নতুন দিল্লী
বুধবাৰে বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাত ১১ জনকৈ লোকৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ফ্ৰেঞ্চাইজিৰ এগৰাকী শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ উপৰিও আন কেইবাজনকো আটক কৰিছে আৰু কেইবাজনো গ্ৰেপ্তাৰৰ আশংকাত পলাতক অৱস্থাত আছে। জানিব পৰা মতে বেংগালুৰুৰ পৰা মুম্বাইলৈ যাবলৈ চেষ্টা কৰাৰ সময়তে আৰ চি বিৰ শীৰ্ষ বিষয়াগৰাকীক বেংগালুৰু বিমান বন্দৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ হোৱা আৰ চি বিৰ এই শীৰ্ষ বিষয়াগৰাকী বিপণন মুৰব্বী নিখিল ছৌছালে। আনহাতে বুধবাৰে বিজয় উৎসৱৰ আয়োজনৰ দায়িত্ব লোৱা ইভেণ্ট ফাৰ্মৰ বিষয়াসকলকো আটক কৰি ৰাখিছে আৰক্ষীয়ে।
আৰক্ষী সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি আৰ চি বিৰ বিজয় উৎসৱ উদযাপনৰ দায়িত্বত থকা ডি এন এন এণ্টাৰটেইনমেণ্ট নেটৱৰ্কছ প্ৰাইভেট লিমিটেডৰ তিনিজন বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখ্য যে, এন চিন্নাস্বামী ষ্টেডিয়ামত সংঘটিত হোৱা এই পদপিষ্টৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এফ আই আৰ ৰুজু কৰিছে।
আৰ চি বিৰ উপৰিও আৰক্ষীয়ে কৰ্ণটক ক্ৰিকেট সন্থাৰ বিৰুদ্ধেও ৰুজু কৰিছে গোচৰ। বেংগালুৰুৰ কব পাৰ্ক থানাৰ আৰক্ষীয়ে ৰুজু কৰা এক নিজাববীয়া গোচৰত ‘ইভেণ্ট ফাৰ্ম’ৰ তিনিজন বিষয়া কিৰণ, সুমন্ত আৰু সুনীল মেথিউক জেৰা কৰিছে।
ইফালে এই গোচৰত আৰ চি বি কৰ্তৃপক্ষই চৰকাৰ, প্ৰশাসন তথা ন্যায়পালিকাৰ সৈতে সকলো ধৰণৰ সহযোগিতা কৰিবলৈ সাজু বুলি উল্লেখ কৰিছে। পদপিষ্টৰ এই ঘটনাৰ পিছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই বেংগালুৰু আৰক্ষী আয়ুক্তক নিলম্বন কৰিছে।
তাৰোপৰি নিলম্বিত হৈছে বেংগালুৰু আৰক্ষীৰ কেইবাজনো উচ্চপদস্থ বিষয়া। নিলম্বিত আৰক্ষীৰ তালিকাত আছে কাবন পাৰ্ক আৰক্ষী থানাৰ পৰিদৰ্শক, ষ্টেচন হাউছ বিষয়া, ষ্টেচন হাউছ মাষ্টাৰ, কেন্দ্ৰীয় সংমণ্ডলৰ ডিচিপি, সহকাৰী আৰক্ষী আয়ুক্ত আৰু ক্ৰিকেট ষ্টেডিয়ামখনৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নাম।
খবৰ অনুসৰি শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে কৰ্ণাটক ক্ৰিকেট সন্থাৰ সম্পাদক আৰু কোষাধ্যক্ষ।ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ ঘৰত অভিযান চলাইছে। অৱশ্যে তেওঁলোকৰ কোনো সন্ধান বিচাৰি পোৱা নাই আৰক্ষীয়ে। দুয়ো পদপিষ্টৰ ঘটনাৰ পিছৰ পৰাই পলাতক অৱস্থাত আছে।
বুধবাৰৰ এই কাণ্ডত কৰ্ণাটক উচ্চ ন্যায়ালয়েও নিজাববীয়া এক গোচৰ ৰুজু কৰিছে। কৰ্ণাটক চৰকাৰে আদালতক জনোৱা মতে তদন্তৰ দায়িত্ব চি আই ডিৰ হাতত অৰ্পণ কৰা হৈছে। তদন্তৰ বাবে গঠন কৰা হ’ব বিশেষ তদন্তকাৰী দল (SIT)।
স্মৰ্তব্য, ১৭ বছৰীয়া অপেক্ষাৰ অন্তত আই পি এলৰ ১৮ সংখ্যক ছিজনত প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈছিল আৰ চি বি।তাৰ পিছতেই বুধবাৰে বেংগালুৰু চহৰত বিজয় উদযাপনৰ আয়োজন কৰিছিল আৰ চি বি আৰু কৰ্ণাটক ক্ৰিকেট সন্থাই।
এই অনুষ্ঠানতে হোৱা পদপিষ্টৰ ঘটনাত ১১ জন লোকৰ মৃত্যু হৈছে। য’ত কেইবাগৰাকীও আছে নাবালিকা। ঘটনাত আহতৰ সংখ্যা ৩০ ৰ পৰা ৪০ জনৰ ভিতৰত।
তিমধ্যে কৰ্ণাটক চৰকাৰে মৃতকৰ পৰিয়াললৈ ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে । তাৰোপৰি সমগ্ৰ ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰো নিৰ্দেশ দিয়া হৈছে।