১০ কোটি টকাৰ য়াবা টেবলেট জব্দ কৰিমগঞ্জ আৰু সীমান্ত আৰক্ষীৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
 য়াবা টেবলেট জব্দ
য়াবা টেবলেট জব্দ
গুৱাহাটী
 
ৰাজ্যৰ সকলো অভিলেখ ভংগ কৰি ১০ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰে কৰিমগঞ্জ আৰু সীমান্ত আৰক্ষীয়ে।  
 
ঘটনা সন্দৰ্ভত এক সূত্ৰই প্ৰকাশ কৰা মতে সীমান্ত সুৰক্ষা বাহিনীৰ পৰা  লাভ কৰা তথ্যৰ ভিত্তিত কৰিমগঞ্জ আৰু সীমান্ত আৰক্ষীয়ে এক যুটীয়া অভিযান চলায়। অভিযানকালত অভিযানকাৰী দলটোৱে কৰিমগঞ্জ জিলাৰ নিলাম বজাৰ থানা এলাকাৰ পূব বালিয়া গাঁৱৰ পৰা ২,৫৯,২০০ য়াবা টেবলেট জব্দ  কৰাৰ লগতে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ছামছুন নুৰ নামৰ এজন ব্যক্তিক আটক কৰে। উদ্ধাৰ কৰা টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা।
 
সীমা সুৰক্ষা বাহিনীয়ে এলেকাটোত তালাচী অভিযান চলাব যোৱাৰ পূৰ্বেই আৰক্ষীৰ আগমনৰ খবৰ লাভ কৰি সমাগ্ৰীখিনি ঠাইতে এৰি দুগৰাকী ব্যক্তিয়ে পলায়ন কৰে বুলি সূত্ৰটোৱে জনায়।
 
অভিযানকাৰী দলটোৱে কেইবা ঠাইত মাটি খান্দি নিচাজাতীয় টেবলেটখিনি জব্দ কৰিবলৈ সক্ষম হয়।