মুছলিম ভগ্নীসকলৰ বাবে কৰা ন্যায়ৰ প্ৰতীক হৈ ৰ'ব পুৰণি সংসদ ভৱন, প্ৰধানমন্ত্ৰী মোডীৰ অন্তিম ভাষণ

Story by  atv | Posted by  Munni Begum • 1 Years ago
 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
 
নতুন দিল্লী 
 
মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনি তালাকৰ বিৰুদ্ধে বিধেয়ক গৃহীত কৰা, ৩৭০ অনুচ্ছেদ বাতিল কৰা, ৩৭৭ অনুচ্ছেদক অপৰাধমুক্ত কৰাকে ধৰি পুৰণি সংসদ ভৱনৰ মূল মুহূৰ্তসমূহৰ কথা উল্লেখ কৰে।  
 
নতুন ভৱনলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে কেন্দ্ৰীয় হলত সাংসদসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আজি আমি নতুন সংসদ ভৱনলৈ যোৱাৰ লগে লগে নতুন ভৱিষ্যতৰ 'শ্ৰী গণেশ' কৰিবলৈ গৈ আছো। ১৯৪৭ চনত ব্ৰিটিছে ক্ষমতা হস্তান্তৰ কৰিছিল। আমাৰ কেন্দ্ৰীয় হলটো সেই ঐতিহাসিক মুহূৰ্তটোৰ সাক্ষী।" 
 
তেওঁ লগতে কয়, "এতিয়ালৈকে লোকসভা আৰু ৰাজ্যসভাই ৪ হাজাৰৰো অধিক আইন গৃহীত কৰিছে। প্ৰয়োজন সাপেক্ষে বিধেয়ক গৃহীত কৰাৰ কৌশল বাহিৰ কৰিবলৈ যৌথ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। এই সংসদেই আমাক আমাৰ ভুল শুধৰণি কৰিবলৈ সুযোগ দিছিল আৰু আমি তিনি তালাকৰ বিৰুদ্ধে আইন গৃহীত কৰিছিলো।"      
 
তিনি তালাক আইন সন্দৰ্ভত ভাষণ দি মোদীয়ে কয় যে, "এই সংসদৰ বাবেই মুছলমান মাতৃ-ভগ্নীসকলে ন্যায় লাভ কৰিছে। যোৱা কেইবছৰমানৰ পৰা ইয়াৰ পৰাই 'তিনি তালাক'ৰ বিৰুদ্ধে আইন একত্ৰিতভাৱে গৃহীত হৈছিল।"
 
তেওঁ লগতে কয় যে সংসদে তৃতীয় লিংগৰ সকলক ন্যায় প্ৰদান কৰাৰ বাবেও আইন গৃহীত কৰিছিল।প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণত "ভাৰতীয় আকাংক্ষা"ৰ ওপৰত উল্লেখযোগ্য গুৰুত্ব আৰোপ কৰি কয় যে ই আমাৰ দায়িত্ব আৰু প্ৰতিজন ভাৰতীয়ৰ আশা।  
 
তেওঁ কয়, "আমি ভৱিষ্যতৰ বাবে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব লাগিব। আমি নিজকে কেৱল ৰাজনৈতিক লাভালাভৰ কথা চিন্তা কৰাত সীমাবদ্ধ ৰাখিব নোৱাৰো, আমি ইয়াৰ ওপৰত গুৰুত্ব দিয়া উচিত। চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত আমাৰ যুৱক-যুৱতীসকল বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডৰ দ্বাৰা অনুপ্ৰাণিত হৈছে।"