গুৱাহাটী
দুদিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। গুৱাহাটী আৰু কলিয়াবৰত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীৰ অংশস্বৰূপে বিয়লি ৫.২০ বজাত বিশেষ বিমানযোগে বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'ব প্রধানমন্ত্রী। কলকাতাৰ পৰা গুৱাহাটীলৈ উৰা মৰাৰ পূৰ্বে প্রধানমন্ত্রী মোদীয়ে গুৱাহাটী-হাওৰাৰ মাজত চলিবলগীয়া দেশৰ ভিতৰতে প্রথমখন শয়নশ্রেণীৰ বন্দে ভাবত এক্সপ্ৰেছৰ ভার্চুৱেলী উদ্বোধন কৰিব।
এই উপলক্ষে গুৱাহাটীৰ কামাখ্যা ষ্টেচনত অনুষ্ঠিত হ'বলগীয়া বিশেষ অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। দিনৰ ১.১৫ বজাত কামাখ্যাৰ পৰা হাওৰালৈ ৰাওনা হ'ব ৰে'লখন। তাৰ কিছু সময় পিচত হাওৰাৰ পৰা গুৱাহাটীলৈ আহিব আন এখন শয়নশ্রেণীৰ বন্দে ভাবত এক্সপ্ৰেছ। উল্লেখযোগ্য যে ১৬ টা দবাযুক্ত এই বে'লখনে কামাখ্যাৰ পৰা হাওৰালৈ ৯৬৪ কিঃমিঃ দূৰত্ব ১৪ ঘণ্টাত অতিক্রম কৰিব।
অত্যাধুনিক প্রযুক্তি তথা যাত্রীৰ বাবে বিশেষ সা-সুবিধা থকা ৰে'লখনে শৰাইঘাট এক্সপ্ৰেছৰ তুলনাত বহু কম সময়তে কামাখ্যাৰ পৰা হাওৰাৰ দূৰত্ব অতিক্ৰম কৰিব। ইপিনে অত্যাধুনিক প্রযুক্তিসম্বলিত ৰে'লখনৰ প্ৰথমটো যাত্ৰাৰ ফ্লেগ অফ কৰিয়েই প্রধানমন্ত্রী মোডী গুৱাহাটীলৈ আহিব। বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত বিপুলসংখ্যক বিজেপিৰ নেতা-কর্মীয়ে প্রধানমন্ত্রীক আদৰণি জনাব।
আজাৰা, ধাৰাপুৰ আদিত প্রধানমন্ত্রীক আদৰিবলৈ বিশেষ ব্যৱস্থা কৰিব বিজেপিয়ে। বিমান বন্দৰৰ পৰা পোনে পোনে নৰেন্দ্ৰ মোডী আহিব সকসজাই স্টেডিয়ামলৈ। মুখ্যমন্ত্রী ড' হিমন্তবিশ্ব শর্মাই আজি জানিবলৈ দিয়ামতে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰীক আদৰণিৰ ব্যৱস্থা কৰা নহয়। সৰুসজাই স্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া 'বাগুৰুমবা দহৌ' শীর্ষক কার্যসূচীলৈ অহা দর্শকসকল যাতে কোনোধৰণৰ অসুবিধা নহয়, তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে।
সন্ধিয়া প্রায় ৬ বজাত প্রধানমন্ত্রী মোদীয়ে 'বাগুৰুমবা দহৌ' শীর্ষক সাংস্কৃতিক কার্যসূচীত অংশগ্রহণ কৰিব। সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত বড়ো জনগোষ্ঠীৰ ১০ হেজাৰৰো অধিক ডেকা-গাভৰুৱে 'বাগুৰুমবা' নৃত্য প্রদর্শন কৰিব। প্রধানমন্ত্রীয়ে বড়ো জনগোষ্ঠীৰ চহকী কৃষ্টি 'বাগুৰুমবা' নৃত্য উপভোগ কৰাৰ পিচত উপস্থিত শিল্পী, দর্শক, ৰাইজক উদ্দেশ্যি ভাষণ প্রদান কৰিব।
