈ পৰিছিল। তেওঁ কয়, ''বন্ধু পুটিনক ভাৰতলৈ স্বাগতম জনাই মই অতিশয় আনন্দিত। আজি আৰু কাইলৈ তেওঁৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক মিলিত হম। ভাৰত-ৰাছিয়াৰ বন্ধুত্ব যুগ যুগ ধৰি অটুট আছে আৰু ইয়ে দুয়োখন দেশৰ নাগৰিকক উপকৃত কৰিছে।’’