মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত চহৰ হিচাপে পৰিগণিত উত্তৰ-পূবৰ তিনি ৰাজ্য

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
দেশত নিতৌ মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈ থকাৰ মাজতেই ক'হিমা, আইজল, ইটানগৰ, গেংটক, বিশাখাপট্টনম, ভুৱনেশ্বৰ আৰু মুম্বাই মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত চহৰ হিচাপে পৰিগণিত হৈছে। 
 
চলিত বৰ্ষৰ বাবে প্রস্তুত কৰা মহিলাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় প্রতিবেদন আৰু সূচকাংক অনুসৰি পাটনা, জয়পুৰ, ফৰিদাবাদ, নতুন দিল্লী, কলকাতা, শ্রীনগৰ আৰু ৰাঁচী মহিলাৰ বাবে আটাইতকৈ বিপজ্জনক চহৰ। 
 
আজি প্রকাশিত এই প্রতিবেদনখন দেশৰ একত্ৰিশখন চহৰৰ প্ৰায় ১৩ হেজাৰ মহিলাৰ মতামতৰ ভিত্তিত প্রস্তুত কৰা হৈছে।
 
মহিলাৰ বাবে সুৰক্ষিত চহৰসমূহত লিংগ সমতা, নাগৰিকৰ অংশগ্রহণ আৰু মহিলাৰ উপযোগী আন্তঃগাঁথনি তথা নীতি আদি আন চহৰবোৰতকৈ যথেষ্ট উন্নত বুলিও প্রতিবেদনখনত প্রকাশ কৰা হৈছে।