সৰুসজাই স্টেডিয়ামৰ পৰা প্ৰধানমন্ত্ৰীয়ে যাব কইনাধৰাৰ ৰাজ্যিক অতিথিশালালৈ। নিশাটো কইনাধৰাত কটাই প্রধানমন্ত্রীয়ে পৰহি পুৱা ৯.৩০ বজাত খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব। দিনৰ ১১ বজাত তেওঁ কলিয়াবৰৰ মৌচন্দা পথাৰত সম্বোধন কৰিব এখন বিশাল জনসভা। এক লাখবো অধিক লোকে অংশগ্রহণ কৰিবলগীয়া জনসভাত প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ভূমি পূজন কৰিব। ৬,৯৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া প্রকল্পটো জনসভাৰ মঞ্চতে প্রধানমন্ত্রীয়ে ভার্চুবেল মাধ্যমেৰে ভূমি পূজন কৰিব।
প্রধানমন্ত্রীয়ে ৬,৯৫০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ৭১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশক চাৰিশাৰীলৈ উন্নীতকৰণৰ ভূমি পূজান কৰিব। স্মৰ্তব্য যে ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পটো হৈছে এক পৰিবেশ সচেতন ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প। ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানব মাজেৰে পাৰ হ'বলগীয়া ৩৫ কিলোমিটাৰ এলিভেটেড বাইল্ড লাইফ কৰিডৰ, ২১ কিলোমিটাৰ বাইপাছ শাখা আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ৰ ৩০ কিলোমিটাৰ অংশ দুইশাৰীৰ পৰা চাৰিশাৰীলৈ উন্নীতকৰণ পৰিকল্পনা সন্নিবিষ্ট হৈ আছে।
এই প্রকল্পৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ সমৃদ্ধ জীৱ-বৈচিত্র্যৰ সুৰক্ষা নিশ্চিত কৰাৰ সমান্তৰালকৈ আঞ্চলিক সংযোগ উন্নত কৰা। এই প্রকল্পটো নগাঁও, কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ মাজেৰে পাৰ হোৱাৰ লগতে উজনি অসম, বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ সৈতে সংযোগ যথেষ্ট উন্নত কৰিব। এলিভেটেড বন্যপ্রাণী কৰিডবে জীৱ-জন্তুৰ নিৰৱচ্ছিন্ন চলাচল নিশ্চিত কৰাৰ লগতে মানুহ-বন্যপ্রাণীৰ সংঘাত হ্রাস কৰিব। ই পথ সুৰক্ষা বৃদ্ধি কৰাৰ লগতে ভ্ৰমণৰ সময় আৰু দুর্ঘটনাৰ হাৰ হ্ৰাস কৰিব তথা বর্ধিত যাতায়াত আৰু ৰচদ-পাতি সৰবৰাহত সহায় কৰিব। প্রকল্পটোৰ অংশ হিচাপে জখলাবন্ধা আৰু বোকাখাত বাইপাছ বিকশিত কৰা হ'ব, যিয়ে চহৰসমূহত ভিৰ হ্রাস কৰাৰ লগতে নগৰীয়া চলাচল উন্নত কৰা আৰু স্থানীয় বাসিন্দাসকলৰ জীৱনৰ মান উন্নত কৰাত সহায় কৰিব।
ইপিনে এই কার্যসূচীত প্রধানমন্ত্রীয়ে গুৱাহাটী (কামাখ্যা)-ৰোহটক অমৃত ভাৰত এক্সপ্রেছ আৰু ডিব্ৰুগড়-লক্ষ্ণৌ (গোমতী নগৰ) অমৃত ভাৰত এক্সপ্ৰেছ নামৰ দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ বে'লবো শুভাৰম্ভ কৰিব। এই নতুন বে'লসেৱাই উত্তৰ-পূব আৰু উত্তৰ ভাৰতৰ মাজত ৰে'ল সংযোগ শক্তিশালী কৰাৰ ফলত জনসাধাৰণৰ বাবে নিৰাপদ আৰু অধিক সুবিধাজনক ভ্রমণ সম্ভব হ'ব। ইপিনে ১২.১৫ বজাত কলিয়াবৰৰ পৰা গুৱাহাটী বিমান বন্দৰত উপস্থিত হ'ব নৰেন্দ্ৰ মোডী। দিনৰ প্ৰায় ১ বজাত গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী।