উত্তাল বিহাৰৰ ৰাজনীতি; নীতিশ কুমাৰে এৰিব বিজেপিৰ সংগ

Story by  atv | Posted by  [email protected] • 1 Years ago
নীতিশ কুমাৰে এৰিব বিজেপিৰ সংগ
নীতিশ কুমাৰে এৰিব বিজেপিৰ সংগ
নতুন দিল্লী
 
মিত্র দল জে ডি (ইউ) আৰু বিজেপিৰ মাজত চলি অহা সংঘাতে তীব্র ৰূপ ধাৰণ কৰাত বিহাৰৰ নীতিশ কুমাৰ নেতৃত্বাধীন এন ডি এ মৰ্চা চৰকাৰখনৰ পতন আসন্ন হৈ পৰিছে। উত্তাল হৈ পৰিছে বিহাৰৰ ৰাজনীতি।
 
 
জে ডি (ইউ)ৰ সভাপতি ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিঙে নিজেই স্পষ্টভাবেই কৈছে— ২০২০ চনত বিহাৰৰ এল জে পি দলটোক দুচেও কৰাৰ দৰেই বিজেপিয়ে জেডি (ইউ)ক দুভাগ কৰিবলৈ চক্ৰান্ত কৰিছে। মিত্ৰ দলটোৰ কাৰ্যকলাপৰ বাবেই এতিয়া একপ্ৰকাৰে অতিষ্ঠ হৈ পৰিছে জে ডি (ইউ)ৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। বিজেপিৰ বিকল্প হিচাপে এতিয়া তেওঁ বিৰোধী পক্ষ কংগ্ৰেছ আৰু লালু প্রসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ নেতৃত্বাধীন আৰ জে ডিৰ সমৰ্থন লৈ নতুন চৰকাৰ গঠনৰ বাবে তৎপৰ হৈ পৰিছে। 
 
তেজস্বী যাদৱৰ লগত এক গোপন বুজাবুজিত উপনীত হোৱা নীতিশ কুমাৰে দেওবাৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ লগত ফোনত কথা পতাৰ পিচতে বিহাৰত চৰকাৰ সলনি আসন্ন বুলি বিভিন্ন মহলে ধাৰণা কৰিছে। কেৱল এয়ে নহয় জে ডি ইউয়ে পাৰ্টনাত দলৰ এখন বিধায়িনী দলৰ বৈঠক মঙলবাৰে আহ্বান জনাইছে। সেয়ে মাতি পঠিওৱা হৈছে দিল্লীত থকা সাংসদসকলক। এই বৈঠকত দলৰ বিধায়ক আৰু বিধান পৰিষদৰ সদস্যসকলকো পাটনাত উপস্থিত থাকিবলৈকো নিৰ্দেশ দিয়া হৈছে। 
 
কিন্তু নীতিশ কুমাৰে মিত্ৰ দলৰ সলনি কংগ্ৰেছ আৰু আৰ জে ডিৰ সমৰ্থনত নতুন চৰকাৰ গঠন কৰিবলৈ লোৱাটো ভবামতে সহজ নহ'ব বুলিও বিভিন্ন মহলে আশংকা ব্যক্ত কৰিছে। জে ডি (ইউ)ৰ সভাপতি লালন সিঙে আশংকা কৰাৰ দৰেই তেওঁৰ দলৰ বহুকেইজন বিধায়কে গোপনে এতিয়া বিজেপিৰ পক্ষ লৈছে বুলিও সন্দেহ কৰা হৈছে। তদুপৰি আৰ জে ডিৰ একাংশ বিধায়কো বিজেপিৰ পক্ষত থকা বুলি বিভিন্ন মহলে সন্দেহ কৰিছে। কাৰণ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিহাৰৰ ৮টা ভোটৰ ভ্ৰছ ভোটিং হৈছিল আৰু এইকেইজন আর জে ডিৰ বিধায়ক বুলি সন্দেহ কৰা হৈছে। 
এনেস্থলত বিজেপিয়ে দীর্ঘদিন ধৰি বিহাৰত নীতিশ কুমাৰৰ সংগ এৰি নিজ দলৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ চলাই অহা তৎপৰতা প্ৰকট হৈছে। স্মৰণীয় যে নৰেন্দ্ৰ মোডীয়ে মন্ত্রীসভাৰ সভাত সম্প্রসারণ ঘটাই জেডি (ইউ)র সাংসদ আৰ চি পি সিঙক কেন্দ্রীয় মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰিছিল যদিও নীতিশ কুমাৰৰ সন্মতি নাছিল। শেহতীয়াকৈ দলে তেওঁক পুনৰ ৰাজ্যসভালৈ নির্বাচন নকৰিলে। তেওঁক লৈ নীতিশ কুমাৰৰ লগত বিজেপি নেতৃত্বৰ সংঘাত চলি আহিছিল। এদিন পূর্বে আৰু চি পি সিঙে দল ত্যাগ কৰি নীতিশ কুমাৰক সমালোচনা কৰিছে। 
 
