সীতাৰমণৰ কেন্দ্ৰীয় বাজেটত কৰদাতালৈ বৃহৎ সকাহ, বছৰি উপাৰ্জন ৭ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই

Story by  Mukut Sarma | Posted by  [email protected] • 1 Years ago
বাজেট দাখিলৰ সময়ত সীতাৰমণ
বাজেট দাখিলৰ সময়ত সীতাৰমণ
নতুন দিল্লী
 
এবছৰত ৭ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলে এতিয়াৰে পৰা চৰকাৰক আদায় দিব নালাগে কোনো আয়কৰ। ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দেশৰ কোটি কোটি মধ্যবিত্ত শ্ৰেণীৰ নাগৰিকক বৃহৎ সকাহ দি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বছৰি ৭ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে।
 
তাৰোপৰি কোনোবাই যদি এবছৰত ৯ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰে তেন্তে তেওঁ ৪৫ হাজাৰ টকা আয়কৰ দিব লাগিব। যিটো পূৰ্বতকৈ ২৫ শতাংশ কম। যিসকলৰ বাৰ্ষিক আয় ১৫ লাখ টকা, তেওঁলোকে ১.৫ লাখ টকাৰ কৰ দিব লাগিব। পূৰ্বে তেনে লোকে ১ লাখ ৮৭ হাজাৰ টকা দিবলগীয়া হৈছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মলা সীতাৰমণৰ এই বাজেট ঘোষণা মাষ্টাৰষ্ট্ৰ’ক হিচাপে পৰিগণিত হৈছে। তেওঁৰ এই সিদ্ধান্তই দেশৰ কোটি কোটি মধ্যবিত্ত শ্ৰেণীৰ লোকক উপকৃত কৰিব।
 
উল্লেখ্য যে, যোৱা দুবছৰ ধৰি আয়কৰ ৰেহাইৰ উচ্চ সীমাৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। সেয়ে, মুদ্ৰাস্ফীতিয়ে জুৰুলা কৰা মধ্যবিত্ত শ্ৰেণীয়ে এইবাৰৰ বাজেটত কৰ গাঁথনিত সকাহ পোৱাৰ আশা কৰিছিল।  সেই অনুসৰি, বিত্তমন্ত্ৰীগৰাকীয়ে আজি কেন্দ্ৰীয় বাজেটত মধ্যবিত্ত শ্ৰেণীৰ আশা পূৰণ কৰিলে। ইফালে, বাজেটত কেৱল কৰ ৰেহাই দিয়াই নহয়, আন্তঃগাঁথনি আৰু আই টি ৰিটাৰ্ণ দাখিল প্ৰক্ৰিয়াও সহজ কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰে। কৰদাতাসকলক এই নতুন কৰ গাঁথনি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কিন্তু ইচ্ছা কৰিলে পুৰণি ধৰণেৰে কৰ দিব পাৰিব।
"মই ২০২০ চনত ৬ টা উপাৰ্জনৰ শ্লেবৰ সৈতে নতুন ব্যক্তিগত আয়কৰ ব্যৱস্থা আৰম্ভ কৰিছিলো, যি ২.৫ লাখ টকাৰ পৰা আৰম্ভ হৈছিল। এইবাৰ কৰ গাঁথনি সলনি কৰা শ্লেবৰ সংখ্যা ৫ লৈ হ্ৰাস কৰা হৈছে আৰু কৰ ৰেহাইৰ সীমা ৩ লাখ টকালৈ বৃদ্ধি কৰা হৈছে," তেওঁ কয়। মনকৰিবলগীয়া যে, স্বাধীনতাৰ এশ বছৰ সম্পূৰ্ণ হোৱাৰ কথা মনত ৰাখি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি মুঠ ৭টা উদ্দেশ্যৰ আধাৰত বাজেট দাখিল কৰে। বাজেট ভাষণত তেওঁ কয় যে এই বাজেটৰ সাতটা লক্ষ্যই ২০৪৭ চনলৈকে ভাৰতক পথ প্ৰদৰ্শন কৰিব। ভাৰতৰ সকলো জনসাধাৰণক একেলগে আগুৱাই নিয়াৰ বাৰ্তাৰে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই বাজেটে দেশখনক প্ৰগতিৰ সীমালৈ আগুৱাই নিব।
 
