গুৱাহাটী
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখনত যান-বাহনৰ চলাচল ৭ মার্চ পর্যন্ত বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে কামৰূপ মহানগৰ জিলা প্রশাসন আৰু কামৰূপ মহানগৰ আৰক্ষী প্রশাসনে।
অহা ৮ মাৰ্চৰ পৰাহে সেতুখন দুচকীয়া-তিনিচকীয়া বাহনৰ বাবে মুকলি কৰা হ'ব। উল্লেখ্য যে প্রধানমন্ত্রীয়ে উদ্বোধন কৰি যোৱা পিচৰ পৰাই ১ মার্চ পর্যন্ত সেতুখন যান-বাহন চলাচলৰ বাবে মুকলি কৰা নহ'ব আৰু তাৰ সুবিধা লৈ পথচাৰীসকলে সৌন্দর্য উপভোগ কৰাৰ সুবিধা পাব বুলি কোৱা হৈছিল।
কিন্তু ৰাইজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্রশাসনে সেই সময়সীমা অহা ৭ মার্চলৈ বৃদ্ধি কৰিছে। সেইমৰ্মে অহা ৮ মাৰ্চৰ পৰা সেতুখন যান-বাহন চলাচলৰ বাবে মুকলি কৰা হ'লেও জনসমাগম আৰু যান-জঁট ৰোধৰ স্বার্থতে বাছ আৰু ট্ৰাকৰ চলাচল নির্দেশ নিদিয়া পর্যন্ত বন্ধ ৰখা হ'ব।