স্বাধীনতাৰ পিছত প্ৰথমবাৰ পশ্চিমবংগত সৰ্বাধিক ভোটদান; শলাগ লৈছে নিৰ্বাচন আয়োগে

Story by  atv | Posted by  [email protected] • 2 h ago
স্বাধীনতাৰ পিছত প্ৰথমবাৰ পশ্চিমবংগত সৰ্বাধিক ভোটদান
স্বাধীনতাৰ পিছত প্ৰথমবাৰ পশ্চিমবংগত সৰ্বাধিক ভোটদান
 
নতুন দিল্লী
 
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ হাৰে ইতিহাস সৃষ্টি কৰিলে। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো হিলদল ভাঙি ভোটদানৰ বাবে ভোটাৰসকল ওলাই আহিল। পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়া মনোজ আগৰৱালাই বুধবাৰে জনোৱা মতে ৰাজ্যখনত দুয়োটা পৰ্যায় মিলি ভোটদানৰ হাৰ হৈছে ৯২.৪৭ শতাংশ। গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত এই ধৰণৰ আশ্চৰ্যজনক অংশগ্ৰহণৰ তেওঁ প্ৰশংসা কৰে।
 
ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পশ্চিমবংগত (দ্বিতীয় পৰ্যায়) নিশা ৭:৪৫ বজালৈকে ভোটদানৰ হাৰ আছিল ৯১.৬৬ শতাংশ। ২৩ এপ্ৰিলত অনুষ্ঠিত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৯৩.১৯ শতাংশ।
 
সংবাদমেল সম্বোধন কৰি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে ভোটগ্ৰহণ প্ৰক্ৰিয়াত ঐতিহাসিক অংশগ্ৰহণৰ সাক্ষী হৈছে কলকাতা। মনোজ আগৰৱালাই কয় যে তেওঁ ভোটদান কৰা কেন্দ্ৰটোত ৮০ শতাংশতকৈও অধিক ভোটদান হৈছে, যি ঐতিহাসিক হিচাপে গণ্য কৰা হৈছে। তেওঁ লগতে কয়, "৮ খন জিলাৰ ১৪২ টা বিধানসভা সমষ্টিত আজি ভোটগ্ৰহণ আছিল : কলকাতা দক্ষিণ, কলকাতা উত্তৰ, দক্ষিণ ২৪ পৰগনা, উত্তৰ ২৪ পৰগনা, হাওৰা, হুগলী, নাদিয়া আৰু পূৰ্ব বৰ্ধমান । মুঠ ভোটকেন্দ্ৰ আছিল ৪১,০০১ টা।"
 
তেওঁ কয়, "তদুপৰি মাত্ৰ সৰু সৰু ঘটনাৰ সৈতে ভোটগ্ৰহণ বহুলাংশে শান্তিপূৰ্ণ আছিল, কোনো ডাঙৰ সমস্যা নাছিল। কলকাতাত ভোটাৰৰ ঐতিহাসিক অংশগ্ৰহণ দেখা গৈছে। মই ভোট দিবলৈ যোৱা ভোটকেন্দ্ৰটোত আমাৰ বিএলঅ'য়ে উল্লেখ কৰিছে যে তেওঁলোকে ১২ বছৰ ধৰি কাম কৰি আহিছে আৰু এই কেন্দ্ৰত কেতিয়াও ৫০ শতাংশতকৈ অধিক ভোটদান দেখা নাই, কিন্তু আজি ই ৮০ শতাংশ অতিক্ৰম কৰিছে। মই ১০ টা ভোটকেন্দ্ৰ পৰিদৰ্শন কৰিলোঁ। আলিপুৰৰ এটা কেন্দ্ৰত ভোটদানৰ হাৰ ৯৫ শতাংশৰ ওপৰত আছিল।"
 
তেওঁ উল্লেখ কৰা মতে পূৰ্বে ভোটগ্ৰহণত অংশগ্ৰহণ নকৰা বহু ভোটাৰে ইয়াক উৎসৱ হিচাপে গণ্য কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিছে। সমগ্ৰ ৰাজ্যতে বিশেষকৈ গ্ৰামাঞ্চলত ভোটাদানৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰশংসা কৰে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে।
 
তেওঁ কয়, "আমি দেখিছিলো যে বহু ভোটকেন্দ্ৰত পূৰ্বে ভোটদান নকৰা এটা নিৰ্দিষ্ট শ্ৰেণীৰ লোক এইবাৰ ভোট দিবলৈ ওলাই আহিছে । ভাৰতীয় নিৰ্বাচন আয়োগে বহুদিন প্ৰচাৰ চলাইছিল যে ভোটদানৰ দিনটো এটা উৎসৱৰ দৰে। ভোটদানৰ হাৰ যিমানেই বেছি হ'ব সিমানেই প্ৰতিনিধি চৰকাৰখন ভাল হ'ব। বস্তি অঞ্চলত য'ত পূৰ্বে ভোটদানৰ হাৰ কম আছিল, তাত বৃদ্ধি পাইছে। সমগ্ৰ ৰাজ্যতে এইবাৰ ভোটদানৰ হাৰ ঐতিহাসিক হৈ পৰিছে, যাক সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হিচাপে দেখা গৈছে।"
 
লক্ষণীয়ভাৱে স্বাধীনতাৰ পিছত এইবাৰ পশ্চিমবংগত ভোটদানৰ হাৰ সৰ্বাধিক হৈছে। য'ত মহিলা ভোটাৰৰ অংশগ্ৰহণ যথেষ্ট দেখা গৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰ ৯২.২৮ শতাংশ মহিলাই ভোটাধিকাৰ সাব্যস্ত কৰিছে। ইয়াৰ বিপৰীতে পুৰুষৰ হাৰ ৯১.০৭ শতাংশ।