গুৱাহাটী
NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আৰু তদানীন্তন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অসমত যি আন্দোলন চলিছিল আৰু সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত যিসমূহ গোচৰ আৰক্ষীয়ে পঞ্জীয়ন কৰিছিল সেই সকলোবিলাক প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ গৃহ বিভাগে৷
কেৱল গোচৰ প্ৰত্যাহাৰেই নহয়, এই আন্দোলনত গ্ৰেপ্তাৰ হোৱা ১৩ জন লোককো অসম চৰকাৰে মুকলি কৰি দিব৷ ৰাজ্যৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে সোমবাৰে নিশা এই নিৰ্দেশনা জাৰি কৰিছে৷
এই প্ৰসংগত ৰাজ্যৰ গৃহ বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত এনেদৰে কোৱা হয়- "২৬ জুলাই সন্ধিয়া ৬ বজালৈকে নীট ইউ জি পৰীক্ষাত সংঘটিত হোৱা কথিত অনিয়মৰ সৈতে জড়িত প্ৰতিবাদৰ সন্দৰ্ভত অসমত মুঠ পাঁচটা গোচৰ ৰুজু হৈছিল যাৰ ফলত ১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।"
বিবৃতিটোত আৰু কোৱা হয় যে উক্ত প্ৰতিবাদত জড়িত কোনো ব্যক্তিৰ বিৰুদ্ধে ৰাজ্যৰ ভিতৰৰ কোনো আৰক্ষী কৰ্তৃপক্ষই আৰু কোনো বিৰূপ আইনী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব।
একেদৰে, তদন্ত বা বিচাৰৰ প্ৰক্ৰিয়া যিয়েই নহওক কিয় পূৰ্বতে উল্লেখ কৰা গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ প্ৰক্ৰিয়া আইনৰ বিধান অনুসৰি তৎকালিনভাৱে আৰম্ভ কৰা হ'ব বুলিও বিবৃতিটোত কোৱা হয় ৷ তেনেদৰে, ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ব্যক্তিসকলক তাৎক্ষণিকভাৱে মুক্তি দি এই বিষয়টো বন্ধ কৰা হ'ব বুলি প্ৰকাশ কৰা হয় বিবৃতিটোত ৷
উল্লেখযোগ্য যে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ প্ৰত্যাহাৰ নকৰিলে পুনৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ব বুলি ক’কৰোচ্ছ জনতা পাৰ্টী (চিজেপি) এ চৰকাৰক সকীয়নী দিছিল৷