আজি ঘোষণা কৰা হব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

Story by  atv | Posted by  Munni Begum • 19 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা৷ জিলা প্রশাসনসমূহে যাৱতীয় প্ৰস্তুতিৰে পুৱাৰে পৰা আৰম্ভ কৰিছে ভোট গণনা প্ৰক্ৰিয়া৷ ৰাজ্যৰ ২৭ খন জিলাত একে সময়তে ভোট গণনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ 
 
বেলটযোগে অনুষ্ঠিত এই ভোট ৰাজ্যৰ ২৫,০০৭ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল৷ ২ মে'ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৪ খন জিলাত আৰু ৭ মে'ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৩ খন জিলাত ভোটদান অনুষ্ঠিত হয়৷ গাঁও পঞ্চায়তৰ ২১,৯২০ টা, আঞ্চলিক পঞ্চায়তৰ ২,১৯১ টা আৰু জিলা পৰিষদৰ ৩৯৭ টা সদস্য পদৰ বাবে এই নির্বাচন অনুষ্ঠিত হয়৷ ইয়াৰ বহু সদস্য পদত বিজেপি দলৰ প্রার্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে৷
 
আজি নিৰ্ণয় হ'ব প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভাগ্য৷ লক্ষণীয় বিষয় যে, দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কোনেও সমদল তথা শোভাযাত্রাৰে বিজয়োৎসৱ পালন কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছিল৷ 
 
ভাৰত-পাকিস্তানৰ মাজত চলি থকা যুদ্ধকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয় সমাবেশ, বিজয়োৎসৱ আদিৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল ৷ কিন্তু শনিবাৰে বিয়লি দুয়োখন দেশে যুদ্ধ বিৰতি ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ এই নীতি-নিৰ্দেশ কার্যকৰী হৈ থাকিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷
 
উল্লেখ্য যে বহুকেইটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন৷ ২ মে'ত ৰাজ্যৰ ১৪ খন জিলা তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল৷ 
 
১৪ খন জিলাত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ৷ ইয়াৰ ভিতৰত মাজুলী জিলাত সৰ্বাধিক ৮০.০২ শতাংশ আৰু শোণিতপুৰ জিলাত সৰ্বনিম্ন ৬১ শতাংশ ভোটদান হৈছিল৷ ইফালে ভোটদানৰ মাজতে কেইবাটাও কেন্দ্ৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে ভোটগ্রহণ কেন্দ্র দখলৰ চেষ্টা, ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ উত্থাপন হৈছিল৷ যাৰ বাবে ৪ মে'ত পুনৰ ৪৪ টা কেন্দ্ৰত ভোটদান অনুষ্ঠিত হৈছিল৷ 
 
৪৪ টা ভোটকেন্দ্ৰত পুনৰ নতুনকৈ হোৱা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৮.১০ শতাংশ৷ ৪৪ টা ভোটকেন্দ্ৰৰ ভিতৰত আছিল হাইলাকান্দিত ৩২ টা, শ্ৰীভূমিত ৮ টা, লখিমপুৰত ২ টা, গোলাঘাট আৰু মাজুলীত এটাকৈ ভোটকেন্দ্ৰ৷ 
 
আনহাতে ৭ মে'ত দ্বিতীয় পৰ্যায়ত অসমৰ ১৩ খন জিলা ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ 
 
অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৯.২৩ শতাংশ৷ দ্বিতীয় পৰ্যায়ত ভোটাৰৰ সংখ্যা আছিল ৯১,৩১,১২৭ গৰাকী৷ ইয়াৰে ৪৬,৩০,৯২৪ জন পুৰুষ ভোটাৰ আৰু ৪৪,৯৯,৯৫২ গৰাকী মহিলা ভোটাৰ৷ অন্যান্য ২৫১ গৰাকী ভোটাৰ৷ 
 
আনহাতে মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা আছিল ১২,১৩০ টা৷ প্ৰতিদ্বন্দ্বিতা কৰা ২৯,৬০৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী ৪৯৫ গৰাকী, আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী ২,৩৮৮ গৰাকী, গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী ২৬৭২৫ গৰাকী৷ 
 
আনহাতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা প্ৰাৰ্থী সংখ্যা হৈছে ১২৮৯ গৰাকী৷ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাসকলৰ ভিতৰত ২১ জন জিলা পৰিষদৰ সদস্য, ১৫১ জন আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ১,১১৭ জন গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য৷