নতুন দিল্লী
নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ ৭ লোক কল্যাণ মাৰ্গৰ বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংক, আৰু ত্ৰি-সেৱাৰ মুৰব্বীসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানও উপস্থিত থাকে।
যোৱা ৭ মে’ত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে চলোৱা 'অপাৰেচন সেন্দুৰ'ৰ পিছত পশ্চিম সীমান্তত পাকিস্তানৰ সৈতে কেইবাদিনো ধৰি উত্তেজনা বৃদ্ধি পোৱাৰ পিছতে এই বৈঠক অনুষ্ঠিত হয়। ২২ এপ্ৰিলত ২৬ জন পৰ্যটকৰ হত্যা কৰাৰ প্ৰতিশোধ হিচাপে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰ (PoK)ৰ ৯টা সন্ত্ৰাসবাদী আন্তঃগাঁথনিক লক্ষ্য কৰি 'অপাৰেচন সেন্দুৰ' চলোৱা হৈছিল।
ইফালে ভাৰত আৰু পাকিস্তানে গুলীচালনা বন্ধ আৰু সামৰিক ব্যৱস্থা সন্দৰ্ভত বুজাবুজিৰ কাম কৰিছে বুলি শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় আৰু ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ় আৰু আপোচবিহীন স্থিতি অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে।
ভাৰত আৰু পাকিস্তানে আজি গুলীচালনা বন্ধ আৰু সামৰিক ব্যৱস্থাৰ ওপৰত এক বুজাবুজিৰে কাম কৰিছে। ভাৰতে সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে দৃঢ় আৰু আপোচবিহীন স্থিতি বজাই ৰাখিছে। আৰু ই তেনেকৈয়ে থাকিব বুলি তেওঁ এক্সত এটা পোষ্টত উল্লেখ কৰিছে।
ভাৰত আৰু পাকিস্তানৰ ডিজিএমঅ’ই দুয়োপক্ষই সকলো গুলীচালনা আৰু সামৰিক কাৰ্যকলাপ বন্ধ কৰিব বুলি একমত হোৱাৰ পিছতে মন্ত্ৰীগৰাকীৰ এই মন্তব্য। ইয়াৰ পূৰ্বে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, শনিবাৰে বিয়লি পাকিস্তানৰ সামৰিক অভিযান সঞ্চালক প্ৰধানে তেওঁৰ ভাৰতীয় সমকক্ষৰ সৈতে যোগাযোগ কৰিছে।
তেওঁ কয়, "পাকিস্তানৰ সামৰিক অভিযান সঞ্চালক প্ৰধানে আজি বিয়লি ৩:৩৫ বজাত ভাৰতীয় ডিজিএমঅ’ক ফোন কৰিছিল। দুয়োপক্ষই স্থল আৰু আকাশ আৰু সাগৰত সকলো আক্ৰমণ আৰু সামৰিক কাৰ্যকলাপ বন্ধ কৰিব বুলি তেওঁলোকৰ মাজত সহমতত উপনীত হৈছিল।"
আজি এই বুজাবুজিক কাৰ্যকৰী কৰিবলৈ দুয়োপক্ষৰ পৰা নিৰ্দেশনা দিয়া হৈছে। ১২ মে’ত সামৰিক অভিযানৰ সঞ্চালক প্ৰধানসকলে পুনৰ কথা পাতিব বুলিও তেওঁ উল্লেখকৰিছে।
অৱশ্যে ভাৰতে শনিবাৰে কয় যে, পাকিস্তানে দুয়োখন দেশৰ ডিজিএমঅ’ৰ মাজত গুলীচালনা বন্ধ আৰু সামৰিক কাৰ্যকলাপৰ সন্দৰ্ভত দিনটোৰ পূৰ্বে হোৱা বুজাবুজি উলংঘা কৰিছে আৰু ভাৰতীয় সেনাই প্ৰতিশোধ হিচাপে সীমান্তত অনুপ্ৰৱেশ কৰাসকলৰ সৈতে মোকাবিলা কৰিছে।