গুৱাহাটী
কাছাৰ জিলাৰ ৰামপ্ৰসাদপুৰ গাঁৱত সংঘটিত হৈছে ঘৰুৱা বিবাদৰ ভয়ংকৰ ঘটনা। ঘৰুৱা হিংসাৰ ফলত এজন লোকে নিজৰ পত্নীক নৃশংস ভাৱে আক্ৰমণ কৰি শিৰচ্ছেদ কৰে।
মীনা কল নামৰ যুৱতীগৰাকীৰ স্বামী ৰতন কলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। প্ৰাথমিক তথ্য অনুসৰি এটা সৰু বিষয়ক লৈ দম্পতীহালৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্ক হয়, যিয়ে পৰৱৰ্তী সময়ত অধিক তীব্রতৰ হৈ পৰে।
ক্ষোভত ৰতন কলে বাৰে বাৰে নিজৰ পত্নীক দাৰে আক্ৰমণ কৰে। পৰৱৰ্তী সময়ত ডিঙিত ঘপিয়াই শিৰচ্ছেদ কৰাৰ ফলত পত্নীৰ থিতাতে মৃত্যু হয়। এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ পিছত স্বামী ৰতনক তেজেৰে লুতুৰী-পুতুৰী হৈ থকা অৱস্থাত মৃতদেহটোৰ কাষত থিয় হৈ থকা অৱস্থাত প্রত্যক্ষদৰ্শীয়ে প্ৰত্যক্ষ কৰে।
চুবুৰীয়াই লগে লগে আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে অভিযুক্ত ৰতন কলক গ্ৰেপ্তাৰ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে, এই হত্যাকাণ্ডৰ সম্পূৰ্ণ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰক্ষীয়ে।