গুৱাহাটী
ছুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া অতি সন্মানজনক ৱৰ্ল্ড ইকনমিক ফ’ৰামত (ডব্লিউ ই এফ) ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ লগতে অসমকো প্ৰতিনিধিত্ব কৰিবলৈ ভাৰত চৰকাৰে সুযোগ প্ৰদান কৰিছে ৷ সাধাৰণতে ভাৰতৰ আগশাৰীৰ ৰাজ্যসমূহে এই ৱৰ্ল্ড ইকনমিক ফ’ৰামত দেশক প্ৰতিনিধিত্ব কৰি আহিছিল ৷ কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে অসমক ভাৰত চৰকাৰে এই সুযোগ প্ৰদান কৰিছে ৷ এই বিশেষ কার্যসূচীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে মাজনিশা ডাভোছলৈ ৰাওনা হয় আৰু তাত চাৰিদিন থাকি বিশ্বৰ উদ্যোগপতি, অৰ্থনীতিবিদ, বহুজাতিক কোম্পানীৰ চি ই অ', বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বীসকলৰ সন্মুখত ৱৰ্ল্ড ইকনমিক ফ'ৰামত অসমক প্ৰতিনিধিত্ব কৰিব৷
উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা হ'ব ৱৰ্ল্ড ইক'নমিক ফ'ৰামত অংশ লোৱা প্ৰথমগৰাকী অসমীয়া ৷ এই ফ'ৰামত যিকোনো ৰাজ্য, উদ্যোগ প্ৰতিষ্ঠান বা দেশে সঠিক বক্তব্য উপস্থাপন কৰিব পাৰিলে বিশ্বৰ প্ৰসিদ্ধ বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ সুযোগ থাকে ৷ এডভাণ্টেজ আসাম সন্মিলনৰ সফল সামৰণিৰ পাছত মুখ্যমন্ত্ৰীৰ ডাভোছত ৱৰ্ল্ড ইকনমিক ফ'ৰামত অংশগ্ৰহণে অসমৰ বিনিয়োগ, অৰ্থনীতি আদি বিষয়ত এক বিশেষ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে ৷ উল্লেখ্য যে ৱৰ্ল্ড ইকনমিক ফ’ৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ-বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে ৷ এইবাৰো আমেৰিকাৰ ৰাষ্ট্ৰপতিকে ধৰি বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি উপস্থিত থাকিব ৷
আক্ষৰিক অৰ্থতে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰাত নতুন বৰ্ষৰ প্ৰথমৰ সময়খিনিত এক ভাল খবৰ হিচাপে বিবেচিত হৈছে ৷ পাঁচদিনীয়া এই সন্মিলনত অসম তথা ভাৰতৰ অন্তৰ্ভুক্তিমূলক বিকাশ আৰু ডিজিটেল বিপ্লৱ আদিকে ধৰি উন্নয়নৰ আৰ্হি আদি উপস্থাপন কৰা হ’ব ৷ ভাৰতৰ দৃষ্টিনন্দন অৰ্থনৈতিক বিকাশে বিশ্বজুৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে ৷ অসমৰ ক্ষিপ্র উন্নয়ন আৰু সম্ভাৱনামূলক অর্থনৈতিক বিকাশৰ বলত এইবাৰ অসমেও সেই সুযোগ লাভ কৰিব ৷ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত উল্লেখযোগ্য অগ্ৰগতিৰ সৈতে বিশ্ব মঞ্চত আগশাৰীৰ শক্তি হিচাপে ভাৰতে নিজৰ স্থান অধিক দৃঢ় কৰি তুলিছে, য’ত অসমেও এক মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে ৷ এই সন্দর্ভত মুখ্যমন্ত্ৰীয়ে ভিন্ন পৰিকল্পনা ফ'ৰামত উপস্থাপন কৰি অসমক বিশ্বৰ সন্মুখত শক্তিশালীভাৱে তুলি ধৰাৰ প্ৰয়াস কৰিব ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ফ’ৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আৰ্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনত অসমখনক আগশাৰীত লৈ যোৱাৰ দিশত নিশ্চিত পদক্ষেপ ল’ব ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফ’ৰামত ১৭খনতকৈও অধিক বৈঠকত অংশ ল’ব আৰু বহুকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব ৷ মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী ঔদ্যোগিক যুগৰ বাবে ভৱিষ্যৎ-প্ৰস্তুত কৰ্মশক্তিৰ সুৰক্ষা, ভ্ৰমণ আৰু পৰ্যটন-১০ ট্ৰিলিয়ন ডলাৰৰ সম্ভাৱনামূলক গন্তব্যস্থলী, স্বাস্থ্য আৰু স্বাস্থ্য সেৱা মঞ্চকে ধৰি চাৰিখনকৈ আলোচনা সত্রত অংশগ্রহণ কৰিব ৷ তেখেতে ভাৰতৰ অৰ্থনৈতিক পৰিৱর্তনৰ অংশ হিচাপে নিজ ৰাজ্যৰ ঔদ্যোগিক অগ্ৰগতি, বিনিয়োগৰ সুযোগ আৰু সাফল্যৰ বিভিন্ন তথ্য উপস্থাপন কৰিব ৷ বিশ্বৰ অন্যতম সর্ববৃহৎ বাণিজ্য সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদেশৰ বহু উদ্যোগপতিৰ সৈতে একাধিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰো সম্ভাৱনা আছে ৷
উল্লেখযোগ্য যে, ৱৰ্ল্ড ইকনমিক ফ'ৰাম এক অলাভযুক্ত সংস্থা (নন প্ৰফিট অৰ্গেনাইজেশ্যন), যাৰ প্ৰতিষ্ঠা ১৯৭১ চনত হৈছিল ৷ ই প্ৰকৃততে বিশ্বৰ সৰ্ববৃহৎ অতিশয় কাৰ্যকৰী বাণিজ্যিক সন্মিলন ৷ ই বাণিজ্যতে সীমাবদ্ধ নহয়, ইয়াৰ পৰিসৰ ব্যাপক ৷ ইয়াৰ উদ্দেশ্য হৈছে বিশ্বজুৰি ভূ-ৰাজনীতি, শিক্ষা-প্রযুক্তি, আৰ্থিক নীতি, বিনিয়োগ আদিৰে সমৃদ্ধ কৰি বিশ্বৰ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰা তথা সামৰি লোৱা ৷ অসমৰ লগতে এইবাৰ ভাৰতবৰ্ষৰ পৰা আন ৯ খন ৰাজ্যয়ো এই সন্মিলনত ভাগ লোৱাৰ সুযোগ পাইছে, য’ত পাঁচগৰাকী মুখ্যমন্ত্ৰী আৰু চাৰিজন কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্রহণ কৰিব৷
‘স্পিৰিট অৱ ডায়লগ’ বিষয়বস্তুৰে ইক’নমিক ফ’ৰামৰ এই সংস্কৰণত অসমে নিজৰ প্ৰকল্প আৰু ধাৰণা ইয়াত উপস্থাপন কৰিবলৈ পোৱাটো এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে ৷ ইয়াৰ দ্বাৰা অসমত নতুন বিনিয়োগ, ছেমি কণ্ডাক্টৰ সদৃশ নতুন প্ৰকল্প আৰু যুৱপ্ৰজন্মৰ বাবে নিয়োগ সৃষ্টি আদিকে ধৰি ভিন্ন লাভেৰে অসম সমৃদ্ধ হ'ব ৷ তদুপৰি ভাৰতৰ লগতে এই ফ’ৰামত বিশ্বৰ আন প্ৰায় ৫০খন দেশেও ভাগ ল’ব৷ মুখ্যমন্ত্ৰীৰ ডাভোছৰ সন্মিলনত অংশগ্ৰহণে ভৱিষ্যতৰ দিনত অসমে নিশ্চিতকৈ গ্লোবেল ইনভেষ্টমেণ্ট হাবৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব চৰ্চা চলিছে ৷