জেলৰ ভিতৰত দিল্লীৰ মন্ত্ৰীয়ে মালিচ লৈ থকা ভাইৰেল ভিডিঅ'ক লৈ আপ-বিজেপিৰ বাকযুদ্ধ

Story by  atv | Posted by  [email protected] • 1 Years ago
জেলৰ ভিতৰত দিল্লীৰ মন্ত্ৰীয়ে মালিচ লৈ থকাৰ দৃশ্য
জেলৰ ভিতৰত দিল্লীৰ মন্ত্ৰীয়ে মালিচ লৈ থকাৰ দৃশ্য
নতুন দিল্লী
 
মে’ মাহত ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনে দিল্লীৰ তিহাৰ কাৰাগাৰত মালিচ লৈ থকাৰ এটা ভিডিঅ’ক লৈ আজি বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিক তীব্ৰ সমালোচনা কৰে।
 
দলৰ কেইবাজনো নেতাই ছ’চিয়েল মিডিয়াত ভিডিঅ’ ক্লিপটো শ্বেয়াৰ কৰি বিজেপিৰ অভিযোগ পুনৰবাৰ উল্লেখ কৰে যে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মন্ত্ৰী জৈনে জেলত বিশেষ আতিথ্য লাভ কৰে।
ইফালে, আপে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে অসুস্থ জৈনক চিকিৎসা আগবঢ়াই থকাৰ দৃশ্য পৰিকল্পিতভাৱে ভাইৰেল কৰি বিজেপিয়ে ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে। দলটোৱে বিজেপিক ‘নিলজ্জ’ বুলি অভিহিত কৰিছে। 
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই কয় যে জেলত আঘাত পোৱাৰ পিছত সত্যেন্দৰ জৈনৰ মেৰুদণ্ডৰ দুটা অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে। ইয়াৰ পিছত চিকিৎসালয়ৰ পৰা তেওঁক ফিজিঅ’থেৰাপিৰ পৰামৰ্শ দিয়া হৈছিল।আনহাতে, জেলত সত্যেন্দৰ জৈনৰ আচৰণৰ বিষয়ে বুজাবলৈ কেজৰিৱালক প্ৰত্যাহ্বান জনাই বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই কয় যে আম আদমি পাৰ্টি ‘স্পা এণ্ড মালিচ পাৰ্টি’ত পৰিণত হৈছে। ‘ভিআইপি সংস্কৃতি’ক লৈও আপে ভণ্ডামি কৰি আছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে।
সংবাদমেলত ভাটিয়াই কয়, "এতিয়া অৰবিন্দ কেজৰিৱাল ক'ত লুকাই আছে। সত্যেন্দৰ জৈনে নিয়ম আৰু কাৰাগাৰৰ আইন সম্পূৰ্ণৰূপে উলংঘা কৰি মালিচ উপভোগ কৰা আৰু নিজৰ কোঠাত দৰ্শনাৰ্থীক লগ পোৱা দেখা যায়। জেলত এই ভিভিআইপি সংস্কৃতি গণতন্ত্ৰৰ বাবে বিপজ্জনক।"
 
ইফালে, গুজৰাটৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ মন বিচলিত কৰিবলৈ ভিডিঅ’টোক বিজেপিয়ে ষ্টাণ্ট হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে বুলি উপ-মুখ্যমন্ত্ৰী ছিছ’দিয়াই অভিযোগ উত্থাপন কৰিছে। ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে জেলৰ ভিডিঅ’টো ফাদিল হোৱাটো আদালতৰ নিৰ্দেশৰ বিৰুদ্ধে।
উল্লেখ্য যে, জেলত থকা মন্ত্ৰীক ভি আই পিৰ সা-সুবিধা আগবঢ়োৱাৰ অভিযোগত তিহাৰ কাৰাগাৰৰ অধীক্ষক অজিত কুমাৰক নিলম্বিত কৰাৰ কেইদিনমান পিছতে এই ভিডিঅ'টো পোহৰলৈ আহিছে।
যোৱা মাহত, ইনফৰ্চমেণ্ট ডাইৰেক্টৰেটে(ইডি) অভিযোগ কৰিছিল যে মন্ত্ৰী জৈনে ক্ষমতাৰ অপব্যৱহাৰ কৰি কাৰাগাৰত বিলাসী জীৱন যাপন কৰি আছে। তদন্ত সংস্থাটোৱে দিল্লীৰ এখন আদালতত চিচিটিভি ফুটেজো দাখিল কৰিছিল।