গুৱাহাটী
অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ সদৰ চেপাৰ সমীপত শনিবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত অসমৰ পাঁচজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন লোক গুৰুতৰভাৱে আহত হয়৷ আহত লোকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ চেপা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, বলেৰ’ বাহনখন পাহাৰৰ পৰা বাগৰি বহু তলত পৰি যায়।
পূব কামেং জিলাৰ আৰক্ষী অধীক্ষক শুভেন্দু ভূষণে দুৰ্ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে কয় যে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
প্ৰাথমিক তথ্য অনুসৰি, নিহত লোককেইজন লখিমপুৰ জিলাৰ নাওবৈচাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অৱশ্যে, মৃত লোককেইজনৰ পৰিচয় এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই। দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
ইফালে আহত ব্যক্তিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু চিকিৎসকে তেওঁৰ চিকিৎসা অব্যাহত ৰাখিছে। এই দুৰ্ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । আৰক্ষীয়ে মৃতদেহসমূহ উদ্ধাৰ কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিছে।