নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিস্থিতি সন্দৰ্ভত দিয়া ভাষণৰ পাছতেই দেশজুৰি ক’ভিড-19 ৰ প্ৰাদুৰ্ভাৱৰ সময়ত হোৱাৰ দৰে লকডাউন হ’ব পাৰে বুলি এক খবৰ বিয়পি পৰিছিল। অৱশ্যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইন্ধনৰ নাটনি হোৱাৰ বাবে চৰকাৰে লকডাউনৰ দৰে ব্যৱস্থাৰ কথা বিবেচনা কৰিব পাৰে বুলি প্ৰকাশ পোৱা বাতৰিক নস্যাৎ কৰিছে। বিত্তমন্ত্ৰীগৰাকী এনে প্ৰতিবেদন ভিত্তিহীন বুলি অভিহিত কৰি কয় যে এনে কোনো পদক্ষেপৰ কথা বিবেচনা কৰা হোৱা নাই।
‘‘ৰাইজক আশ্বস্ত কৰিব বিচাৰিছো যে দেশত কোনো ধৰণৰ লকডাউন নহয়। মই আচৰিত হৈছোঁ যে একাংশ নেতাই লকডাউন হ’ব আৰু ইন্ধনৰ নাটনি হ’ব বুলি কৈছে। এইবোৰ ভিত্তিহীন। ৰাজনৈতিক ক্ষেত্ৰৰ পৰা অহা এনে মন্তব্য চিন্তনীয়। মই ৰাইজক আশ্বস্ত কৰিব বিচাৰো যে Covid ৰ সময়ত আমি দেখাৰ দৰে লকডাউন নহয়।’’ নিৰ্মলা সীতাৰমণে কয়৷
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়েও স্পষ্ট কৰি দিয়ে যে দেশত কোনো ধৰণৰ লকডাউন নহয়, যিটো পূৰ্বতে মহামাৰীৰ সময়ছোৱাত কাৰ্যকৰী কৰা হৈছিল । লকডাউনৰ উৰাবাতৰিক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে ইয়াক “দায়িত্বজ্ঞানহীন আৰু ক্ষতিকাৰক” বুলি অভিহিত কৰে।
‘‘ভাৰতত লকডাউনৰ উৰাবাতৰি সম্পূৰ্ণ মিছা। এই কথা স্পষ্টকৈ কওঁ, ভাৰত চৰকাৰৰ বিবেচনাধীন এনে কোনো প্ৰস্তাৱ নাই । এনে সময়ত আমি সুস্থিৰ, দায়িত্বশীল আৰু একত্ৰিত হৈ থকাটো গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত উৰাবাতৰি বিয়পাই আতংক সৃষ্টি কৰাৰ চেষ্টা দায়িত্বজ্ঞানহীন আৰু ক্ষতিকাৰক৷’’ পুৰীয়ে এক্সত এক পোষ্টযোগে কয়।
ইফালে, বিত্তমন্ত্ৰীয়ে কয় যে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক কৰ্তনৰ মূল লক্ষ্য হৈছে চলি থকা পশ্চিম এছিয়াৰ সংঘাতৰ বাবে খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰা গ্ৰাহকক সকাহ প্ৰদান কৰা।
‘‘প্ৰথম কথা, যেতিয়াই বিশ্বত এনে সংকট আহি পৰে, তেতিয়া ইয়াৰ প্ৰভাৱ ভাৰততো পৰে ৷ ক’ভিডেই হওক বা এতিয়াৰ যুদ্ধৰ পৰিস্থিতিয়েই হওক, প্ৰধানমন্ত্ৰীয়ে ততালিকে ইয়াৰ প্ৰতি সঁহাৰি জনোৱাৰ ধৰণটো হ’ল যাতে জনসাধাৰণৰ ওপৰত কোনো চাপ নপৰে আৰু জনসাধাৰণে পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ কোনো অসুবিধা বা নাটনিৰ সন্মুখীন নহয়। খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম বৃদ্ধি পাইছে, আৰু প্ৰধানমন্ত্ৰীয়ে বিচাৰিছিল যে পেট্ৰ’ল, ডিজেল, আৰু এ টি এফ (এভিয়েশন টাৰ্বাইন ইন্ধন) ৰ যাতে মূল্য বৃদ্ধি নহয়। সেই কাৰণেই আমি তেল বিপণন কোম্পানীসমূহক সহায় কৰাৰ সিদ্ধান্ত লৈছো, যাতে জনসাধাৰণৰ বাবে এই হাৰ বৃদ্ধি নহয়।’’ সীতাৰমণে কয়৷
‘‘কালি ৰাম নৱমীৰ দিনা প্ৰধানমন্ত্ৰীয়ে জৰুৰী বৈঠক আহ্বান কৰি এই বিষয়সমূহৰ ওপৰত আলোচনা কৰি ততাতৈয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰে । যোৱা নিশা আমাৰ মন্ত্ৰণালয় আৰু পেট্ৰ’লিয়াম মন্ত্ৰালয়ে একেলগে বহি কাম কৰিছিল, আৰু আজি আমি এই সিদ্ধান্ত ঘোষণা কৰিছো৷’’ তেওঁ লগতে কয়।
বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আবকাৰী শুল্ক কৰ্তনৰ আন এটা লক্ষ্য হৈছে খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বাবে সমস্যাৰ সন্মুখীন হোৱা তেল বিপণন কোম্পানীসমূহক সুৰক্ষা দিয়া । ইয়াৰ দ্বাৰা ইন্ধন যোগানৰ কোনো অভাৱ নোহোৱাটোও নিশ্চিত হ’ব বুলিও তেওঁ কয়।
‘‘বিদেশত তেলৰ দাম বৃদ্ধি পাইছে, যাৰ বাবে তেল বিপণন কোম্পানীয়ে ক্ৰয় কৰা বন্ধ কৰিব পাৰে- এনে পৰিস্থিতি হ’ব নালাগে। তেওঁলোকে কিনি থাকিব লাগে আৰু আমাৰ জনসাধাৰণে সঠিক সময়ত সঠিক পৰিমাণ পোৱাটো নিশ্চিত কৰাৰ ব্যৱস্থা কৰিব লাগে। সেইবাবেই আজিৰ এই সিদ্ধান্তৰ ফলত যোগানৰ নাটনি নহ’ব, উপলব্ধতাৰ নাটনি নহ’ব, আৰু জনসাধাৰণে ডিজেল, পেট্ৰ’ল প্ৰয়োজন অনুসৰি লাভ কৰিব’’ বিত্তমন্ত্ৰীয়ে কয়।