বোমাৰ ভাবুকি লাভ কৰাৰ পিছত থাইলেণ্ডত জৰুৰীকালীন অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমানৰ

Story by  atv | Posted by  Munni Begum • 21 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
থাইলেণ্ডৰ ফুকেট দ্বীপৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানে বিমানখনত বোমাৰ ভাবুকি লাভ কৰাৰ পিছত শুকুৰবাৰে জৰুৰী অৱতৰণৰ অনুৰোধ জনাইছিল বুলি ফুকেটৰ বিমানবন্দৰৰ বিষয়াসকলে প্ৰকাশ কৰিছে।
 
এজন বিষয়াই জনায় যে, এআই ৩৭৯ বিমানখন অৱতৰণ কৰা হৈছিল আৰু বিমানবন্দৰটোৱে জৰুৰীকালীন পৰিকল্পনাৰে আগবাঢ়িছে।
 
এয়াৰপৰ্টছ অৱ থাইলেণ্ডৰ এজন বিষয়াই জনোৱা মতে, জৰুৰীকালীন পৰিকল্পনা অনুসৰি বিমান এআই ৩৭৯ বিমানখনৰ পৰা যাত্ৰীসকলক এস্কৰ্ট কৰা হৈছিল।
 
পিছত খবৰ আহিল যে প্ৰাথমিক অনুসন্ধানৰ অন্তত সংশ্লিষ্ট এয়াৰ ইণ্ডিয়া বিমানখনৰ ভিতৰত কৰ্তৃপক্ষই কোনো বোমা পোৱা নাই। বিমানখনত ১৫৬ জন যাত্ৰী আছিল আৰু বিমানখনত বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰা বুলি জানিব পৰা গৈছে। 
 
শুকুৰবাৰে পুৱা ৯:৩০ বজাত (০২৩০) ভাৰতৰ ৰাজধানীলৈ ফুকেট বিমানবন্দৰৰ পৰা উৰা মাৰে যদিও আন্দামান সাগৰৰ চাৰিওফালে বহল লুপ কৰি পুনৰ থাইলেণ্ড দ্বীপত অৱতৰণ কৰে বুলি ফ্লাইট ট্ৰেকাৰ ফ্লাইট্ৰাডাৰ২৪য়ে প্ৰকাশ কৰিছে। 
 
এতিয়ালৈ বোমা বিস্ফোৰণৰ ভাবুকি সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই এ অ’ টিয়ে।  


শেহতীয়া খবৰ