২১ ডিচেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ স্কীল টেষ্ট

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ স্কীল টেষ্ট অহা ২১ ডিচেম্বৰত অনুষ্ঠিত হ'ব। ৰাজ্যৰ মুঠ ২৬,৬০০ প্রার্থী অৱতীৰ্ণ হ'ব স্কীল টেষ্টত। ৰাজ্য চৰকাৰৰ এক সূত্ৰই এই কথা ঘোষণা কৰিছে। 
 
উল্লেখযোগ্য যে তৃতীয় বৰ্গৰ ১৩,৩০০ পদৰ বাবে যোৱা ২ আগষ্টত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা। যোৱা ৬ নৱেম্বৰত ঘোষণা কৰিছিল লিখিত পৰীক্ষাৰ ফলাফল। 
 
ৰাজ্যৰ প্ৰায় ৯ লাখ প্রার্থী অৱতীৰ্ণ হৈছিল লিখিত পৰীক্ষাত। প্ৰতিটো পদৰ বিপৰীতে দুজনকৈ প্রার্থী লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। সেই হিচাপত ১৩,৩০০ পদৰ বাবে অহা ২১ ডিচেম্বৰত অৱতীৰ্ণ হ'ব ২৬,৬০০ গৰাকী প্রার্থী।