নতুন দিল্লী
ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প নহয়, উপস্থিত থাকিব এণ্টনিঅ’ লুইছ ছান্টোছ দা কোষ্টা আৰু উৰ্চুলা ভন ডেৰ লেয়েন। কেৱল এখন দেশৰ পৰিৱৰ্তে ইউৰোপীয় সংঘৰ (EU) দুগৰাকী শীৰ্ষ নেতাক একেলগে আমন্ত্ৰণ জনোৱা হৈছে এইবাৰ গণৰাজ্য দিৱসত।
ভাৰতৰ কূটনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে এখন দেশৰ নেতা নহয়, ইউৰোপীয় সংঘৰ দুগৰাকী শীৰ্ষ নেতাক একেলগে গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছে। এই সিদ্ধান্ত কেৱল পৰম্পৰাৰ পৰা বিৰতি নহয় বৰঞ্চ পৰিৱৰ্তিত বিশ্ব সমীকৰণত ভাৰতৰ কৌশলগত চিন্তাধাৰাকো প্ৰতিফলিত কৰে। ট্ৰাম্প ফেক্টৰ আৰু ভাৰত-EU FTAৰ পটভূমিত ভাৰতে ইয়াক এক বৃহৎ কূটনৈতিক পদক্ষেপ হিচাপে গণ্য কৰিছে।
টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, বিশ্বৰ ৰাজনীতি দ্ৰুতগতিত পৰিৱৰ্তিত হোৱাৰ সময়তে এই আমন্ত্ৰণ দিয়া হৈছে। আমেৰিকা আৰু ট্ৰেন্স আটলাণ্টিক সম্পৰ্কত তিক্ততা আহি পৰিছে। আমেৰিকা আৰু ইউৰোপৰ মাজত আস্থাৰ বিভাজন স্পষ্ট হৈ পৰিছে। ইফালে, ভাৰত আৰু ইউৰোপীয় সংঘৰ কাষ চাপিছে। ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ আলোচনা এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত। প্ৰতিৰক্ষা, নিৰাপত্তা, স্বচ্ছ শক্তি, আৰু যোগান শৃংখলৰ দৰে বিষয়ত অংশীদাৰিত্ব গভীৰ হৈ আহিছে।
এণ্টনিঅ’ লুইছ ছান্টোছ দা কোষ্টা ইউৰোপীয় পৰিষদৰ সভাপতি, আনহাতে উৰ্চুলা ভন ডেৰ লেয়েন ইউৰোপীয় আয়োগৰ সভানেত্ৰী। এই দুটা পদে ইউৰোপীয় ইউনিয়নৰ আটাইতকৈ শক্তিশালী প্ৰতিষ্ঠানসমূহক নেতৃত্ব দিয়ে। নীতিগত সিদ্ধান্তৰ পৰা আৰম্ভ কৰি বিশ্ব কৌশললৈকে ২৭খন ৰাষ্ট্ৰৰ এই ব্লকত তেওঁলোকৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।