নুপুৰ শৰ্মা বিতৰ্ক: উচ্চতম ন্যায়ালয়ে সকলো এজাহাৰ একত্ৰিত কৰি দিল্লী আৰক্ষীলৈ স্থানান্তৰ কৰে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
নুপুৰ শৰ্মা
নুপুৰ শৰ্মা
নতুন দিল্লী
 
উচ্চতম ন্যায়ালয়ে বুধবাৰে নিলম্বিত বিজেপি মুখপাত্ৰ নুপুৰ শৰ্মাৰ বিৰুদ্ধে পয়গম্বৰ হজৰত মুহাম্মাদৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যৰ বাবে দাখিল কৰা সকলো এজাহাৰ দিল্লী আৰক্ষীলৈ স্থানান্তৰ কৰিছে।
 
শীৰ্ষ আদালতে তেওঁক এফ আই আৰ বাতিল কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ স্বাধীনতা প্ৰদান কৰিছে আৰু লগতে পশ্চিম বংগ চৰকাৰে আদালতৰ দ্বাৰা নিৰীক্ষণ কৰা এছ আই টি তদন্তৰ বাবে দাখিল কৰা আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।
দুই ন্যায়াধীশৰ বিচাৰপীঠে লগতে স্পষ্ট কৰি দিয়ে যে শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পৰা সুৰক্ষা সকলো অমীমাংসিত আৰু ভৱিষ্যতৰ এজাহাৰত অব্যাহত থাকিব। বিচাৰপীঠে লগতে উল্লেখ কৰে যে দিল্লী আৰক্ষীৰ বিশেষ সংস্থা ইণ্টেলিজেঞ্চ ফিউজন এণ্ড ষ্ট্ৰেটেজিক অপাৰেচনচ (আই এফ এছ অ') গোটৰ দ্বাৰা এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু ই তদন্তটো চলাব লাগে বুলি পৰামৰ্শ দিয়ে।
ইয়াৰ পূৰ্বে, ১৯ জুলাইত শীৰ্ষ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে পঞ্জীয়ন কৰা এফ আই আৰ আৰু ভৱিষ্যতে তেওঁৰ মন্তব্যৰ সন্দৰ্ভত এজাহাৰৰ বিৰুদ্ধে কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি।
 
শৰ্মাই পয়গম্বৰ মুহাম্মাদৰ ওপৰত কৰা মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে দাখিল কৰা নখন এজাহাৰত গ্ৰেপ্তাৰৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল আৰু দিল্লীত পঞ্জীয়ন কৰা এজাহাৰৰ সৈতে এজাহাৰসংঘবদ্ধ/বাতিল কৰিবলৈও বিচাৰিছিল।