সাতটা উদ্দেশ্যৰ ভিতৰত প্ৰথমটো হ’ল দেশৰ সামগ্ৰিক উন্নয়ন। একে সময়তে বিত্তমন্ত্ৰীয়ে দেশখনে উন্নয়নৰ শিখৰত উপনীত হোৱাৰ কথা কয়। এখন সেউজ ভাৰত গঢ়াৰ বাবেও কৃষিৰ ওপৰত গুৰুত্ব দিয়া হ’ব। কৃষকৰ সমস্যা সমাধানৰ বাবে উদ্যোগ গ্ৰহণ কৰিব কেন্দ্ৰই। এই বাজেটত প্ৰদূষণমুক্ত পৰিৱেশ সৃষ্টিৰ দিশত গুৰুত্ব দিয়া হৈছে। দেশক আগুৱাই নিয়াৰ স্বাৰ্থত কেন্দ্ৰীয় বাজেটত বিভিন্ন ক্ষেত্ৰত আন্তঃগাঁথনি নিৰ্মাণৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ লগতে যুৱক-যুৱতীসকলক আগুৱাই নিয়াৰ লগতে তেওঁলোকৰ প্ৰতিভাক সম্পূর্ণৰূপে বিকশিত কৰাত গুৰুত্ব দিয়া হৈছে৷
বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই বাজেটত জম্মু-কাশ্মীৰ, লাডাখ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নকে ধৰি মহিলা, যুৱ সমাজৰ উন্নয়নৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে দেশখনক উন্নয়নৰ শিখৰলৈ লৈ যাবলৈ আদিবাসীসকলৰ উন্নয়নৰ বাবে ১৫ হাজাৰ কোটি টকা আবণ্টন দিয়ে কেন্দ্ৰই। লগতে দেশৰ উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ প্ৰতি বিশেষ গুৰুত্ব দিব কেন্দ্ৰই।
 
দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ লাখ কোটি টকা আবণ্টন দিয়া হৈছে, যিটো মুঠ জিডিপিৰ ৩.৩ শতাংশ। দেশক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ কথা ঘোষণা কৰি বিত্তমন্ত্ৰীগৰাকীয়ে গৃহ নিৰ্মাণ আঁচনিৰ বাবে আবণ্টন বৃদ্ধিৰ কথা ঘোষণা কৰে। প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে ৭৯ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে। দেশৰ যুৱক-যুৱতীসকলক আগুৱাই নিয়াৰ বাবে একলব্য বিদ্যালয়ত ৩৮ হাজাৰ শিক্ষক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। ৰে’লৱেৰ বাবে ২ লাখ ৪০ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে।
প্ৰদূষণমুক্ত ভাৰত গঢ়ি তোলাৰ বাবে কেন্দ্ৰই কেইবাটাও পৰিকল্পনা গ্ৰহণ কৰিছে, য’ত মেংগ্ৰোভ বনাঞ্চল সৃষ্টি, পুৰণি গাড়ী বাতিল কৰাকে ধৰি কেইবাটাও পৰিকল্পনা গ্ৰহণ কৰিছে। যুৱক-যুৱতীসকলক আগুৱাই নিয়াৰ বাবে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ পৰিকল্পনা কৰা হৈছে। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৪.০ ৰ শুভাৰম্ভৰ কথা ঘোষণা কৰি সীতাৰমণে কয় যে আন্তঃৰাষ্ট্ৰীয় সুযোগৰ বাবে যুৱসকলক দক্ষতা প্ৰদান কৰিবলৈ বিভিন্ন ৰাজ্যত ৩০ টা স্কিল ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ স্থাপন কৰা হ'ব।