ত্ৰিপুৰা পৌৰ নিৰ্বাচনৰ ভোট গণনা, চাৰিটা সমষ্টিত বিজেপি আগবাঢ়ি আছে

Story by  atv | Posted by  Munni Begum • 2 Years ago
ত্ৰিপুৰা পৌৰ নিৰ্বাচনৰ ভোট গণনা
ত্ৰিপুৰা পৌৰ নিৰ্বাচনৰ ভোট গণনা
গুৱাহাটী
 
কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে দেওবাৰে ত্ৰিপুৰাত ২০০ তকৈও অধিক পৌৰ সমষ্টিৰ  আসনৰ ভোট গণনা আৰম্ভ হয়। বৃহস্পতিবাৰে ত্ৰিপুৰাত ভোটগ্ৰহণৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি তিনি স্তৰৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।  ত্ৰিপুৰা ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে, আম্বাচা, জিৰানিয়া, তেলিয়ামুৰা আৰু চাব্ৰুমত বিজেপি আগবাঢ়ি আছে। 
 
ত্ৰিপুৰাৰ আগৰতলা পৌৰ নিগম (এএমচি) আৰু অন্যান্য পৌৰ সমষ্টিৰ ২০০ তকৈও অধিক আসনত ভোট গণনা চলি আছে। ২৫ নৱেম্বৰত (বৃহস্পতিবাৰে) মুঠ ৩৩৪ খন আসনৰ ভিতৰত ২২২ খন আসনৰ বাবে পৌৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।  বাকী ১১২ খন আসন শাসকীয় বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছিল।  
 
ৰাজ্যখনৰ ১৩ টা গণনা কেন্দ্ৰত ছয়খন নগৰ পঞ্চায়ত, সাতখন পৌৰ পৰিষদ আৰু আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ভোট গণনা চলি আছে।  আম্বাচা, জিৰানিয়া, তেলিয়ামুৰা আৰু চাব্ৰুমত বিজেপি আগবাঢ়ি আছে