পূৰ্বৰ তিনিখন বৈঠক এৰাই চলাৰ পিচত নীতিশ কুমাৰে দুদিন পূৰ্বে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত 'নিটি' আয়োগৰ শেহতীয়া বৈঠকো বৰ্জন কৰে। ইয়াৰ পূৰ্বে নতুন ৰাষ্ট্ৰপতি ভৱনৰ অনুষ্ঠানলৈ জনোৱা আমন্ত্ৰণ ৰক্ষা কৰা নাছিল। এনেদৰেই জে ডি ইউ আৰু বিজেপিৰ মাজৰ মিত্ৰতাৰ ব্যৱধান বৃদ্ধি পাই এতিয়া সংঘাত তুংগত উঠিছে। কিন্তু বিজেপিয়ে আন মিত্ৰ দলসমূহৰ সমৰ্থনত চৰকাৰ গঠন কৰিবলৈ চেষ্টা চলোৱাত পিচপৰি নাথাকিব। নীতিশ কুমাৰৰ বিৰুদ্ধে ৰাজহুৱাকৈ অভিযোগ উত্থাপন কৰি অহা বিহাৰ বিধান সভাৰ অধ্যক্ষ বিজয় কুমাৰ সিনহাৰ সহযোগত কেন্দ্ৰই নীতিশ কুমাৰক নতুন চৰকাৰ গঠনৰ সুযোগ নিদি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰ সম্ভাবনাও প্রবল। সাংবাদিকে আজি এই কথা আঙুলিয়াই দিয়াত জে ডি (ইউ) দলে কয় যে এতিয়াই দলে নতুন চৰকাৰ গঠনৰ কথা অস্বীকাৰ কৰে। 
আনহাতে আৰ জে ডিৰ মনোজ ঝাই কয় যে ৰাষ্ট্ৰপতি শাসনৰ সম্ভাৱনাক লৈ তেওঁলোকে চিন্তা কৰা নাই। উল্লেখনীয় যে বিহাৰ বিধানসভাত শাসনাধিষ্ঠিত বিজেপিৰ ৭৪, জে ডি (ইউ)ৰ ৪৩, ভি আই পিৰ ৪ আৰু এইচ ইউ এম দলৰ ৪ গৰাকী বিধায়ক আছে। ইয়াৰ বিপৰীতে বিৰোধী পক্ষৰ আৰ জে ডিৰ ৭৫, কংগ্ৰেছৰ ১৯. চি পি আই এম এলৰ ১২, চি পি আইৰ ২ আৰু চি পি এমৰ দুগৰাকী বিধায়ক আছে। বাওঁপন্থী দলকেইটায়ো শেহতীয়াকৈ নীতিশ কুমাৰৰ পক্ষ লোৱাত বিজেপিৰ বাবে নিজা বা বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰ গঠন কৰাটো সহজ নহ'ব। হিন্দুস্তানী আরাম মৰ্চা (এইচ এ এম) দলৰ নেতা জিতন ৰাম মাঝিয়েও বৰ্তমানৰ পৰিস্থিতিক লৈ মঙলবাৰে এখন সভা আহ্বান কৰিছে। আৰ জে ডিয়েও কাইলৈ বিধায়িনী দলৰ সভা আহ্বান কৰিছে আৰু দলটোৱে নীতিশ কুমাৰৰ যে পক্ষ ল'ব দেয়া প্রায় স্পষ্ট হৈ পৰিছে। 
 
এনে পৰিস্থিতিত শীঘ্ৰেই বিহাৰত ৰাজনৈতিক দৃশ্যপট যে সলনি হ'ব সেয়া প্রায় খাটাং। উল্লেখনীয় যে এফালে বিজেপিয়ে বিহাৰত পৰবৰ্তী নির্বাচনত এককভাবে যুঁজ দিব আৰু আঞ্চলিক শক্তিসমূহক উৎখাত কৰিব বুলি ঘোষণা কৰিছে। তদুপৰি ৰাজ্যখনত এতিয়া কেন্দ্ৰৰ অগ্নিপথ' আঁচনিক লৈ বিজেপিবিরোধী টো প্রবল। এনেস্থলত বিজেপিৰ লগত থকাটো যে ভবিষ্যতৰ বাবে সুৰক্ষিত নহয় সেয়া নীতিশ কুমাৰে বুজি উঠিছে।