১৫ বছৰে হিন্দু লোকে পৰিচালনা কৰি থকা গাজিয়াবাদৰ এখন বিশেষ মাদ্ৰাছা

Story by  atv | Posted by  [email protected] • 1 Years ago
জামিয়া ৰছিদিয়া মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলৰ সৈতে অধ্যক্ষ ৰাম খিলাড়ী
জামিয়া ৰছিদিয়া মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলৰ সৈতে অধ্যক্ষ ৰাম খিলাড়ী
নতুন দিল্লী
 
ইছলামিক শিক্ষানুষ্ঠান মাদ্ৰাছাক সন্ত্ৰাসবাদী আৰু মৌলবাদী উৎপাদনৰ কাৰখানা বুলি ধাৰণা লৈ থকাসকলে উত্তৰ প্ৰদেশৰ ঔদ্যোগিক চহৰ গাজিয়াবাদৰ লোনিত অৱস্থিত জামিয়া ৰছিদিয়া নামৰ মাদ্ৰাছাখনৰ অধ্যক্ষ ৰাম খিলাড়ীক সাক্ষাৎ কৰিব পাৰে। হিন্দু ধৰ্মাৱলম্বী লোকজনে ১৫ বছৰ ধৰি এই মাদ্ৰাছাখন পৰিচালনা কৰি আহিছে।
 
আপুনি এখন মাদ্ৰাছা ভ্ৰমণ কৰিছে নেকি আৰু শিক্ষাৰ্থীসকলৰ সৈতে সময় অতিবাহিত কৰিছে নেকি? আপোনাৰ ধাৰণাক সমৰ্থন কৰিবলৈ কোনো গৱেষণা আছে নে আপোনাৰ ধাৰণা কেৱল শুনা কথাৰ ওপৰত আধাৰিত? এইবোৰ প্ৰশ্ন ৰাম খিলাড়ীয়ে সমালোচকক নীৰৱ কৰিবলৈ উত্থাপন কৰে।
ৰাম খিলাড়ীয়ে কয়, “মাদ্ৰাছাত পঢ়া-শুনা কৰাত কোনো দোষ নাই। মই ইয়াৰ উদাহৰণ। আমি আন বিদ্যালয়ত যিদৰে শিক্ষা দিওঁ, মাদ্ৰাছাতো একেই শিক্ষা দিওঁ। আমাৰ শিশুসকলে ইয়াত নিকাব পিন্ধে, আমি নামাজত কলিমা পাঠ কৰো। প্ৰতিখন বিদ্যালয়ৰ দৰেই আমাৰো এনে কিছু নিৰ্দিষ্ট নিয়ম আছে।”
মাদ্ৰাছা জামিয়া ৰছিদিয়া ১৯৯৯ চনত ৫৯ জন ছাত্ৰ-ছাত্ৰীৰে প্ৰতিষ্ঠা কৰা হৈছিল, যাৰ অধিকাংশই আৰ্থিকভাৱে দুখীয়া মুছলমান পৰিয়ালৰ। অঞ্চলটো ভ্ৰমণ কৰিলে, ইয়াৰ দৰিদ্ৰতাৰ ছবি প্ৰতিফলিত হয়।
 
মাদ্ৰাছাখনত প্ৰায় ৮০০ ছাত্ৰ-ছাত্ৰী আৰু ২২ গৰাকী শিক্ষক আছে। তেওঁলোকৰ অধ্যক্ষ হ'ল ৰাম খিলাড়ী। শিক্ষক হিচাপে তেওঁ হিন্দী ভাষাৰ শিক্ষা আগবঢ়ায়। 
 
 
ৰাম খিলাড়ীয়ে হিন্দী ভাষা শিকাই আছে
 
অধ্যক্ষগৰাকীয়ে কয় যে ইয়ালৈ অহাৰ আগতে তেওঁ দহ বছৰ ধৰি বহু বিদ্যালয়ত কাম কৰিছিল আৰু ইয়াতেই তেওঁ শিক্ষকতাৰ বাবে এক অনুকূল পৰিৱেশ বিচাৰি পাইছে আৰু নতুন চাকৰিৰ বাবে এই মাদ্ৰাছাখন এৰি যোৱাৰ কথা কেতিয়াও চিন্তা কৰা নাই৷ মনকৰিবলগীয়া যে, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে তেওঁক পণ্ডিত অধ্যক্ষ ছাৰ বুলি মাতে।
ইফালে, মাদ্ৰাছাৰ মুৰব্বী ইমাম নবাব আলীয়ে কয় যে, পিতৃ-মাতৃয়ে নিজৰ সন্তানক মাদ্ৰাছালৈ পঠিয়াবলৈ অনিচ্ছুক আছিল। “এতিয়া আমাৰ ক্লাছবোৰ ভৰি পৰিছে। নতুন ছাত্ৰ-ছাত্ৰীৰ বাবে ঠাই সৃষ্টি কৰিবলৈ আমি কষ্ট কৰিবলগীয়া হৈছে।”
সকলোৱে এটা পৰিয়ালৰ দৰে কাম কৰি আছে বুলি উল্লেখ কৰি ৰাম খিলাড়ীয়ে কয় যে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ সৈতে মিলিত হোৱাৰ সময়ত তেওঁ কেতিয়াও ধৰ্মক হেঙাৰ হিচাপে অনুভৱ কৰা নাই।
 
ৰাম খিলাড়ীৰ মতে ভাৰতীয়সকলক সবলীকৰণৰ বাবে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াটো অতি গুৰুত্বপূৰ্ণ। মাদ্ৰাছাৰ বিষয়ে বেয়াকৈ মন্তব্য আগবঢ়োৱা লোকসকলৰ প্ৰতি তেওঁৰ কিছু পৰামৰ্শ আছে বুলি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। “শিক্ষাই আমাক সঠিক আৰু ভুলৰ পাৰ্থক্য শিকায়। আমি যি শুনিছো সেয়া মিছা হ’ব পাৰে, আৰু আমি যি দেখিছো সেয়াও মিছা হ’ব পাৰে। সেয়ে, সঠিকভাৱে অনুসন্ধান কৰাটোৱেই সঠিক উপায়।”
উল্লেখ্য যে, মাদ্ৰাছাখনত কোৰআনৰ উপৰিও হিন্দী, ইংৰাজী আৰু বিজ্ঞান বিষয়ৰো পাঠদান কৰা হয়। তেওঁ ব্যাখ্যা কৰে যে তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ১৯৯৪ চনত আৰম্ভ কৰা মাদ্ৰাছা আধুনিকীকৰণ আঁচনিৰ অধীনত গণিত, সমাজ অধ্যয়ন, বিজ্ঞান আদি বিষয়ৰ প্ৰৱৰ্তনে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষা আৰু চাকৰিৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিছে।
বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰত ২০১৯ চনৰ শীৰ্ষস্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকলৰ ছবি থকা এখন পোষ্টাৰ আছে, য'ত সকলো শিক্ষাৰ্থী ছোৱালী। ৰাম খিলাদীৰ লগতে বিদ্যালয়ৰ আন শিক্ষকসকলে গৌৰৱেৰে কয় যে মাদ্ৰাছাখনৰ বহু কেইগৰাকী শিক্ষাৰ্থীয়ে ইউ পি এছ চি অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে।  
 
ৰাম খিলাড়ীয়ে তেওঁৰ শ্ৰেণীৰ এজন শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰি আছে
 
মাদ্ৰাছাখনৰ পৰা ওলাই অহা একাংশ ছাত্ৰ-ছাত্ৰীয়ে আৰক্ষী সেৱাত যোগদান কৰিছে। বহুতেই ডাক্তৰ হৈছে। এজন ছাত্ৰ স্থানীয় চিকিৎসালয়ৰ মেনেজাৰ। দৰিদ্ৰ পটভূমিৰ মুছলমান শিশুসকলে ব্যক্তিগত বিদ্যালয়সমূহত অধ্যয়ন কৰাটো প্ৰায় অসম্ভৱ। মাদ্ৰাছাবোৰেই তেওঁলোকৰ শিক্ষাৰ একমাত্ৰ উৎস। আন ঠাইৰ দৰে ইয়াতো ছাত্ৰ-ছাত্ৰীৰ সপোন আছে, কিছুমানে সেনাবাহিনীত যোগদান কৰি দেশসেৱাও কৰিব বিচাৰে।
অৱশ্যে, মাদ্ৰাছাখনৰ সকলো দিশ ঠিকেই আছে বুলি ক’লেও অত্যুক্তি কৰা হ’ব৷ কাৰণ, মাদ্ৰাছা আধুনিকীকৰণ আঁচনিৰ অধীনত নিযুক্ত ৰাম খিলাড়ী আৰু অন্যান্য শিক্ষকসকলে যোৱা পাঁচ বছৰে দৰমহা লাভ কৰা নাই। প্ৰতিশ্ৰুতি দিয়া দৰমহা আদায় নিদিয়ালৈকে তেওঁলোকে লাভ কৰে ৩ হাজাৰ টকাৰ পাৰিতোষিক। পত্নীহাৰা খিলাড়ীয়ে দুটা সন্তানৰ সৈতে বহু অভাৱত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। তেওঁৰ দুয়োজন সন্তানে এই মাদ্ৰাছাৰ সপ্তম শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছে। ইমান কম দৰমহাত জীয়াই থকাটো কঠিন বুলি তেওঁ স্বীকাৰ কৰে। তেওঁ কয় যে কেতিয়াবা মৌলিক প্ৰয়োজনীয়তাসমূহো পূৰণ কৰাটো কঠিন হৈ পৰে। 
আৰ্থিক দুখ-কষ্টৰ মাজতো ৰাম খিলাড়ী স্কুলত সদায় উপস্থিত থাকে আৰু হাঁহিভৰা মুখেৰে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দান কৰি আছে। তেওঁ কয়: “এই অঞ্চলটোত মই য’তেই নাযাওঁ, মানুহে মোক বহুত সন্মান প্ৰদৰ্শন কৰে। ল’ৰা-ছোৱালীয়ে মোক নিজৰ ঘৰলৈ লৈ যায়।”