৪২ হাজাৰ টন এলপিজি লৈ গুজৰাটত উপস্থিত 'জগ বসন্ত' টেংকাৰ

Story by  atv | Posted by  [email protected] • 3 h ago
৪২ হাজাৰ টন এলপিজি লৈ গুজৰাটত উপস্থিত 'জগ বসন্ত' টেংকাৰ
৪২ হাজাৰ টন এলপিজি লৈ গুজৰাটত উপস্থিত 'জগ বসন্ত' টেংকাৰ
 
নতুন দিল্লী
 
ক্ৰমবৰ্ধিত ভূৰাজনৈতিক অস্থিৰতাৰ মাজতে ভাৰতৰ বাবে এক সকাহৰ খবৰ। ৪২ হাজাৰ মেট্ৰিক টনতকৈও অধিক এলপিজি গৈছ লৈ সফলতাৰে গুজৰাটৰ কাণ্ডলা বন্দৰত উপস্থিত হৈছে এলপিজি টেংকাৰ 'জগ বসন্ত' (Jag Vasant)। এই টেংকাৰখন এনে এক সময়ত আহি ভাৰতত উপস্থিত হৈছে, যিটো সময়ত সমগ্ৰ বিশ্বজুৰি যুদ্ধ পৰিস্থিতিৰ বাবে ইন্ধন যোগানৰ লৈ তীব্ৰ অনিশ্চয়তাৰ পৰিস্থিতি সৃষ্টি হৈছে।
 
হৰমুজ প্ৰণালীৰে 'জগ বসন্ত'ৰ এই যাত্ৰা কৌশলগত কাৰণতে বহুত প্ৰত্যাহ্বানমূলক আছিল। কিয়নো এই জাহাজখন বিশ্বৰ আটাইতকৈ সংবেদনশীল সাগৰীয় পথ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ ভাৰতত উপস্থিত হৈছে।ইৰান-আমেৰিকা-ইজৰাইলৰ মাজত চলি থকা যুদ্ধই ইতিমধ্যে ২৯ দিনত ভৰি দিছে।
 
ইয়াৰ মাজতে বহু দেশৰ বাবে এই জলপথেৰে জাহাজৰ যাতায়াত বন্ধ হৈ আছে বা অসুৰক্ষিত । কিন্তু ইৰাণৰ পৰা ভাৰতে লাভ কৰা বিশেষ অনুমতিৰ বাবে এই টেংকাৰখনে সুৰক্ষিতভাৱে পাৰ হৈ আহিবলৈ সক্ষম হৈছে । ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজৰ নিৰীক্ষণত এই জাহাজখনে নিজৰ যাত্ৰা সম্পূৰ্ণ কৰে।
 
কাণ্ডলা বন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, গেছৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি 'জগ বসন্ত'ৰ পৰা এলপিজি নমাবৰ বাবে 'মিড ছী ট্ৰেন্সফাৰ' প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। এই প্ৰক্ৰিয়াত সাগৰৰ মাজতে ডাঙৰ জাহাজৰ পৰা ক্ষুদ্ৰ টেংকাৰ বা বন্দৰৰ পাইপলাইন কেন্দ্ৰলৈ গেছ সৰবৰাহ কৰা হয় । ইয়াৰ ফলত কেৱল সময় ৰাহি হোৱাই নহয়, গেছৰ আনলোডিং প্ৰক্ৰিয়াও যথেষ্ট দ্ৰুত হয় । ইয়াৰ ফলত ঘৰুৱা বজাৰলৈ গেছৰ যোগান সোনকালে আৰম্ভ কৰিব পৰা যায়।
 
উল্লেখযোগ্য যে, ইৰান-আমেৰিকা-ইজৰাইল সংকটৰ মাজতো ভাৰতে নিজৰ শক্তি প্ৰয়োজনীয়তা পূৰণ কৰাত সফল হৈ আহিছে । 'জগ বসন্ত'ৰ পূৰ্বেই কেইবাখনো গুৰুত্বপূৰ্ণ জাহাজে আহি ভাৰতীয় বন্দৰত লংগৰ পেলাইছে।
 
এমটি শিৱালিক : ১৬ মাৰ্চত মুণ্ড্ৰা বন্দৰত উপস্থিত হয়।
 
এমটি নন্দা দেৱী : ১৭ মাৰ্চত এলপিজি লৈ কাণ্ডলাত উপস্থিত হয়।
 
জগ লাড়কী : ১৮ মাৰ্চত ৮১ হাজাৰ খাৰুৱা তেল লৈ মুণ্ড্ৰাত উপস্থিত হয়।
 
শ্বেনলং : ১১ মাৰ্চত চৌদি আৰবৰ পৰা খাৰুৱা তেল লৈ মুণ্ড্ৰাত উপস্থিত হয়।
 
ইৰানৰ সৈতে চলি থকা উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে দিয়া শেহতীয়া বিবৃতিও অৱশ্যে সকাহপূৰ্ণ। ট্ৰাম্পে কয় যে আগন্তুক ১০ দিনলৈ ইৰাণৰ শক্তি কেন্দ্ৰসমূহত কোনো ধৰণৰ আক্ৰমণ কৰা নহ'ব। ইয়াৰ মাজতে ভাৰতে আবদ্ধ হৈ থকা টেংকাৰসমূহ দ্ৰুততাৰে দেশলৈ আনিবলৈ চেষ্টা কৰি আছে । কাণ্ডলা বন্দৰৰ দৰে শক্তি কেন্দ্ৰসমূহত এই জাহাজসমূহ আহি উপস্থিত হোৱাটোৱে আগন্তুক দিনত ঘৰুৱা এলপিজিৰ মূল্য আৰু উপলব্ধতাত স্থিৰতা আনিব বুলি সম্পূৰ্ণ আশা আছে।