ভাৰতৰ সামৰিক দক্ষতা শক্তিশালী কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ : ৰাজনাথ সিং

Story by  atv | Posted by  [email protected] • 2 Years ago
ভাৰতৰ সামৰিক দক্ষতা শক্তিশালী কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ : ৰাজনাথ সিং
ভাৰতৰ সামৰিক দক্ষতা শক্তিশালী কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ : ৰাজনাথ সিং
গুৱাহাটী
 
সশস্ত্ৰ বাহিনীৰ বীৰত্বপূৰ্ণ কাম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা সাহসিক সিদ্ধান্তৰ বাবে ভাৰতৰ আন্তৰ্জাতিক ভাৱমূৰ্তি সম্পূৰ্ণূপে পৰিৱৰ্তন হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে।
 
 
অসমৰ তেজপুৰত সশস্ত্ৰ বাহিনীৰ জোৱানসকলক সম্বোধন কৰি তেওঁ সীমান্তত নিয়োজিত জোৱান সকলৰ নিষ্ঠা আৰু ত্যাগ, সাহসেৰে দেশৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰে বুলি মন্তব্য কৰি প্ৰশংসা কৰে।
 
ৰাজনাথ সিঙে কয় যে, ২০১৪ চনত ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা ভাৰতৰ সামৰিক দক্ষতা শক্তিশালী কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ, য’ত ‘আত্মনিৰ্ভৰ’ প্ৰতিৰক্ষা উদ্যোগৰ জৰিয়তে সেৱাসমূহক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলিৰে সজ্জিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
 
চৰকাৰৰ প্ৰচেষ্টাৰ ফলত জাতিটোক সকলো ধৰণৰ ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম এক শক্তিশালী সামৰিক বাহিনী গঠন হোৱাটো ৰক্ষামন্ত্ৰীয়ে শলাগ লয়।
সময়ে সময়ে শক্তি আৰু সাহস প্ৰদৰ্শন কৰি জনসাধাৰণৰ মাজত জাতীয় গৌৰৱ আৰু দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ বাবে তেওঁ সশস্ত্ৰ বাহিনীৰ প্ৰশংসা কৰে।
 
তেওঁ লগতে কয় যে সামৰিক বাহিনীয়ে হৈছে একমাত্ৰ য’ত কোনো ধৰণৰ ধৰ্ম, ক’লা-বগা, ভেদ ভাব নাথাকে থাকে কেৱল দেশপ্ৰেম।
উল্লেখ্য যে দেশ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে দুদিনীয়া অসম-অৰুণাচল ভ্ৰমণসূচীৰে সন্ধিয়া ডিব্ৰুগড় উপস্থিত হৈছিল। নিশাটো ডিব্ৰুগড়ত কটাই আজি পুৱা তেজপুৰলৈ ৰাওনা হয় আৰু তাৰ পিছত অৰুণাচল প্ৰদেশৰ ডিবাং ভেলী পৰিদৰ্শন কৰে।
 
প্ৰতিৰক্ষা মন্ত্ৰীৰ অসম আৰু অৰুণাচল ভ্ৰমণৰ ওপৰত সূক্ষ্ম দৃষ্টি ৰাখিছে চুবুৰীয়া ৰাষ্ট্ৰ চীনে।